পেৰিছৰ ঐতিহাসিক সাফল্যই জীৱন সলাইছে ‘পকা মিস্ত্ৰীৰ পুত্ৰ’ নদীমৰঃ বৈছে পুৰস্কাৰৰ বন্যা

চলিত পেৰিছ অলিম্পিকত বৃ্হস্পতিবাৰে নদীমে ৯২.৯৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি ভংগ কৰে অলিম্পিকৰ পূৰ্বৰ সকলো অভিলেখ। ব্যক্তিগত ইভেণ্টত স্বৰ্ণ জয়ী প্ৰথমগৰাকী পাকিস্তানী খেলুৱৈ হিচাপে সৃষ্টি কৰে ইতিহাসৰ। প্ৰিয় খেলবিধৰ মূল সমল জেভলিনডালেই ক্ৰয় কৰিবলৈ এসময়ত অনুৰাগীৰ ওচৰত সহায়ৰ বাবে হাত পতা এই তাৰকাগৰাকীৰ শিৰত বৈছে এতিয়া উপহাৰৰ বন্যা।

পেৰিছৰ ঐতিহাসিক সাফল্যই জীৱন সলাইছে ‘পকা মিস্ত্ৰীৰ পুত্ৰ’ নদীমৰঃ বৈছে পুৰস্কাৰৰ বন্যা

পেৰিছত স্বৰ্ণ জয়ী আৰ্ছাদ নদীম

Updated On: 

09 Aug 2024 21:36 PM

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মিয়ান চুন্নুৰ এখন সৰু গাঁও। এই গাঁৱৰে এটা দৰিদ্ৰ পৰিয়ালৰ সন্তানে এতিয়া জিনিছে জগত। এগৰাকী পকা মিস্ত্ৰীৰ পুত্ৰ এই যুৱকজনে বিশ্বৰ বুকুত মহা গৰিমাৰে উত্তোলন কৰিছে পাকিস্তানৰ ধ্বজা। নাম তেওঁৰ আৰ্ছাদ নদীম। চলিত পেৰিছ অলিম্পিকত কালি নদীমে ইতিহাস ৰচনাৰে জেভলিন ইভেণ্টত চুম্বন আঁকিলে স্বৰ্ণ পদকত। অতিক্ৰম কৰিলে তেওঁৰে ‘আদৰ্শ প্ৰতিদ্বন্দী’ টকিঅ’ অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাক। বৃ্হস্পতিবাৰে নদীমে ৯২.৯৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি ভংগ কৰে অলিম্পিকৰ পূৰ্বৰ সকলো অভিলেখ। ব্যক্তিগত ইভেণ্টত স্বৰ্ণ জয়ী প্ৰথমগৰাকী পাকিস্তানী খেলুৱৈ হিচাপে সৃষ্টি কৰে ইতিহাসৰ।

এই অবিশ্বাস্য, দুৰন্ত সাফল্যৰে নদীমে মুহূৰ্ততে আকৰ্ষণ কৰে ক্ৰীড়াবিশ্বৰ দৃষ্টি। প্ৰিয় খেলবিধৰ মূল সমল জেভলিনডালেই ক্ৰয় কৰিবলৈ এসময়ত অনুৰাগীৰ ওচৰত সহায়ৰ বাবে হাত পতা এই তাৰকাগৰাকীৰ শিৰত বৈছে এতিয়া উপহাৰৰ বন্যা। কোটি কোটি টকাৰ পুৰস্কাৰেৰে উপচাই পেলোৱা হৈছে অলিম্পিক স্বৰ্ণ জয়ী আৰ্ছাদ নদীমক।

কেৱল সিমানেই নহয়, পকা মিস্ত্ৰী পিতৃ আৰু পৰিয়ালৰ সৈতে বসবাস কৰি অহা গাঁৱৰ ঘৰ এৰি এতি্যা বিলাসী ফ্লেটত বাসৰ দ্বাৰো মুকলি হৈছে নদীমৰ জীৱনত। নদীমৰ জন্মগাঁওখনত নাই যোগাযোগৰ কোনো উপযোগী ব্যৱস্থা, নাই এক পকী পথ বা অত্যাধুনিক কোনো সা-সুবিধা। এনে এক পৰিৱেশৰ পৰা আহি কালি পেৰিছত স্বৰ্ণ জয় কৰাৰ পিছতে নদীমক আগবঢ়োৱা হৈছে এক বিলাসী ফ্লেট।

এ আৰ ৱাই লগুনা নামৰ এক প্ৰতিষ্ঠানৰ অধ্যক্ষ ছলমান ইকবালে এই ফ্লেট আৰ্ছাদ নদীমলৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। কৰাচী বা গুজৰাণৱালাত এই বিলাসী ফ্লেট দিয়া হ’ব বুলি ঘোষণা কৰিছে ইকবালে। তদুপৰি পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজে আৰ্ছাদ নাদীমক ১০ কোটি পাকিস্তানী টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।

একেদৰে পাকিস্তান পিপলছ পাৰ্টিৰ সিন্ধ চৰকাৰে দেশখনক গৌৰৱান্বিত কৰি তোলা খেলুৱৈগৰাকীৰ বাবে ৫ কোটি টকাৰ ঘোষণা কৰাৰ বিপৰীতে চুক্কুৰ চহৰৰ মেয়ৰেও তেওঁক এক সোণৰ মুকুট দিয়াৰ কথা ঘোষণা কৰে। কেৱল এয়াই নহয়, কৰাচী, পাকিস্তান আৰু সিন্ধৰ চুক্কুৰ চহৰৰ ক্ৰীড়া সুবিধাসমূহো আৰ্ছাদ নাদীমৰ নামেৰে নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...