খেলপথাৰলৈ উভতিয়েই ফৰ্মৰ ইংগিত দিলে ৰিয়ানেঃ দাঙি ধৰিলে এনে প্ৰদৰ্শন

আঘাতৰ বাবে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা আঁতৰি থকা ৰিয়ানে ৰঞ্জীৰ জৰিয়তে পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে। আঘাতমুক্ত হৈ ৰিয়ানে কিদৰে প্ৰত্যাৱৰ্তন ঘটাব পাৰে, সেয়া চাবলৈ যথেষ্ট আশাৰে বাট চাইছিল অনুৰাগীয়ে। অৱশ্যে অনুৰাগীৰ এই আশা অথলে যাবলৈ নিদিলে ৰিয়ানে। বিশেষ দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলেও ৰিয়ানে অৱশ্যে এক গুৰুত্বপূৰ্ণ অৰ্ধশতকীয় ইনিংছ খেলে।

খেলপথাৰলৈ উভতিয়েই ফৰ্মৰ ইংগিত দিলে ৰিয়ানেঃ দাঙি ধৰিলে এনে প্ৰদৰ্শন

প্ৰত্যাৱৰ্তন মেচত ফৰ্মৰ ইঙ্গিত দিলে ৰিয়ানে

Published: 

31 Jan 2025 | 05:08 PM

চলিত ৰঞ্জী ছিজনৰ দ্বিতীয়াৰ্ধত দেখিবলৈ পোৱা গৈছে ভাৰতীয় ক্ৰিকেটৰ বহুকেইগৰাকী ৰথী-মহাৰথীক। ইয়াৰে অধিকাংশ তাৰকাই খেলপথাৰত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছে। বিশেষকৈ সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলীয়ে ১৩ বছৰৰ মূৰত ৰঞ্জী ট্ৰফীত অংশ লৈছিল যদিও আজি ৰে’লৱেৰ বিপক্ষে মেচত চূড়ান্ত ৰূপে ব্যৰ্থ হয়। মাত্ৰ ৬ ৰান সংগ্ৰহ কৰিয়েই কোহলী পেভিলিয়নলৈ উভতে। তাৰকা ক্ৰিকেটাৰগৰাকীৰ এনে প্ৰদৰ্শনে স্বাভাৱিকতেই নিৰাশ কৰে প্ৰতিগৰাকী অনুৰাগীক।

ইফালে কোহলীৰ লগতে আজি বহু ক্ৰিকেটপ্ৰেমীৰ, বিশেষকৈ অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টি নিবদ্ধ আছিল ৰিয়ান পৰাগৰ ওপৰত। আঘাতৰ বাবে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা আঁতৰি থকা ৰিয়ানে ৰঞ্জীৰ জৰিয়তে পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে। কালিৰ পৰা ৰাজকোটত সৌৰাষ্ট্ৰৰ বিপক্ষে আৰম্ভ হোৱা মেচৰ জৰিয়তে খেলপথাৰলৈ উভতিছে ৰিয়ান।

ৰাজ্যৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা ৰিয়ানে ইতিমধ্যে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে ক্ৰিকেট বিশেষজ্ঞসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ এগৰাকী সম্ভাৱনাপূৰ্ণ তাৰকা হিচাপেও ৰিয়ানে চৰ্চা লাভ কৰিছে। গতিকে আঘাতমুক্ত হৈ ৰিয়ানে কিদৰে প্ৰত্যাৱৰ্তন ঘটাব পাৰে, সেয়া চাবলৈ যথেষ্ট আশাৰে বাট চাইছিল অনুৰাগীয়ে।

অৱশ্যে অনুৰাগীৰ এই আশা অথলে যাবলৈ নিদিলে ৰিয়ানে। বিশেষ দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলেও ৰিয়ানে অৱশ্যে এক গুৰুত্বপূৰ্ণ অৰ্ধশতকীয় ইনিংছ খেলে। শক্তিশালী সৌৰাষ্ট্ৰই মেচখনত ৪৭৪ ৰানৰ বৃ্হৎ স্ক’ৰ সংগ্ৰহ কৰাৰ পিছত অসমে আৰম্ভণিতেই বিপৰ্যয়ৰ সন্মুখীন হয়। মাত্ৰ ২৫ ৰানতে দুটা উইকেট হেৰুওৱাৰ পিছত ক্ৰীজলৈ অহা ৰিয়ানে দায়িত্বশীল বেটিঙেৰে ইনিংছ আগুৱাই নিয়াৰ চেষ্টা চলায়।

পৰিচিত বিস্ফোৰক শৈলীৰ সমান্তৰালকৈ কিছু ৰক্ষণশীল শৈলীৰেও বেটিং কৰা ৰিয়ানে ৬৭টা বলত ৭টা চাৰি আৰু ২টা ছয়েৰে ৫১ ৰানৰ এক অৰ্ধশতকীয় ইনিংছ খেলে। অৱশ্যে অৰ্ধশতক সংগ্ৰহৰ পিছতে সৌৰাষ্ট্ৰৰ বাওঁহতীয়া স্পিনাৰ ধৰ্মেন্দ্ৰসিংহ জাদেজাৰ বলত নিজ উইকেট হেৰুৱাই ক্ৰীজ এৰিবলৈ বাধ্য হয় যুৱ তাৰকাগৰাকী। বেটিঙৰ লগতে ৰিয়ানে বলিঙতো সৌৰাষ্ট্ৰৰ দুটা উইকেট দখল কৰে।

প্ৰত্যাৱৰ্তন মেচতে ৰিয়ানে এইদৰে নিজৰ ফৰ্মৰ ইংগিত দিয়াৰ পিছত শীঘ্ৰেই তেওঁ ভাৰতীয় দললৈও উভতিব বুলি আশা কৰিছে অনুৰাগীয়ে। উল্লেখ্য যে বিগত বৰ্ষত জিম্বাবুৱেৰ বিপক্ষে টি-২০ শৃংখলাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা ৰিয়ানে শ্ৰীলংকাৰ বিপক্ষে শৃংখলাতো স্থান লাভ কৰিছিল। কিন্তু আঘাতৰ ফলত দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ পৰা বাদ পৰে ৰিয়ান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...