বেংগালুৰু পদপিষ্ট ঘটনাত নিহতৰ পৰিয়াললৈ আৰচিবিৰ ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি, দিব ইমান পৰিমাণৰ ধন

পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা ১১ জন লোকৰ পৰিয়ালক বিপুল ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে ফ্ৰেন্সাইজিটোৱে। পূৰ্বে দলটোৱে নিহত লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছিল, এই ধনৰাশি এতিয়া বৃদ্ধি কৰা হৈছে।

বেংগালুৰু পদপিষ্ট ঘটনাত নিহতৰ পৰিয়াললৈ আৰচিবিৰ ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি, দিব ইমান পৰিমাণৰ ধন

আৰচিবিয়ে ল’লে গুৰুত্বপূৰ্ণ পদক্ষেপ

Updated On: 

30 Aug 2025 | 02:23 PM

আই পি এলত দীৰ্ঘদিনীয়া খৰাঙৰ অন্ত পেলাই এইবাৰ খিতাপ জয় কৰিছিল ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৱে দলটোৰ এই খিতাপ জয়ৰ আনন্দ উপভোগ কৰিবলৈ বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল বৃহৎ বিজয় উদযাপন অনুষ্ঠানৰ কিন্তু এই আনন্দ উদযাপনৰ ক্ষণ মুহূৰ্তৰ ভিতৰতে শোকাৱহ পৰিস্থিতিলৈ পৰিণত হৈছিল এই অনুষ্ঠানত অংশ লোৱাৰ বাবে সমবেত হৈছিল অলেখ অনুৰাগী ব্যাপক সংখ্যক অনুৰাগীৰ ভিৰৰ ফলশ্ৰুতিত চিন্নাস্বামীৰ বাহিৰত সংঘটিত হৈছিল পদপিষ্টৰ ঘটনা

এই ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হৈছিল। বেংগালুৰুৰ এই পদপিষ্ট ঘটনাই দেশজুৰি সৃষ্টি কৰিছিল ব্যাপক চাঞ্চল্যৰ ঘটনা সন্দৰ্ভত গোচৰো ৰুজু হৈছিল কৰ্ণাটক চৰকাৰে ঘটনাৰ বাবে আৰচিবি আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানীটোক জগৰীয়া কৰিছিল। এই ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে।

তাৰ মাজতে আজি ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৱে এই ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ এক বৃহৎ ক্ষতিপূৰণ ঘোষণা কৰিছে। পদপিষ্টৰ ঘটনাত প্ৰাণ হেৰুওৱা ১১ জন লোকৰ পৰিয়ালক বিপুল ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে ফ্ৰেন্সাইজিটোৱে। পূৰ্বে দলটোৱে নিহত লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছিল, এই ধনৰাশি এতিয়া বৃদ্ধি কৰা হৈছে।

 

আৰচিবিয়ে নিজা অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত এই ভয়াৱহ ঘটনাত প্ৰাণ হেৰুওৱা ১১ জন লোকৰ পৰিয়ালক ২৫ লাখ টকাকৈ দিয়া হ’ব বুলি ঘোষণা কৰিছে। ফ্ৰেন্সাইজিটোৱে এটা পোষ্টত যোৱা ৪ জুনত সংঘটিত এই ঘটনাই সকলোকে শোকাহত কৰি তোলা বুলি উল্লেখ কৰে নিহত ১১ জন লোকক আৰ চি বি পৰিয়ালৰ সদস্য আখ্যা দিয়ে ফ্ৰেন্সাইজিটোৱে

এই লোকসকল সদায়ে সকলোৰে স্মৃতিত থাকিব বুলিও পোষ্টটোত আৰচিবিয়ে লগতে কয়। কোনো সহায়ে তেওঁলোকে এৰি থৈ যোৱা শূন্যতা পূৰণ কৰিব নোৱাৰে যদিও তেওঁলোকৰ পৰিয়ালক সসন্মানেৰে ২৫ লাখ টকাকৈ দিয়া হৈছে বুলি আৰচিবিয়ে লগতে কয় এয়াআৰচিবি কেৰিয়াৰৰো আৰম্ভণি বুলি ফ্ৰেন্সাইজিটোৱে লগতে কয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব