আৰ আৰ দলৰ দৰ্শন ৰিয়ানে মোকতকৈ বেচি জানেঃ নীতিশ ৰাণা

দিল্লী কেপিটেলছ দলে এইবাৰ চমকপ্ৰদ আৰম্ভনি কৰি প্ৰথম চাৰিখন মেচত ক্ৰমাগত বিজয় অৰ্জন কৰিছে। যোৱা মেচত দলটো প্ৰথম পৰাজয়ৰ সন্মুখীন হয় যদিও পুনৰ গৃহ ষ্টেডিয়ামত খেলা বিষয়টোৱে দিল্লীক সহায় কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছলৈ প্ৰত্যাহ্বান লৈ আনিছে। অৱশ্যে ৰয়েলছে চাপমুক্ত হৈ ইতিবাচক মানসিকতাৰে মেচখন খেলিবলৈ সাজু বুলি ব্যক্ত কৰে দলৰ নিৰ্ভৰযোগ্য বেটাৰ নীতিশ ৰাণাই।

আৰ আৰ দলৰ দৰ্শন ৰিয়ানে মোকতকৈ বেচি জানেঃ নীতিশ ৰাণা

আৰ আৰ দলৰ দৰ্শন ৰিয়ানে মোকতকৈ বেচি জানেঃ নীতিশ ৰাণা

Updated On: 

15 Apr 2025 | 11:09 PM

চাপৰ মাজতো দিল্লী কেপিটেলছৰ বিৰুদ্ধে ইতিবাচক ৰাজস্থান ৰয়েলছ! ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ৰ প্ৰথম ছয়খন মেচৰ চাৰিখনতে পৰাজয়ৰ সন্মুখীন হৈ স্বাভাৱিকতে চাপৰ সন্মুখীন হৈছে। বুধবাৰে দলে নিজৰ সপ্তম লীগ মেচত দিল্লী কেপিটেলছৰ মুখামুখি হ’ব। এই মেচখন নিশা ৭ .৩০ বজাত নতুন দিল্লীৰ অৰুন জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে দিল্লী কেপিটেলছ দলে এইবাৰ চমকপ্ৰদ আৰম্ভনি কৰি প্ৰথম চাৰিখন মেচত ক্ৰমাগত বিজয় অৰ্জন কৰিছে। যোৱা মেচত দলটো প্ৰথম পৰাজয়ৰ সন্মুখীন হয় যদিও পুনৰ গৃহ ষ্টেডিয়ামত খেলা বিষয়টোৱে দিল্লীক সহায় কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছলৈ প্ৰত্যাহ্বান লৈ আনিছে। অৱশ্যে ৰয়েলছে চাপমুক্ত হৈ ইতিবাচক মানসিকতাৰে মেচখন খেলিবলৈ সাজু বুলি ব্যক্ত কৰে দলৰ নিৰ্ভৰযোগ্য বেটাৰ নীতিশ ৰাণাই।

‘আই পি এলৰ দৰে বিশ্বৰ এখন শ্ৰেষ্ঠ ক্ৰিকেট লীগৰ প্ৰতিখন মেচতে চাপ থাকে৷ আনহাতে, পেছাদাৰী ক্ৰিকেটাৰে চাপ নিয়ন্ত্ৰণ কৰি প্ৰদৰ্শন কৰাটোৱে মুল কথা। এইসময়ত আমি প্ৰত্যাশিত ফলাফল পোৱা নাই৷ কিন্তু প্ৰতিখন মেচতে দলৰ বহু ইতিবাচক দিশো আছে। সেইখিনিকে সমলৰূপে লৈ আমি দৃঢ়তাৰে খেলিবলৈ সাজু হৈছো।’ সংবাদমেলত ৰাণাই ব্যক্ত কৰে।

উল্লেখ্য যে ৰাজস্থান চাৰি পইণ্টৰে তালিকাৰ অষ্টম স্থানত থকাৰ বিপৰীতে দিল্লীয়ে আঠ পইণ্টৰে দ্বিতীয় স্থানত আছে। ৰয়েলছৰ বেটাৰৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা নথকা প্ৰশ্নৰ উত্তৰ দি ৰাণাই কয় ‘দলৰ সফলতাই এনেবোৰ বিষয় মুকলি নকৰে৷ আমি জয় হোৱা মেচত ব্যক্তিগত প্ৰদৰ্শন চোৱা নাই। দলৰ সফলতাহে চাইছো৷ প্ৰতিখন মেচৰ পৰিস্থিতিয়ে খেলুৱৈৰ পৃথক প্ৰদৰ্শন নিৰ্ণয় কৰে।’

ইফালে, কে কে আৰ দলক নেতৃত্ব দিয়া তথা বলিং কৰাৰ অভিজ্ঞতা থকাৰ পাছতো ৰয়েলছত এই ভূমিকা কিয় লোৱা নাই বুলি প্ৰশ্ন কৰাত নীতিশে কয় ‘কে কে আৰত মই সাত বছৰ খেলিছিলো। কিন্তু ৰাজস্থান ৰয়েলছত নতুন। আৰ আৰ দলৰ দৰ্শন মোতকৈ বেছি ৰিয়ানে জানে৷ সেয়ে টীম মেনেজমেণ্টে সঠিক সিদ্ধান্তই লৈছে৷ আনহাতে, যি উইকেটত মোৰ বলিং দলক সহায় কৰিব বুলি মই জ্ঞাত হ’ম তেতিয়া অধিনায়ক সঞ্জুক নিজেই ব্যক্ত কৰিম। আচলতে দল গঠনৰ সময়তে কাৰ কি ভূমিকা হ’ব সেয়া টীম মেনেজমেণ্টে নিশ্চিত কৰি লয়।’

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...