প্ৰদৰ্শনত বিফল নে আন কিবা! অধিনায়ক সলনি কৰি তত পোৱা নাই পাকিস্তানে, পুনৰ দায়িত্বলৈ ঘূৰিল আফ্ৰিদী
মহম্মদ ৰিজৱানক এদিনীয়া দলৰ অধিনায়কৰ পদৰ পৰা অপসাৰিত কৰি আফ্ৰিদীক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অৱশ্যে প্ৰদৰ্শনৰ ব্যৰ্থতা নে আন কোনো কাৰণত এইদৰে পাকিস্তানৰ এদিনীয়া দলৰ নেতৃত্বৰ এই পৰিৱৰ্তন কৰা হৈছে, সেয়া এতিয়াও প্ৰকাশ হোৱা নাই।

পুনৰ সলনি হ’ল পাকিস্তানৰ অধিনায়ক
ক্ৰিকেট বিশ্বত সম্প্ৰতি পূৰ্বৰ সেই দপদপনি নাই পাকিস্তানৰ। মাজে-সময়ে সাময়িক সফলতাৰ মুখ দেখিলেও পিছে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে বৰ্তমান পাকিস্তানৰ অৱস্থা ঠিক নহয় বুলিব পাৰি। প্ৰদৰ্শনৰ ব্যৰ্থতাৰ মাজতে পাকিস্তান ক্ৰিকেটত দেখা গৈছে আন এক পৰিৱৰ্তন। পুনৰ সলনি হৈছে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক। এইবাৰ নতুন অধিনায়ক হিচাপে পুনৰ দায়িত্বলৈ উভতিছে আফ্ৰিদী। আনহাতে অধিনায়ক পদ হেৰুৱাইছে মহম্মদ ৰিজৱানে।
শেহতীয়াকৈ ইছলামবাগত বাছনি সমিতি আৰু দলৰ সীমিত অভাৰৰ ফৰ্মেটৰ প্ৰশিক্ষক মাইক হেছনৰ মাজত সম্পন্ন হয় এক বৈঠক। এই বৈঠকৰ পিছতে পিচিবিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুসৰি শ্বাহীন শ্বাহ আফ্ৰিদীক পুনৰ এবাৰ সীমিত অভাৰৰ ফৰ্মেটত দলৰ অধিনায়ক হিচাপে দেখা যাব।
মহম্মদ ৰিজৱানক এদিনীয়া দলৰ অধিনায়কৰ পদৰ পৰা অপসাৰিত কৰি আফ্ৰিদীক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অৱশ্যে প্ৰদৰ্শনৰ ব্যৰ্থতা নে আন কোনো কাৰণত এইদৰে পাকিস্তানৰ এদিনীয়া দলৰ নেতৃত্বৰ এই পৰিৱৰ্তন কৰা হৈছে, সেয়া এতিয়াও প্ৰকাশ হোৱা নাই।
ৰিজৱানক অপসাৰণ পিচিবিৰ
এতিয়া প্ৰশ্ন হয় ৰিজৱানক নেতৃত্বৰ পৰা কিয় অপসাৰণ কৰা হ’ল? এই সন্দৰ্ভত স্বয়ং মহম্মদ ৰিজৱানৰ কোনো বক্তব্য পোহৰলৈ অহা নাই। ESPN Cricinfoৰ তথ্য মতে, ৰিজৱানক অপসাৰণৰ বাবে অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত আছিল প্ৰশিক্ষক মাইক হেছন। কিন্তু এই সিদ্ধান্ত সম্পূৰ্ণৰূপে তেওঁৰ নিৰ্দেশত হোৱা নাছিল। বৰঞ্চ এই সিদ্ধান্তৰ সমৰ্থনত আছিল পিচিবিৰ বিষয়াসকল।
দ্বিতীয়বাৰৰ বাবে অধিনায়ক পদত আফ্ৰিদী
সীমিত অভাৰৰ ফৰ্মেটত অধিনায়ক হিচাপে আফ্ৰিদীৰ এয়া দ্বিতীয়টো কাৰ্যকাল। ইয়াৰ পূৰ্বে তেওঁ পাকিস্তানৰ টি-২০ দলক নেতৃত্ব দিছিল। অৱশ্যে টি-২০ৰ অধিনায়ক হিচাপে সফল হোৱা নাছিল আফ্ৰিদী। তেওঁৰ নেতৃত্বত নিউজিলেণ্ডৰ বিপক্ষে পাঁচখন মেচৰ টি-২০ শৃংখলাত পাকিস্তান ১-৪ ব্যৱধানত পৰাস্ত হৈছিল।
অধিনায়ক হিচাপে ৰিজৱান
ইফালে অপসাৰিত মহম্মদ ৰিজৱানে ২০খন এদিনীয়া মেচত পাকিস্তানক নেতৃত্ব দিছিল। ইয়াৰে ৯খনত জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছিল ১১খনত। জয়ৰ হাৰ কম হ’লেও অৱশ্যে ৰিজৱানৰ নেতৃত্বত পাকিস্তানে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত শৃংখলা জয় কৰিছিল। গতিকে তেওঁৰ অপসাৰণক লৈ এতিয়া যথেষ্ট চৰ্চা দেখা গৈছে।