প্ৰসঙ্গ চেম্পিয়নছ ট্ৰফীঃ বিচিচিআইৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আফ্ৰিদীৰ, আইচিচিক জনালে এনে আহ্বান

চেম্পিয়নছ ট্ৰফীৰ বিতৰ্কৰ অন্ত পেলোৱাৰ উদ্দেশ্যে আজি এক বৈঠকৰ আয়োজন কৰিছে আইচিচিয়ে। এই বৈঠকত বিচিচিআই আৰু পিচিবিৰ মাজত চলি থকা বিবাদৰ বিষয়ে আলোচনা কৰা হ’ব। পিছে এই গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে বিচিচিআইক উদ্দেশ্যি তীব্ৰ মৌখিক আক্ৰমণ চলাইছে। বিচিচিআইৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে।

প্ৰসঙ্গ চেম্পিয়নছ ট্ৰফীঃ বিচিচিআইৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আফ্ৰিদীৰ, আইচিচিক জনালে এনে আহ্বান

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদী

Updated On: 

29 Nov 2024 14:26 PM

আগন্তুক চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি ক্ৰিকেট বিশ্বত সৃষ্টি হোৱা অনিশ্চয়তা আঁতৰ হোৱা নাই। বিচিচিআই আৰু পিচিবিৰ মাজত হোৱা সংঘাত অব্যাহত থকাৰ বাবে প্ৰতিযোগিতাখনৰ সূচীও এইপৰ্যন্ত ঘোষণা কৰিব পৰা হোৱা নাই। পাকিস্তানত আয়োজিত এই প্ৰতিযোগিতাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছৰে পৰা প্ৰতিযোগিতাখনৰ স্থান আৰু সময় সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ অৱসান ঘটাই সমাধানসূত্ৰ বাহিৰ কৰাৰ উদ্দেশ্যে আইচিচিয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

চেম্পিয়নছ ট্ৰফীৰ বিতৰ্কৰ অন্ত পেলোৱাৰ উদ্দেশ্যে আজি এক বৈঠকৰ আয়োজন কৰিছে আইচিচিয়ে। এই বৈঠকত দুয়োখন ব’ৰ্ডৰ মাজত চলি থকা বিবাদৰ বিষয়ে আলোচনা কৰা হ’ব। পিছে এই গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে বিচিচিআইক উদ্দেশ্যি তীব্ৰ মৌখিক আক্ৰমণ চলাইছে। বিচিচিআইয়ে ক্ৰীড়া আৰু ৰাজনীতি একেলগ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে শ্বাহিদ আফ্ৰিদীয়ে।

আফ্ৰিদীৰ মতে বিচিচিআইৰ এনে কাৰ্যৰ বাবেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এক চিন্তনীয় পৰিস্থিতিত উপনীত হৈছে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে লগতে হাইব্ৰিড মডেলৰ বিৰুদ্ধে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে গ্ৰহণ কৰা সিদ্ধান্তকো সমৰ্থন কৰে। নিৰাপত্তাজনিত সমস্যা থকা স্বত্বেও মুম্বাইত ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান ক্ৰিকেট দলে পাঁচবাৰ ভাৰত ভ্ৰমণ কৰিছিল বুলি আঙুলিয়াই দিয়ে আফ্ৰিদীয়ে।

এই দিশসমূহৰ বিষয়ে দোহাৰি প্ৰাক্তন ক্ৰিকেটাৰগতাকীয়ে আইচিচিক পিচিবি আৰু বিচিচিআইৰ ক্ষেত্ৰত সমভাৱে বিবেচনা কৰি নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। ইতিপূৰ্বেও আফ্ৰিদীয়ে চেম্পিয়নছ ট্ৰফী বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিছুদিন পূৰ্বে এক টুইট যোগে আফ্ৰিদীয়ে এই সময়ত বিভেদৰ কথা পাহৰি ক্ৰীড়াৰ স্বাৰ্থত একত্ৰিত হ’ব লাগে বুলি বিচিচিআইক পৰোক্ষাভাৱে আহ্বান জনাইছিল।

ঐতিহাসিক কাৰণত বিভক্ত দেশবোৰ যদি অলিম্পিকৰ স্বাৰ্থত একত্ৰিত হ’ব পাৰে, তেন্তে ক্ৰিকেট আৰু চেম্পিয়নছ ট্ৰফীৰ বাবেও একে কাম কিয় কৰিব নোৱাৰি বুলি ভাতৃত্ববোধৰ পোষকতা কৰিছিল আফ্ৰিদীয়ে। তেওঁ লগতে এই টুইটটোত ‘ক্ৰিকেটৰ পৃষ্ঠপোষক হিচাপে অহং ভাৱ নিয়ন্ত্ৰণ কৰি ক্ৰিকেটৰ উন্নয়নত মনোনিৱেশ কৰাটো আমাৰ দায়িত্ব’ বুলি আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

ইফালে চলিত বিতৰ্কৰ মাজতে পিচিবিয়ে ভাৰত অবিহনে চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বুলি পাকিস্তানৰ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে। প্ৰতিবেদন মতে আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পূৰ্বে ইতিমধ্যে পিচিবিয়ে প্ৰতিযোগিতাখনৰ বাবে হাইব্ৰিড মডেল গ্ৰহণ নকৰে বুলি আইচিচিক জানিবলৈ দিছে।

ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...