ছয় বছৰ বয়সতে দুৰ্ঘটনাত হেৰুৱাইছিল সোঁহাতঃ সেই নিষাদেই পেৰিছত উৰুৱালে ভাৰতীয় ধ্বজা

চলিত পেৰিছ পেৰালিম্পিকত দেওবাৰে পুৰুষৰ টি ৪৭ হাই জাম্প ইভেণ্টত ২.০৪ মিটাৰ জাঁপেৰে নিষাদ কুমাৰে লাভ কৰে ৰূপৰ পদক। এইদৰে ক্ৰীড়া মহাসমাৰোহখনিত ভাৰতৰ পদক তালিকাত সপ্তমটো পদকৰ সংযোজন ঘটে। পেৰালিম্পিক ব্ৰঞ্জ জয়ী এই খেলুৱৈগৰাকীয়ে মাত্ৰ ৬ বছৰ বয়সতে এক ভয়ানক দুৰ্ঘটনাত হেৰুৱাইছিল নিজৰ সোঁহাতখন।

ছয় বছৰ বয়সতে দুৰ্ঘটনাত হেৰুৱাইছিল সোঁহাতঃ সেই নিষাদেই পেৰিছত উৰুৱালে ভাৰতীয় ধ্বজা

ৰূপ জয়ী নিষাদ কুমাৰ

Published: 

02 Sep 2024 | 10:52 AM

যিকোনো ক্ষেত্ৰতে সাফল্যৰ পথত আহিব পাৰে অনেক বাধা। কিন্তু প্ৰবল আত্মবিশ্বাস, সাহস আৰু একাগ্ৰতাৰ সমুখত তেনে বাধা হৈ পৰে অতি নগণ্য। এই কথাষাৰকে পুনৰবাৰ প্ৰমাণিত কৰি তুলিলে নিষাদ কুমাৰে। ভাৰতৰ এই তাৰকা পেৰা এথলীটগৰাকীয়ে চলিত পেৰিছ পেৰালিম্পিকত দেওবাৰে দেশৰ ধ্বজা উত্তোলন কৰি লাভ কৰে ৰূপৰ পদক। পুৰুষৰ টি ৪৭ হাই জাম্প ইভেণ্টত ২.০৪ মিটাৰ জাঁপেৰে নিষাদে চলিত ক্ৰীড়া মহাসমাৰোহখনিত ভাৰতৰ পদক তালিকাত সপ্তমটো পদকৰ সংযোজন ঘটায়।

লক্ষণীয়ভাৱে বিগত টকিঅ’ পেৰালিম্পিকতো এই ইভেণ্টত ৰূপ জয় কৰা নিষাদে কালিৰ সফলতাৰে ধাৰাবাহিকভাৱে দুবাৰ পেৰালিম্পিক পদক জয়েৰে অনন্য কৃতিত্ব অৰ্জন কৰিছে। অহা ৩ অক্টোবৰত জীৱনৰ ২৫ সংখ্যক জন্মদিন পালন কৰিব নিষাদে। তাৰ পূৰ্বেই কালি পেৰিছৰ পৰা দেশবাসীক নিজৰ ফালৰ উদযাপনৰ সুযোগ আনি দিলে নিষাদে।

পেৰালিম্পিক ৰূপ জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰি তোলা নিষাদে এই সাফল্যৰ পথত এৰি আহিছে এক দুঃস্বপ্ন। মাত্ৰ ৬ বছৰ বয়সতে এক ভয়ানক দুৰ্ঘটনাই নিষাদৰ জীৱনলৈ নমাই আনিছিল অনাকাংক্ষিত পৰিস্থিতি। ঘাঁহ কটা মেচিনত সোমোৱাৰ ফলত দেহৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল নিষাদৰ সোঁহাতখন। কিন্তু এই ঘটনাই ৰুদ্ধ কৰিব নোৱাৰিলে নিষাদৰ ভৱিষ্যত।

মাতৃক অনুকৰণেৰে লক্ষ্যৰ দিশত বাট বুলিবলৈ আৰম্ভ কৰিছিল নিষাদে। তেওঁৰ মাতৃ আছিল ৰাজ্যিক পৰ্যায়ৰ এগৰাকী ভলীবল আৰু ডিস্কাছ থ্ৰ’ খেলুৱৈ। সেই সূত্ৰে মাতৃৰ পৰাই ক্ৰীড়াৰ প্ৰতি প্ৰেম জাগে নিষাদৰ। তাৰ পিছতে আৰম্ভ হ’ল নিষাদৰ অগ্ৰগতিৰ যাত্ৰা। ২০০৯ চনত আৰম্ভ কৰা এই যাত্ৰাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰথমটো সফলতা আহে ২০১৯ চনত।

সেই বৰ্ষত তেওঁ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ টি৪৭ হাই জাম্প শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এই সাফল্যৰে নিষাদে টকিঅ’ পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে। এই সুযোগ অথলে যাবলৈ নিদি টকিঅ’ত ৰূপ জয় কৰে পেৰা এথলীটগৰাকীয়ে। ইয়াৰ পিছত ২০২২ চনত চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছত নিষাদ কুমাৰে স্বৰ্ণ পদক লাভ কৰে।

জন্মসূত্ৰে হিমাচল প্ৰদেশৰ উনা জিলাৰ বদুৱান নামৰ এখন সৰু গাঁৱৰ বাসিন্দা নিষাদ। তেওঁ চণ্ডীগড়ৰ দশম খণ্ডৰ ডি এ ভি কলেজত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। ক্ৰীড়াক্ষেত্ৰত নিষাদ কুমাৰৰ সাফল্যৰ এই সাফল্যৰ পথত তেওঁক বিশেষভাৱে সহায় কৰে অলিম্পিক গোল্ড কুৱেষ্ট নামৰ এক বেচৰকাৰী সংস্থাই।

উল্লেখ্য যে নিষাদ কুমাৰৰ এই ৰূপৰ পদক হৈছে চলিত পেৰিছ পেৰালিম্পিকত ভাৰতৰ সপ্তমটো পদক। নিষাদৰ পূৰ্বে কালি স্প্ৰিণ্টাৰ প্ৰীতি পলে ২০০ মিটাৰ টি৩৫ ইভেণ্টত ব্ৰঞ্জ লাভ কৰে। এইদৰে চলিত প্ৰতিযোগিতাখনত দ্বিতীয়টো ব্ৰঞ্জ জয়ৰ কৃতিত্ব অৰ্জন কৰে প্ৰীতিয়ে। ইয়াৰ পূৰ্বে শুকুৰবাৰে ১০০ মিটাৰ টি৩৫ ইভেণ্টতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল স্প্ৰিণ্টাৰগৰাকীয়ে।

প্ৰতিযোগিতাখনত ১০ মিটাৰ এয়াৰ ৰাইফল SH1 ত স্বৰ্ণ জয়েৰে ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিছিল শ্বুটাৰ অৱনী লেখাৰাই। একেটা ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মোনা আগৰৱালে। আনহাতে মনীষ নৰৱালে ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ত ৰূপৰ পদক আৰু ৰুবিনা ফ্ৰান্সিছে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেণ্টত জয় কৰিছে ব্ৰঞ্জৰ পদক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব