ৰুটক প্ৰশংসা কৰিবলৈ গৈ প্ৰাক্তন পাকিস্তানী অধিনায়কে কৰিলে এনে আজৱ মন্তব্যঃ স্তম্ভিত ক্ৰিকেটপ্ৰেমী

মূলতান টেষ্টত শোচনীয় পৰাজয়ৰ পিছত পাকিস্তান ক্ৰিকেটে তীব্ৰ কটুক্তি তথা সমালোচনা সহ্য কৰিবলগীয়া হৈছে। পিছে দেশখনৰে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তান দলৰ প্ৰাক্তন অধিনায়ক ৰছিদ লটিফে কৰা এক মন্তব্যই সকলোকে স্তম্ভিত কৰি তুলিছে। লটিফৰ এই মন্তব্যই ক্ৰিকেট বিশ্বত এতিয়া বিতৰ্কৰো সৃষ্টি কৰিছে।

ৰুটক প্ৰশংসা কৰিবলৈ গৈ প্ৰাক্তন পাকিস্তানী অধিনায়কে কৰিলে এনে আজৱ মন্তব্যঃ স্তম্ভিত ক্ৰিকেটপ্ৰেমী

মূলতান টেষ্টত দ্বিশতক অৰ্জন কৰে ৰুটে

Published: 

11 Oct 2024 21:38 PM

দুৰ্দশাৰ মাজেৰে আগবাঢ়িছে পাকিস্তান ক্ৰিকেট। পৰাজয়ৰ গ্ৰাসৰ পৰা মুক্ত হ’ব পৰা নাই এসময়ৰ ক্ৰিকেট বিশ্বৰ অন্যতম শক্তিশালী দলটো। ঘৰুৱা ভূমিতে ইটোৰ পিছত সিটোকৈ শৃংখলাত পৰাজয়ৰ মুখ দেখা দলটো এতিয়া নিজ দেশৰে অনুৰাগী তথা প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ ইংলেণ্ডৰ বিপক্ষে মূলতান টেষ্টত এক শোচনীয় পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান। মূলতানত টেষ্ট ক্ৰিকেটৰ ১৪৭ বছৰীয়া ইতিহাসত এক অনাকাংক্ষিত ৰেকৰ্ড সন্নিৱিষ্ট হয় পাকিস্তানৰ নামত। প্ৰথমবাৰৰ বাবে প্ৰথম ইনিংছত ৫০০ ৰান সংগ্ৰহ কৰাৰ পিছতো পৰাস্ত হোৱাৰ অপ্ৰত্যাশিত অভিলেখ পাকিস্তানৰ নামত সংযোজিত হয়।

এই শোচনীয় পৰাজয়ৰ পিছত পাকিস্তান ক্ৰিকেটে তীব্ৰ কটুক্তি তথা সমালোচনা সহ্য কৰিবলগীয়া হৈছে। পিছে দেশখনৰে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তান দলৰ প্ৰাক্তন অধিনায়ক ৰছিদ লটিফে কৰা এক মন্তব্যই সকলোকে স্তম্ভিত কৰি তুলিছে। লটিফৰ এই মন্তব্যই ক্ৰিকেট বিশ্বত এতিয়া বিতৰ্কৰো সৃষ্টি কৰিছে। পাকিস্তানৰ পৰাজয়ৰ পিছত লটিফে ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ ৰুটক প্ৰশংসা কৰিবলৈ গৈ কৰিছে এক আজৱ মন্তব্য।

মূলতান টেষ্টত পাকিস্তানে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৫৫৬ ৰান সংগ্ৰহ কৰিছিল যদিও এই বিশাল স্ক’ৰো তেনেই নগণ্য হৈ পৰে ইংলেণ্ডৰ সমুখত। পাকিস্তানৰ এই স্ক’ৰৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৮২৩ ৰানৰ পৰ্বতসম স্ক’ৰ থিয় কৰি ইনিংছ ঘোষণা কৰে। দলৰ এই বিশাল স্ক’ৰৰ মূলতে আছিল যুৱ তাৰকা হেৰী ব্ৰুকৰ ৩১৭ ৰানৰ মাৰমুখী ইনিংছ আৰু জো ৰুটৰ ২৬২ ৰানৰ আন এক দ্বিশতকীয় ইনিংছ। এই দুই ইংলিছ তাৰকাই পাকিস্তানৰ বলিং আক্ৰমণক তচনচ কৰি পেলায় মূলতানত।

পাকিস্তানৰ এই লজ্জাজনক প্ৰদৰ্শনৰ পিছত দেশখনৰ বিভিন্ন টিভি আৰু ইউটিউব শ্ব’ত পাকিস্তানী দলটোৰ অৱস্থাক অহৰহ সমালোচনা কৰি আহিছে প্ৰাক্তন তাৰকাসকলে। এনে এক অনুষ্ঠানতে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৰছিদ লটিফে নিজৰ বক্তব্যৰে সকলোকে হতবাক কৰি তোলে। ‘কেচ্ট বিহাইণ্ড’ নামৰ এই ইউটিউব চেনেলটোত জ’ ৰুটৰ ইনিংছটোৰ সন্দৰ্ভত আলোচনাৰ সময়ত লটিফে পাকিস্তান দলক কটাক্ষ কৰি কয়, “জ’ ৰুটে তোমালোকক ধৰ্ষণ কৰিছ।”

 

লতিফৰ এই মন্তব্য শুনি তেওঁৰ সৈতে অনুষ্ঠানত উপস্থিত থকা আন আলোচকসকল স্তম্ভিত হৈ পৰে। অনুষ্ঠানত লটিফে কৰা মন্তব্যৰ অংশটোৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। একাংশ লোকে ৰছিদ লটিফৰ এই মন্তব্যৰ আধাৰত পাকিস্তান ক্ৰিকেট দলটোক ঠাট্টা-মস্কৰা কৰিছে যদিও আন একাংশই লটিফৰ এই চাঞ্চল্যকৰ বক্তব্যৰ ওপৰত আপত্তি প্ৰকাশ কৰিছে। ইফালে অনুষ্ঠানটোত লটিফে নিজ বক্তব্যৰ অৰ্থও ব্যাখ্যা কৰিছে।

তেওঁ কয় যে কেনেকৈ পাকিস্তানী খেলুৱৈয়ে ৯০ ৰানৰ ঘৰ অতিক্ৰম কৰি শতকত উপনীত হ’বলৈ বহু সময় লৈছিল যদিও ৰুট আৰু ব্ৰুক ৯০ ৰানসংখ্যাক শতকলৈ ৰূপান্তৰিত কৰিবলৈ বিশেষ সময় লোৱা নাছিল। একেদৰে দ্বিশতকৰ সময়তো দুয়ো একেই শৈলীৰে বেটিং কৰা বুলি তেওঁ আঙুলিয়াই দিয়ে। লটিফে লগতে ৰুট আৰু ব্ৰুকে যথেষ্ট মজা লৈ খেলিছিল আৰু ইচ্ছা কৰিলেই ছুইপ, ৰিভাৰ্ছ ছুইপ আৰু স্কুপ শ্বট খেলি পাকিস্তানক বিপৰ্যস্ত কৰিছিল বুলিও লগতে মন্তব্য কৰে।

কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !
আওকাণ নকৰিব, এই প্ৰাৰম্ভিক লক্ষণসমূহে যকৃতৰ ক্ষতিৰ ইংগিত দিব পাৰে
শোৱাৰ বাবে কোনটো দিশ আটাইতকৈ শুভ? কোনটো দিশত শুৱ নালাগে? সবিশেষ জানক
শাহু-শহুৰৰ সেৱা-শুশ্ৰূষা নকৰা বোৱাৰীসকলৰ কি হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...