Rinku Singh: ৰিংকু সিঙক আণ্ডাৰৱৰ্ল্ডৰ ভাবুকি, ৫ কোটিৰ দাবী…

Rinku Singh Underworld Threat: ৰিংকু সিঙৰ বিৰুদ্ধে ধন দাবীৰ গোচৰত ইতিমধ্যে ২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৫ কোটি টকা দাবী কৰিছিল ৰিংকু সিঙক। এই কাণ্ডত ডাউদ ইব্ৰাহিম গেঙৰ সদস্য জড়িত থকাৰ অভিযোগ আছে।

Rinku Singh: ৰিংকু সিঙক আণ্ডাৰৱৰ্ল্ডৰ ভাবুকি, ৫ কোটিৰ দাবী...

ৰিংকু সিং

Published: 

09 Oct 2025 | 11:43 AM

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ ৰিংকু সিঙে আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ কৰা বুলি জানিব পৰা গৈছে। এই তথ্য প্ৰকাশ কৰিছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে। এই কাণ্ডত দাউদ ইব্ৰাহিমৰ গেং জড়িত আছে বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিললৈ ৰিংকু সিঙৰ প্ৰচাৰ টীমলৈ ৩ টা ভাবুকি ভৰা বাৰ্তা আহিছিল। ডি-কোম্পানীৰ পৰা লাভ কৰা এই ভাবুকিত ৰিংকু সিঙৰ পৰা ৫ কোটি টকাৰ মুক্তিপন দাবী কৰিছিল। এই ঘটনাত এতিয়ালৈকে আৰক্ষীয়ে ২ জনক গ্ৰেপ্তাৰ কৰিছে।

৫ কোটি দাবী

এছিয়া কাপ খেলি দেশলৈ ঘূৰি আহিছে ৰিংকু সিং। তেওঁক ফাইনেলত খেলিবলৈ পোৱা দেখা গৈছিল। কিন্তু এই ৰিংকু সিঙে  আণ্ডাৰৱৰ্ল্ডৰ পৰা ভাবুকি লাভ কৰিছে। এই খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ২ জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজনে ভাবুকি দিয়াৰ কথা স্বীকাৰ কৰিছে।

এই দুই অভিযুক্ত মহম্মদ দিলছাদ আৰু মহম্মদ নভিদ বুলি জানিব পৰা গৈছে। ৱেষ্ট ইণ্ডিছৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে।  অভিযুক্ত দুজনক ৱেষ্ট ইণ্ডিজে ইতিমধ্যে ভাৰতৰ হাতত গটাই দিছে।

ৱেষ্ট ইণ্ডিজৰ সৈতে সম্পৰ্ক!

কিছুদিন পূৰ্বে প্ৰাক্তন বিধায়ক বাবা ছিদ্দিকীৰ পুত্ৰ জীশান ছিদ্দিকীৰ পৰা ১০ কোটি টকা মুক্তিপণ বিচৰাছিল। তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই দুজন অভিযুক্তক। গ্ৰেপ্তাৰ হোৱাৰ পিছত ইয়াৰে এজন অভিযুক্তই স্বীকাৰ কৰে যে তেওঁ ৰিংকু সিঙক ফোন কৰি মুক্তিপণ বিচাৰিছিল

মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই জনোৱা মতে, ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত জিশান ছিদ্দিকীয়ে ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছিল। ইয়াৰ বিপৰীতে ৰিংকু সিঙৰ প্ৰচাৰ দলটোৱে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত তিনিটা মুক্তিপণৰ বাৰ্তা লাভ কৰে।

 

অন্য খবৰ পঢ়কঃ বৈভৱৰ ৯ টা ছয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ক্লীন ছুইপ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব