বিচিচিআইক এইবাৰ মুকলি প্ৰত্যাহ্বান পিচিবিৰ! গ্ৰহণ কৰিলে এনে সিদ্ধান্ত…

চেম্পিয়নছ ট্ৰফী ২০২৫ক কেন্দ্ৰ কৰি বিচিচিআইৰ ওপৰত যেন এতিয়াও খৰ্গহস্ত হৈ আছে পিচিবি! এনে পৰিস্থিতিতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এতিয়া যেন বিচিচিআইক স্পষ্টকৈ প্ৰত্যাহ্বান জনাইছে। পিচিবিয়ে আজি গ্ৰহণ কৰা এক সিদ্ধান্তই এনে চৰ্চাৰে সূচনা কৰিছে ক্ৰিকেট বিশ্বত।

বিচিচিআইক এইবাৰ মুকলি প্ৰত্যাহ্বান পিচিবিৰ! গ্ৰহণ কৰিলে এনে সিদ্ধান্ত…

বিচিচিআইক প্ৰত্যাহ্বান পিচিবিৰ!

Published: 

28 Feb 2025 | 05:14 PM

চেম্পিয়নছ ট্ৰফী ২০২৫ক কেন্দ্ৰ কৰি বিচিচিআই আৰু পিচিবিৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ। বিচিচিআইয়ে প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈ হাইব্ৰিড মডেলৰ প্ৰস্তাৱ দিয়াৰ পিছত পিচিবিয়ে প্ৰথম অৱস্থাত বিচিচিআইৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰিছিল। হাইব্ৰিড মডেলৰ প্ৰস্তাৱতো সমৰ্থন জনোৱা নাছিল পিচিবিয়ে। অৱশ্যে পিছত পিচিবিয়ে এই স্থিতি ত্যাগ কৰিবলৈ বাধ্য হয় আৰু এতিয়া হাইব্ৰিড মডেলতে অনুষ্ঠিত হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫। এই বিষয়ক কেন্দ্ৰ কৰি বিচিচিআইৰ ওপৰত যেন এতিয়াও খৰ্গহস্ত হৈ আছে পিচিবি!

এনে পৰিস্থিতিতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এতিয়া যেন বিচিচিআইক স্পষ্টকৈ প্ৰত্যাহ্বান জনাইছে। পিচিবিয়ে আজি গ্ৰহণ কৰা এক সিদ্ধান্তই এনে চৰ্চাৰে সূচনা কৰিছে ক্ৰিকেট বিশ্বত। চলিত চেম্পিয়নছ ট্ৰফীৰ মাজতে আজি পিচিবিয়ে পাকিস্তান ছুপাৰ লীগৰ সূচী ঘোষণা কৰিছে। লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাৰ জৰিয়তে পিচিবিয়ে প্ৰত্যাহ্বান জনাইছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ আই পি এলক।

পিচিবিয়ে আজি এক আচৰিত সিদ্ধান্ত গ্ৰহণ কৰি পি এছ এলৰ দশম সংস্কৰণ আই পি এল ২০২৫ৰ মাজভাগতে আয়োজন কৰাৰ কথা ঘোষণা কৰিছে৷ পাকিস্তানৰ এই ক্ৰিকেট লীগ ১১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব, আনহাতে ১৮ মে’ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচ। ইফালে ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২৫ মে’ত অন্ত পৰিব। সেয়ে পিচিবিয়ে এই সূচীৰে বিচিচিআইক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছে বুলিয়েই ক্ৰিকেটপ্ৰেমীয়ে অনুভৱ কৰিছে।

পাকিস্তান ছুপাৰ লীগ ২০২৫ৰ প্ৰথমখন খেল ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব ডিফেণ্ডিং চেম্পিয়ন ইছলামবাদ ইউনাইটেড আৰু লাহোৰ কালাণ্ডাৰছৰ মাজত। এই ছিজনত প্ৰতিযোগিতাৰ ৩৪খন মেচ কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডীত অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ত ৩০খন মেচৰ পিছত ১৩ আৰু ১৪ মে’ত এলিমিনেটৰ ১ আৰু ১৬ মে’ত এলিমিনেটৰ ২ অনুষ্ঠিত হ’ব। ১৮ মে’ত লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল।

লক্ষণীয়ভাৱে পাকিস্তানে পূৰ্বে এই প্ৰতিযোগিতা জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত আয়োজন কৰি আহিছে। এনে স্থিতিত আই পি এলৰ পূৰ্বে বিশ্বৰ বহু শীৰ্ষস্থানীয় খেলুৱৈক এই প্ৰতিযোগিতাত দেখা পোৱা গৈছিল। পিছে এইবাৰ বিচিচিআইক প্ৰত্যাহ্বান জনাবলৈ গৈ পিচিবিয়ে এই খেলুৱৈসকলক হেৰুওৱাৰ সম্ভাৱনাহে আছে। তদুপৰি বিশ্বজুৰি আইপিএলৰ জনপ্ৰিয়তালৈ চাই এইবাৰ পি এছ এলে দৰ্শক হেৰুওৱাৰো সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব