Rishabh Pant Birthday: অনুৰাগীলৈ প্ৰেৰণাদায়ক বাৰ্তা বাৰ্থ ডে’ বয় পণ্টৰঃ ক’লে, নিজৰ ওপৰত বিশ্বাস ৰাখক

১৯৯৭ চনৰ ৪ অক্টোবৰত উত্তৰাখণ্ডৰ ৰূৰকীত জন্মগ্ৰহণ কৰা ঋষভ পণ্টে আজি উদযাপন কৰিছে ২৭ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত পণ্টে আজি অনুৰাগীসকলৰ মাজত শ্বেয়াৰ কৰিছে হৃদয়স্পৰ্শী অনুভৱ। প্ৰখ্যাত লেখক চাৰ্লট ফ্ৰীমেনৰ কিছু প্ৰেৰণাদায়ক উক্তিৰে পণ্টে অনুৰাগীসকললৈ দিছে আৱেগিক প্ৰেৰণাদায়ক বাৰ্তা।

Rishabh Pant Birthday: অনুৰাগীলৈ প্ৰেৰণাদায়ক বাৰ্তা বাৰ্থ ডে’ বয় পণ্টৰঃ ক’লে, নিজৰ ওপৰত বিশ্বাস ৰাখক

ভাৰতীয় তাৰকা ঋষভ পণ্ট

Published: 

04 Oct 2024 | 01:23 PM

প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ স্মৃতিত আজিও ভাহি আছে ৩০ ডিচেম্বৰৰ সেই ভয়াৱহ নিশা। এক ভয়ংকৰ দুৰ্ঘটনাত নিশ্চিত মৃত্যুৰ পৰা জীৱন্তে বাচি আহিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ এগৰাকী প্ৰিয়তম তাৰকা। সেই ভয়াৱহ অতীত পাহৰি, কঠিন সময় পাৰ কৰি সম্প্ৰতি এই তাৰকাগৰাকীয়ে ২২ গজৰ জগতত পুনৰ তুলিছে লহৰ। নিজৰ স্বভাৱসিদ্ধ শৈলীৰে খেলপথাৰত চমক সৃষ্টিৰে ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়াইছে অৱদান, অনুৰাগীক তুলি দিছে সুখকৰ মুহূৰ্ত। আজি সেই তাৰকাগৰাকীৰ জীৱনৰ বিশেষ দিন। আজি জীৱনৰ ২৭ তম জন্মদিন পালন কৰিছে ভাৰতীয় ক্ৰিকেটৰ এইগৰাকী তাৰকা ঋষভ পণ্টে।

১৯৯৭ চনৰ ৪ অক্টোবৰত উত্তৰাখণ্ডৰ ৰূৰকীত জন্মগ্ৰহণ কৰা ঋষভ পণ্টে আজি উদযাপন কৰিছে ২৭ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত পণ্টে আজি অনুৰাগীসকলৰ মাজত শ্বেয়াৰ কৰিছে হৃদয়স্পৰ্শী অনুভৱ। প্ৰখ্যাত লেখক চাৰ্লট ফ্ৰীমেনৰ কিছু প্ৰেৰণাদায়ক উক্তিৰে পণ্টে অনুৰাগীসকললৈ দিছে আৱেগিক প্ৰেৰণাদায়ক বাৰ্তা। পথ দুৰ্ঘটনাই জীৱনলৈ আনি দিয়া বিপৰ্যয় নেওচি পুনৰ খেলপথাৰলৈ কৰা পণ্টৰ প্ৰত্যাৱৰ্তন যথেষ্ট প্ৰেৰণাদায়ক।

নিজৰ জীৱন যাত্ৰাৰ পৰা লাভ কৰা এই শিক্ষাকে সাৰোগত কৰি পণ্টে ২৭ সংখ্যক জন্মদিনত অনুৰাগীসকলক কৰিছে প্ৰেৰিত। সামাজিক মাধ্যম যোগে পণ্টে লিখিছে, “নিজকে যেতিয়া হেৰাই যোৱা বা বিভ্ৰান্ত হোৱা যেন অনুভৱ কৰে বা যিখিনি আপুনি পাব বিচাৰিছিল সেইখিনি নোপোৱা যেন অনুভৱ কৰে, নিজৰ ওপৰত অধিক কঠোৰ নহ’ব। এই সকলোবোৰ যদি আপুনি পূৰ্বেই লাভ কৰিলেহেঁতেন আৰু শিকিবলৈ বাকী নাথাকিলহেঁতেন তেন্তে আপোনাৰ জীৱনটো বিৰক্তিকৰ হৈ পৰিলহেঁতেন।”

“গতিকে ধৈৰ্য্য ধৰক, আপোনাৰ সৈতে যি হৈ আছে সেয়া বুজিব পাৰিব। আপোনাৰ প্ৰতিটো অভিজ্ঞতাই আপোনাক সেই স্থানলৈকে লৈ যাব, য’ব আপুনি থাকিব লাগে। হেৰুৱাবলৈ বা কোনো ভুল কৰিবলৈ ভয় নকৰিব। নিজকে বিচাৰি হেৰাই যাওক আৰু বাৰে বাৰে নিজকে বিচাৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আনে কি ভাৱে পাহৰি যাওক।”- নিজা পোষ্টত এইদৰে লিখিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

উল্লেখ্য যে ১২ বছৰ বয়সতে মাতৃৰ সৈতে ৰুৰকীৰ পৰা দিল্লীলৈ আহি ক্ৰিকেটৰ স্বৰ্ণিল যাত্ৰা আৰম্ভ কৰাৰ স্বপ্ন দেখিছিল পণ্টে। দিল্লীলৈ আহি পণ্টে প্ৰথমে ছনেট ক্ৰিকেট একাডেমীত নামভৰ্তি কৰি ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰে। কঠোৰ পৰিশ্ৰমৰ অন্তত ২০১৫ চনত ১৮ বছৰ বয়সত প্ৰথম শ্ৰেণীত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে পণ্টে। ৰঞ্জি ট্ৰফীত বংগৰ বিৰুদ্ধে অভিষেক ঘটে পণ্টৰ।

ইয়াৰ পিছত তেওঁ একেটা বৰ্ষতে ঝাৰখণ্ডৰ বিৰুদ্ধে লিষ্ট এত অভিষেক ঘটায়। ২০১৬-১৭ বৰ্ষৰ ৰঞ্জী ট্ৰফী ছিজনত পণ্টে ৩০৮ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলিছিল। এই ইনিংছটোৰে পণ্ট প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এই কৃতিত্ব অৰ্জন কৰা তৃতীয় কনিষ্ঠ বেটছমেন হিচাপে পৰিগণিত হয়। এই ইনিংছৰ বাবেই সকলোৰে দৃষ্টিলৈ আহে যুৱ তাৰকাগৰাকী। ইয়াৰ পিছত আৰু পণ্টে পিছলৈ ঘূৰি চাবলগা হোৱা নাই।

২০১৬ চনত তেওঁ ১৯ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰে আৰু চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোকে মোহিত কৰে। এই প্ৰতিযোগিতাত দাঙি ধৰা বিস্ফোৰক বেটিং প্ৰদৰ্শনৰ সুবাদতে পণ্টৰ বাবে আই পি এলৰ দ্বাৰ মুকলি হয় আৰু তাৰ পিছৰ ধাৰাবাহিকতাৰ বাবে ভাৰতৰ টি-২০ দলত স্থান লাভ কৰে। ২০১৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটাৰ পিছত ২০১৮ চনত টেষ্ট আৰু এদিনীয়াত ভাৰতীয় দললৈ আমন্ত্ৰিত হয় পণ্ট।

ইয়াৰ পিছতে পণ্ট হৈ পৰে ভাৰতীয় ক্ৰিকেটৰ গুৰুত্বপূৰ্ণ সদস্য। বিশেষকৈ মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পিছত পণ্ট হৈ পৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম পছন্দৰ উইকেট ৰক্ষক বেটাৰ। আৰু এই সুযোগ অথলে যাবলৈ দিয়া নাই পণ্টে। উইকেটৰ পিছফালে পণ্টৰ চমক আৰু ক্ৰীজত বেট হাতত লৈ দেখুওৱা অনন্য শৈলীৰে পণ্ট কেৱল ভাৰতীয় ক্ৰিকেটৰে নহয়, হৈ পৰিছে ক্ৰিকেট বিশ্বৰ ভৱিষ্যতৰ তাৰকা।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে