IPL 2025: কাইলৈ আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেচ, বিয়লি ৩.৩০ বজাৰ পৰা হ’ব আৰম্ভ
আই পি এল-২০২৫ ৰ এয়া জয়পুৰত হ’বলগা প্ৰথমখন মেচ। এই মেচৰ বাবেই আজি আহি পিংক চিটীত উপস্থিত হৈছে আৰ আৰ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ। বিমান বন্দৰত বৰঠাকুৰক উষ্ম আদৰণি জনোৱা হয়।

কাইলৈ আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেচ
ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ইতিমধ্যে পাঁচখন মেচ খেলিছে যদিও গৃহভূমি জয়পুৰত দলটোৱে অভিযান আৰম্ভ কৰিবলৈ অপেক্ষা কৰি আছে। ১৩ এপ্ৰিলত দলে সবাই মানসিং ষ্টেডিয়ামত আই পি এল-২০২৫ ৰ প্ৰথমখন ঘৰুৱা মেচত অৱতীৰ্ণ হ’ব। আৰ চি বিৰ বিৰুদ্ধে খেলিব লগা এই হাইভল্টেজ মেচখন বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব।
চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে আৰ চি বিৰ বিৰুদ্ধে খেলিব। আই পি এল-২০২৫ ৰ এয়া জয়পুৰত হ’বলগা প্ৰথমখন মেচ। এই মেচৰ বাবেই আজি আহি পিংক চিটীত উপস্থিত হৈছে আৰ আৰ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ। বিমান বন্দৰত বৰঠাকুৰক উষ্ম আদৰণি জনোৱা হয়।
উল্লেখ্য যে এইবাৰ ৰয়েলছে জয়পুৰত পিংক প্ৰ’মিছ মেচসহ মুঠ পাঁচখন খেল খেলিব৷ ইয়াৰপূৰ্বে আৰ আৰ দলে গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত প্ৰথম দুখন ঘৰুৱা মেচত কে কে আৰ আৰু চি এছ কেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল। ৰয়েলছে আৰ চি বিৰ লগতে জয়পুৰত লক্ষ্ণৌ, গুজৰাট, মুম্বাই আৰু পঞ্জাৱৰ বিৰুদ্ধে খেলিব৷ অহা এক মে’ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰমিজ’ মেচ বিশেষ আকৰ্ষনীয় হ’ব।
ইতিমধ্যে প্ৰতিখন মেচৰ টিকট বুকমাই শ্ব’ত মুকলি কৰাৰ লগতে যোৱা সাত এপ্ৰিলৰ পৰা ষ্টেডিয়াম চৌহদত টিকট কাউণ্টাৰ মুকলি কৰা হৈছে৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভনি কৰে যদিও গুৱাহাটী আৰু চণ্ডিগড়ত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়। ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে।