পেৰিছত পুনৰ ভাৰতীয় ধ্বজা উত্তোলন ভাৰতীয় শ্বুটাৰৰঃ ব্ৰঞ্জ জিনিলে স্বপ্নিল কুছালেই

শ্বুটাৰ স্বপ্নিল কুছালে ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ব্ৰঞ্জৰ পদক জয়েৰে সৃষ্টি কৰিছে ইতিহাস। এই ইভেণ্টত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে কুছালে। গত তিনিবাৰৰ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ’লেও নিজৰ প্ৰথমখন অলিম্পিকত কুছালে পাতনি মেলে এক ঈৰ্ষণীয় ইতিহাসৰ।

পেৰিছত পুনৰ ভাৰতীয় ধ্বজা উত্তোলন ভাৰতীয় শ্বুটাৰৰঃ ব্ৰঞ্জ জিনিলে স্বপ্নিল কুছালেই

পেৰিছত ব্ৰঞ্জ জয় স্বপ্নিল কুছালেৰ

Published: 

01 Aug 2024 16:08 PM

চলিত পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ সাফল্যৰ আধাৰ হৈ পৰিছে শ্বুটিং। ইতিপূৰ্বে শ্বুটিঙৰ জৰিয়তেই পেৰিছত দুটাকৈ পদক নিজৰ তালিকাত সংযোজন ঘটোৱা ভাৰতে আজি শ্বুটিঙত লাভ কৰিছে আন এটা পদক। শ্বুটাৰ স্বপ্নিল কুছালে ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ব্ৰঞ্জৰ পদক জয়েৰে সৃষ্টি কৰিছে ইতিহাস। এই ইভেণ্টত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে কুছালে। গত তিনিবাৰৰ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ’লেও নিজৰ প্ৰথমখন অলিম্পিকত কুছালে পাতনি মেলে এক ঈৰ্ষণীয় ইতিহাসৰ।

লক্ষণীয়ভাৱে ব্ৰঞ্জ জয়ৰ পথত কুছালে অতিক্ৰম কৰে বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ প্ৰিভৰাটস্কি জিৰিক। কুছালে ৪৫১.৪ পইণ্টেৰে এই ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰে। আনহাতে চীনৰ এলইউ য়ুকুনে ৪৬৩.৬ পইণ্টেৰে স্বৰ্ণ আৰু ইউক্ৰেইনৰ কুলিশ চেৰহিয়ে ৪৬১.৩ পইণ্টেৰে ৰূপ জয় কৰে।

পেৰিছত এইপৰ্যন্ত ভাৰতে লাভ কৰিছে তিনিটা ব্ৰঞ্জ পদক আৰু এই আটাইকেইটা পদক ভাৰতে শ্বুটিঙৰ জৰিয়তেই লাভ কৰিছে। মনু ভাকেৰে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতীয় দলক প্ৰথমটো পদক প্ৰদান কৰাৰ পিছত সৰৱজোৎ সিঙৰ সৈতে যুটি বান্ধি ভাকেৰে মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

ইফালে স্বপ্নিল কুছালে অলিম্পিকত পদক জয় কৰা ভাৰতৰ সপ্তমগৰাকী শ্বুটাৰ হিচাপে পৰিগণিত হৈছে। শ্বুটিঙত ভাৰতৰ হৈ প্ৰথমটো অলিম্পিক পদক লাভ কৰিছিল ৰাজ্যবৰ্ধন সিং ৰাথোড়ে। ২০০৪ চনৰ এথেন্স অলিম্পিকত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে ২০০৮ চনৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই সোণৰ পদক লাভ কৰিছিল।

আনহাতে ২০১২ চনৰ লণ্ডন অলিম্পিকত বিজয় কুমাৰে ৰূপৰ পদক আৰু গগন নাৰঙে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখ্য যে অলিম্পিক পদকৰ পূৰ্বে স্বপ্নিল কুছালেই কায়ৰোত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০২১ চনত দিল্লীত অনুষ্ঠিত বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰিছিল কুছালেই।

তদুপৰি ২০২২ চনৰ এছিয়ান গেমছত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল। সেই বছৰতে জাকাৰ্টাত অনুষ্ঠিত এছিয়ান ৰাইফল-পিষ্টল চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে। এনে সাফল্যৰ পথেৰে আগবাঢ়ি আজি অলিম্পিক পদক জয়েৰে নিজৰ কেৰিয়াৰক অনন্য গতিৰে তুলি ধৰিছে স্বপ্নিল কুছালেই।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension