Champions Trophy 2025 : হাইব্ৰিড মডেলৰ বাবে সাজু পাকিস্তান, বান্ধি দিলে ৭ বছৰৰ চৰ্ত…কি এই চৰ্ত ?

শনিবাৰে পাকিস্তান ব’ৰ্ডৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে জনাইছে যে, পিচিবিয়ে হাইব্ৰিড মডেলৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত কোৱা হৈছে যে, কেৱল হাইব্ৰিড মডেলেই নহয়, পিচিবিয়েও ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে ।

Champions Trophy 2025 : হাইব্ৰিড মডেলৰ বাবে সাজু পাকিস্তান, বান্ধি দিলে ৭ বছৰৰ চৰ্ত...কি এই চৰ্ত ?

চেম্পিয়ন ট্ৰফী ২০২৫

Updated On: 

30 Nov 2024 18:11 PM

চেম্পিয়নছ ট্ৰফী ২০২৫ ক লৈ স্থিতি সলনি কৰিছে পাকিস্তানে । চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে টিম ইণ্ডিয়াই পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাৰ পিছৰে পৰা এই প্ৰতিযোগিতা সন্দৰ্ভত সংঘাতৰ সৃষ্টি হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বিচিচিআই আৰু আইচিচিৰ হাইব্ৰিড মডেলৰ দাবী নাকচ কৰি প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে নিজা ঘৰতে আয়োজন কৰাৰ দাবীত অটল আছিল । কিন্তু এক প্ৰতিবেদন অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেলৰ বাবে সাজু হৈছে আৰু এই কথাও আইচিচিক জনাইছে । মনকৰিবলগীয়া কথাটো হ’ল, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেলৰ বাবে সাজু হোৱাৰ লগতে ৭ বছৰৰ এক বিশেষ চৰ্ত বান্ধি দিছে ।

যোৱা কেইবা সপ্তাহ ধৰি চলি থকা সংঘাতৰ সুনিৰ্দিষ্ট সমাধানৰ বাবে আইচিচিয়ে ২৯ নৱেম্বৰ শুকুৰবাৰে ব’ৰ্ডৰ ভাৰ্চুৱেল বৈঠকৰ আহ্বান কৰিছিল। কিন্তু এই বৈঠক বেছি সময় অনুষ্ঠিত নহ’ল । মাত্ৰ ১০-১৫ মিনিটৰ ভিতৰতে এই বৈঠক শেষ হ’ল। এই বৈঠকত পুনৰবাৰ আইচিচিয়ে হাইব্ৰিড মডেলৰ প্ৰস্তাৱ আগবঢ়ায়, যিটো পিচিবিৰ মুৰব্বী মহছিন নাকৱীয়ে নাকচ কৰি পুনৰবাৰ সমগ্ৰ প্ৰতিযোগিতাখন পাকিস্তানত আয়োজন কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ বাবেই বৈঠক ২৪ ৰ পৰা ৪৮ ঘণ্টালৈ পিছুৱাই দিয়া হয়।

এতিয়া ৩০ নৱেম্বৰ শনিবাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে জনাইছে যে, পিচিবিয়ে হাইব্ৰিড মডেলৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত কোৱা হৈছে যে, কেৱল হাইব্ৰিড মডেলেই নহয়, পিচিবিয়েও ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে । কিন্তু পাকিস্তানে ইয়াৰ বাবে চৰ্ত ৰাখিছে। প্ৰতিবেদনত দাবী কৰা হৈছে য, পিচিবিয়ে আইচিচিক নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছে । পিচিবিয়ে অহা ৭ বছৰৰ বাবে অৰ্থাৎ ২০৩১ চনলৈকে অনুষ্ঠিত হ’বলগীয়া প্ৰতিখন প্ৰতিযোগিতাতে একেধৰণৰ আৰ্হি গ্ৰহণ কৰাৰ বাবে প্ৰস্তাৱ দিছে ।

উল্লেখ্য যে, ২০২৬ চনত ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। ২০২৯ চনত ভাৰতত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। ইয়াৰ পিছত ভাৰত আৰু বাংলাদেশে ২০৩১ চনত এদিনীয়া বিশ্বকাপ আয়োজন কৰিব লাগিব। পিচিবিয়ে বিচাৰে যে ,এই প্ৰতিযোগিতাসমূহতো একেধৰণৰ আৰ্হি গ্ৰহণ কৰিব লাগে । অৰ্থাৎ পাকিস্তানী ব’ৰ্ডৰ চৰ্ত হ’ল তেওঁলোকে নিজৰ দলটো কোনো প্ৰতিযোগিতাৰ বাবে ভাৰতলৈ প্ৰেৰণ নকৰে।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?