VIDEO: ভগ্নীৰ বিয়াত গীত গালে ঋষভ পণ্টে, পত্নীৰ সৈতে ছন্দ মিলালে ধোনীয়ে, সহযোগ কৰিলে ৰাইনাই

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্টৰ ভগ্নীৰ বিয়া। ব্যতিক্ৰমী ৰূপত দেখা গ'ল মহেন্দ্ৰ সিং ধোনীৰ লগতে সুৰেশ ৰাইনাকো। দুয়োকে দেখা গ'ল নৃত্যত মচগুল হৈ থকা। এই বিশেষ ভিডিঅ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ইণ্টাৰনেট দুনীয়াত।

VIDEO: ভগ্নীৰ বিয়াত গীত গালে ঋষভ পণ্টে, পত্নীৰ সৈতে ছন্দ মিলালে ধোনীয়ে, সহযোগ কৰিলে ৰাইনাই

ঋষভ পণ্টৰ ভগ্নীৰ বিয়া

Published: 

13 Mar 2025 11:01 AM

ধোনী কেপ্তেইন কুল, এয়া মুদ্ৰাৰ এটা ফালহে মাত্ৰ। তেওঁৰ আনটো দিশ হ’ল তেওঁ ধেমালিৰ ক্ষেত্ৰতো মাষ্টৰ। ক্ৰিকেটৰ বাহিৰেও তেওঁ প্ৰতিটো মুহূৰ্তক সম্পূৰ্ণৰূপে উদযাপন কৰিববও জানে। ধোনিৰ এই একেটা ৰূপ দেখা গৈছিল ঋষভ পণ্টৰ ভগ্নী বিয়াত। প্ৰথমে তেওঁৰ নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল আৰু এতিয়া ধোনী কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় হৈ পৰিছে। বিবাহৰ অনুষ্ঠানত ধোনীয়ে পত্নী সাক্ষীৰ সৈতে এটি গীত গাইছিল। কইনাৰ ভাতৃ অৰ্থাৎ ঋষভ পণ্টৰ সৈতে তাল মিলোৱাও দেখা গ’ল। ইফালে যেতিয়া  ‘থালা’ই গাই আছে এতিয়া কেনেকৈ ‘চীনা থালা’ অৰ্থাৎ সুৰেশ ৰাইনা পিছ পৰি থাকেনে কেনেকৈ। সেয়েহে ৰাইনায়ো তেওঁলোকক সহযোগিতা কৰিলে।

ঋষভ পণ্টৰ ভগ্নী সাক্ষী পণ্ট বিবাহৰ অনুষ্ঠান আছিল মুছুৰীত। এই বিয়াত অংশ ল’বলৈ উপস্থিত হৈছিল ক্ৰিকেট জগতৰ তাৰকা ধোনী, ৰাইনা, পৃথ্বী শ্ব’ । বিয়াত ধোনী আৰু ৰাইনাৰ দ্বাৰা গীত পৰিৱেশন কৰোৱাৰ দায়িত্ব ল’লে কণ্ঠশিল্পী হাৰ্ডি সন্ধুৱে। অৱশ্যে প্ৰথমে এই কামৰ শুভাৰম্ভণি কৰিছিল কইনাৰ ভাতৃ অৰ্থাৎ ঋষভ পণ্টে।  ঋষভ পণ্টে গাইছিল ‘তু জানে না’ গীতটি।

অনুষ্ঠানৰ পৰা ভাইৰেল হৈছে আন এটা ভিডিঅ’। য’ত ধোনী আৰু তেওঁৰ পত্নীক দেখা গৈছে। এই ভিডিঅ’টোত স্পষ্টকৈ দেখা গ’ল যে, স্বামী-স্ত্ৰী দুয়োজনে অতি আনন্দৰে ‘তু জানে না’ গীতটো গোৱাই নহয়,  ঋষভ পণ্টৰ সৈতে ছন্দৰো মিলন ঘটাইছে।

ঋষভ আৰু থালাৰ পিছত চীন থালা নামেৰে পৰিচিত সুৰেশ ৰাইনাৰ গান গোৱাৰ পাল আহিল। তেওঁ হাৰ্ডি সন্ধুৰ সৈতে ‘চন্দা মোৰে য়া মেৰে য়া’ গীতটো গাই বিয়াখন পৰিৱেশ অধিক সুন্দৰ কৰি তুলিলে।

ঋষভ পন্টৰ ভগ্নীৰ বিয়াৰ গীতৰ এই ভিডিঅ’বোৰ পোহৰলৈ অহাৰ আগতে ধোনী-ৰাইনাৰ নৃত্যৰ ভিডিঅ’বোৰো ভাইৰেল হৈ পৰিছিল। অৱশ্যে এই বিবাহৰ পিছত এতিয়া ধোনীৰ সমগ্ৰ দৃষ্টি থাকিব ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ওপৰত। এইবাৰো ধোনীক CSKৰ জাৰ্চি পিন্ধি খেলুৱৈ হিচাপে দেখা যাব।

১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...
পত্নীৰ ফটো মানিবেগত ৰাখিব লাগেনে? এনে অভ্যাসৰ বাবে ধনৰ আগমন ঘটে নে ক্ষতি হয় চাওক
খাদ্য বিষক্ৰিয়া হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক চিকিৎসকৰ পৰা...
গৰমৰ দিনত টেঙামৰাৰ পাত বা গুটি কিয় খাব লাগে? ইয়াৰ উপকাৰিতা জানক