আঘাত গুৰুতৰ, এছিয়া কাপৰ পৰা বাহিৰ পণ্ট! এই টেষ্ট শৃংখলাটো হৈ পৰিছে অনিশ্চিত

ইয়াৰ পিছতে ঋষভ পণ্ট ৬ সপ্তাহৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰত থাকিব লাগিব বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছিল। পিছে শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰ অনুসৰি ঋষভ পণ্ট এছিয়া কাপৰ পৰা বাহিৰ হৈছে।

আঘাত গুৰুতৰ, এছিয়া কাপৰ পৰা বাহিৰ পণ্ট! এই টেষ্ট শৃংখলাটো হৈ পৰিছে অনিশ্চিত

এছিয়া কাপৰ পৰা বাহিৰ ঋষভ পণ্ট!

Published: 

07 Aug 2025 | 06:34 PM

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা অন্ত পৰাৰ পিছত এতিয়া এছিয়া কাপৰ বাবে সাহু ভাৰতীয় ক্ৰিকেট দল অহা ৯ ছেপ্টেম্বৰৰ পৰা ইউ ইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন এইপৰ্যন্ত এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হোৱা নাই যদিও দলত কোনে কোনে স্থান লাভ কৰিব পাৰে, সেই সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে তাৰ মাজতে পোহৰলৈ আহিছে ভাৰতীয় অনুৰাগীৰ বাবে এক অনাকাংক্ষিত খবৰ এছিয়া কাপৰ পৰা বাদ পৰিছে ভাৰতীয় দলৰ তাৰকা সদস্য ঋষভ পণ্ট

এক প্ৰতিবেদন অনুসৰি তাৰকা উইকেট কীপাৰগৰাকী এছিয়া কাপৰ পৰা ইতিমধ্যে বাহিৰ হৈছে কেৱল সিমানেই নহয়, ভাৰতীয় দলৰ আগন্তুক এক টেষ্ট শৃংখলাৰ পৰাও পণ্ট বাহিৰ পাৰে বুলি উল্লেখ কৰা হৈছে উল্লেখ্য যে মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থখন টেষ্টৰ সময়ত ভৰিত আঘাত পাইছিল পণ্টে

অৱশ্যে এই আঘাত সত্বেও পণ্টে টেষ্টখনত বেটিং কৰিছিল ইয়াৰ পিছতে ঋষভ পণ্ট ৬ সপ্তাহৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰত থাকিব লাগিব বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছিল পিছে শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰ অনুসৰি ঋষভ পণ্ট এছিয়া কাপৰ পৰা বাহিৰ হৈছে।

অহা ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’ব এছিয়া কাপ। টি২০ ফৰ্মেটত অনুষ্ঠিত বলগীয়া এই প্ৰতিযোগিতাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকাৰ অনুপস্থিতিত পণ্ট ভাৰতৰ এক প্ৰধান শক্তি বুলি আশা কৰা হৈছিল কিন্তু এই আশাৰ এতিয়া অন্ত পৰিছে বুলি পাৰি

ইয়াৰ উপৰিও ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা পৰিৱেশত বলগীয়া দুখনীয়া মেচৰ টেষ্ট শৃংখলাৰ পৰাও পণ্ট বাদ পৰিব বুলি প্ৰতিবেদনত দাবী কৰা হৈছে উল্লেখ্য যে পণ্টে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই ৪ খন টেষ্টৰ ৭টা ইনিংছত ৬৮.৪২ গড়ে ৪৭৯ ৰান সংগ্ৰহ কৰিছিল। গতিকে ফৰ্মত থকা পণ্টৰ অনুপস্থিতিত ভাৰতীয় দলৰ বাবে এক অপূৰণীয় ক্ষতি ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...