অনুৰাগীক হতবাক কৰি ছাইনা-পাৰুপল্লীৰ আচৰিত সিদ্ধান্তঃ যতি পেলালে ৭ বছৰীয়া বৈবাহিক সম্পৰ্ক

দেশৰ ক্ৰীড়া জগতৰ অন্যতম চৰ্চিত দম্পত্তী ছাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপে যতি পেলাইছে বৈবাহিক বান্ধোনৰ। সকলোকে আচৰিত কৰি যোৱা নিশা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ ৰাজহুৱা কৰিছে ছাইনা নেহৱালে।

অনুৰাগীক হতবাক কৰি ছাইনা-পাৰুপল্লীৰ আচৰিত সিদ্ধান্তঃ যতি পেলালে ৭ বছৰীয়া বৈবাহিক সম্পৰ্ক

ছাইনা আৰু পাৰুপল্লীৰ বিবাহ বিচ্ছেদ

Published: 

14 Jul 2025 | 04:40 PM

ভাৰতীয় বেডমিণ্টন জগতৰ দুই মহাতাৰকা ক্ৰমে ছাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপে এক বিশেষ সিদ্ধান্তৰে হতবাক কৰি তুলিছে অনুৰাগীক দেশৰ ক্ৰীড়া জগতৰ অন্যতম চৰ্চিত এই দম্পত্তীহালে যতি পেলাইছে বৈবাহিক বান্ধোনৰ সকলোকে আচৰিত কৰি যোৱা নিশা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ ৰাজহুৱা কৰিছে ছাইনা নেহৱালে বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানীয় বেডমিণ্টন তাৰকা তথা অলিম্পিক পদক বিজয়ী ছাইনা নেহৱালে যোৱা নিশা নিজা ইনষ্টাগ্ৰাম একাউণ্ট যোগে বিবাহ বিচ্ছেদৰ খবৰ সদৰী কৰে।

ছাইনা আৰু ভাৰতৰ প্ৰাক্তন শীৰ্ষস্থানীয় পুৰুষ বেডমিণ্টন তাৰকা পাৰুপল্লী কাশ্যপে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিলদুয়োৰে মাজৰ সম্পৰ্কই সকলোকে আকৰ্ষিত কৰিছিল। কিন্তু এতিয়া ৭ বছৰৰ এই বৈবাহিক সম্পৰ্কৰ পাছত দুয়ো পৰস্পৰৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে

৩৫ বৰ্ষীয় ছাইনাই ইনষ্টাগ্ৰামত এই বিষয়ে সদৰী কৰি কয়, “জীৱনে কেতিয়াবা আমাক বিভিন্ন দিশলৈ লৈ যায়। বহু চিন্তাৰ অন্তত পৰুপল্লী কাশ্যপ আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো।দুয়ো পৰস্পৰে পৰস্পৰৰ শান্তি, প্ৰগতি আৰু সকাহৰ বাবে এই পথ বাছি লোৱা বুলি উল্লেখ কৰে ছাইনাই

যদিও তেওঁলোকৰ বিচ্ছেদৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, তথাপি কাশ্যপৰ সৈতে কটোৱা মুহূৰ্তবোৰৰ বাবে ছাইনাই সুখ প্ৰকাশ কৰে। ছাইনাই লিখিছে, “মই এই স্মৃতিবোৰৰ বাবে সদায় কৃতজ্ঞ আৰু আগবাঢ়ি যোৱাৰ বাবে কেৱল শুভকামনা জনাইছো। এনে সময়ত আমাৰ গোপনীয়তাক বুজি পোৱাৰ বাবে আৰু সন্মান জনোৱাৰ বাবে ধন্যবাদ।”

 

উল্লেখ্য যে ছাইনা আৰু ৩৮ বছৰীয়া কাশ্যপ বিগত ৭ বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ আছিল। ২০১৮ চনত বিবাহৰ কথা ঘোষণা কৰি দুয়োজনে সকলোকে আচৰিত কৰি তুলিছি লক্ষণীয়ভাৱে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে বহুদিন এই দুয়োগৰাকী তাৰকা প্ৰেমৰ সম্পৰ্কত আছিল যদিও তেওঁলোকে এই সম্পৰ্ক সংবাদ মাধ্যম আৰু অনুৰাগীৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিছিল।

তথ্য অনুসৰি দুয়োৰে এই সম্পৰ্ক তেওঁলোকৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাতেই আৰম্ভ হৈছিল। ছাইনা আৰু পাৰুপল্লীয়ে হায়দৰাবাদৰ কিংবদন্তি ভাৰতীয় বেডমিণ্টন খেলুৱৈ পুল্লেলা গোপিচাণ্ডৰ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেতিয়াই দুয়োৰে মাজত প্ৰথম সাক্ষাৎ হৈছিল আৰু ইয়াৰ পিছতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল বুলি জনা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...