জয়েৰে আৰম্ভ লাভলীনাৰ পেৰিছ অলিম্পিক যাত্ৰা, ন’ৰৱেৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

মহিলাৰ ৭৫ কেজি শাখাৰ ১৬ ৰাউণ্ডত নৰৱেৰ চুনিভা হফষ্টাডৰ বিৰুদ্ধে খেলে।  এই খেলখন বিয়লি ৩:৫০ বজাৰ পৰা আৰম্ভ হৈছিল । উল্লেখ্য যে, লাভলীনাই যোৱাবাৰ তথা টকিঅ’ ২০২০ত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

জয়েৰে আৰম্ভ লাভলীনাৰ পেৰিছ অলিম্পিক যাত্ৰা, নৰৱেৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ন'ৰৱেৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

Updated On: 

31 Jul 2024 | 05:12 PM

পেৰিছ অলিম্পিকত জয়েৰে যাত্ৰা আৰম্ভ কৰিলে লাভলীনা বৰগোহাঁইয়ে। ন’ৰৱেৰ প্ৰতিদ্বন্দ্বী সুনিভা হফষ্টেডক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে অসম কন্যাই।  ৫-০ ত নৰৱেৰ বক্সাৰগৰাকীক পৰাস্ত কৰে লাভলীনাই। আজি লাভলীনাই মহিলাৰ ৭৫ কেজি শাখাত নৰৱেৰ চুনিভা হফষ্টাডৰ বিৰুদ্ধে খেলে।  এই খেলখন বিয়লি ৩:৫০ বজাৰ পৰা আৰম্ভ হৈছিল । উল্লেখ্য যে, লাভলীনাই যোৱাবাৰ তথা টকিঅ’ ২০২০ত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

লাভলীনা বৰগোহাঁই প্ৰথম ৰাউণ্ডতে আক্ৰমণাত্মক হৈ পৰে। কিছু সময় পাছতেই খেল লাভলীনাৰ পক্ষলৈ আহে। ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত জয় লাভ কৰে।  ৰাউণ্ড অফ ১৬ত লাভলীনাই মুঠ ২৯-২৮, ৩০-২৭, ২৯-২৮, ৩০-২৭ আৰু ২৯-২৮ৰ স্ক’ৰ, মুঠ ৫-০ স্ক’ৰ  কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হ’ব চীনৰ খেলুৱৈ। ৪ আগষ্টৰ ৰাউণ্ড অফ-৮ ত লাভলীনাই চীনৰ বক্সাৰ লি কয়ানৰ বিৰুদ্ধে ৰিঙত নামিব। এই খেলত জয়ী হ’ব পাৰিলে লাভলীনাই ছেমি ফাইনেল পাব।

লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বিজেন্দৰ সিং আৰু এম এছ মেৰী কমৰ পিছত অলিম্পিক পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় লাভলীনা। লাভলীনাই ৭৫ কেজি শাখাত আহি ২০২২ চনত এছিয়ান চেম্পিয়ন আৰু ২০২৩ চনত বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল। ২০২৩ চনৰ এছিয়ান গেমছতো তেওঁ ৰূপৰ পদক লাভ কৰিছিল।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে