পেৰিছত আজি ভাৰতৰ খেলঃ পদক জয়ৰ সম্ভাৱনা থকা কেইবাটাও ইভেণ্টত আগবঢ়াব প্ৰতিদ্বন্দিতা

আজি অলিম্পিকৰ কেইবাটাও ইভেণ্টত ভাৰতীয় খেলুৱৈয়ে আৰম্ভ কৰিব অভিযান। অলিম্পিক আজি প্ৰতিদ্বন্দিতাত নামিব এইবাৰ সম্ভাৱ্য পদকজয়ী ক্ৰেইবাজনো খেলুৱৈৰ লগতে যোৱাবাৰৰ পদকজয়ী পুৰুষ হকী দলটোও। পেৰিছত আজি প্ৰতিদ্বন্দিতা আগবঢ়াবলগীয়া ভাৰতীয় খেলুৱৈৰ ইভেণ্ট আৰু খেলৰ সময় চাওঁ আহক।

পেৰিছত আজি ভাৰতৰ খেলঃ পদক জয়ৰ সম্ভাৱনা থকা কেইবাটাও ইভেণ্টত আগবঢ়াব প্ৰতিদ্বন্দিতা

অলিম্পিকত আজি ভাৰতৰ খেল

Published: 

27 Jul 2024 12:40 PM

শুকুৰবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল পেৰিছ অলিম্পিক ২০২৪। আজি অলিম্পিকৰ কেইবাটাও ইভেণ্টত ভাৰতীয় খেলুৱৈয়ে আৰম্ভ কৰিব অভিযান। অলিম্পিক আজি প্ৰতিদ্বন্দিতাত নামিব এইবাৰ সম্ভাৱ্য পদকজয়ী ক্ৰেইবাজনো খেলুৱৈৰ লগতে যোৱাবাৰৰ পদকজয়ী পুৰুষ হকী দলটোও। পেৰিছত আজি প্ৰতিদ্বন্দিতা আগবঢ়াবলগীয়া ভাৰতীয় খেলুৱৈৰ ইভেণ্ট আৰু খেলৰ সময় চাওঁ আহক-

আজি ভাৰতৰ হৈ পেৰিছত প্ৰথম প্ৰতিদ্বন্দিতাত নামিছে বলৰাজ পানৱাৰ। দুপৰীয়া ১২.৩০ বজাৰ পৰা আৰম্ভ হোৱা ৰ’ৱিঙৰ পুৰুষৰ একক স্কালছ্ শাখাত অৱতীৰ্ণ হৈছে পানৱাৰ।

দুপৰীয়া ১২.৩০ বজাতে শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ মিক্সড ডাবলছ শাখাত ৰমিতা জিন্দাল-অৰ্জুন বাবুটা যুটি আৰু এলাভেনিল ভালাৰিভান-সন্দীপ সিঙৰ যুটিয়ে। এই কোৱালিফিকেচন ৰাউণ্ডত শীৰ্ষ চাৰিটা স্থান লাভ কৰা যুটি কেইটাই পদকৰ বাবে প্ৰতিদ্বন্দিতাত নামিব। কোৱালিকেচন ৰাউণ্ডত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা যুটিকেইটাই সোণৰ পদকৰ বাবে আৰু তৃতীয়-চতুৰ্থ স্থান লাভ কৰা যুটিকেইটাই ব্ৰঞ্জৰ পদকৰ প্ৰতিদ্বন্দিতাত নামিব।

দুপৰীয়া ২ বজাত শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষৰ কোৱালিফায়িং ৰাউণ্ডত অৰ্জুন সিং চিমা আৰু সৰবজোত সিঙে প্ৰতিদ্বন্দিতা আগবঢ়াব।

বিয়লি ৩:৩০ বজাত টেনিছত পুৰুষৰ ডাবলছ শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচ অনুষ্ঠিত হ’ব। পদক জয়ৰ প্ৰবল দাবীদাৰ হিচাপে আশা কৰা ভাৰতীয় যুটী ৰোহন বোপান্না আৰু এন শ্ৰীৰাম বালাজীয়ে ফ্ৰান্সৰ এডৱাৰ্ড ৰজাৰ-ভাচেলিন আৰু ফেবিয়ান ৰেব’লৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

বিয়লি ৪ বজাত শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ মহিলাৰ কোৱালিফায়িং ৰাউণ্ডত অৱতীৰ্ণ হ’ব মনু ভাকেৰ আৰু ৰিদম চাংৱান। এইবাৰ মনু ভাকেৰক পদকৰ অন্যতম দাবীদাৰ হিচাপে ধৰা হৈছে।

সন্ধিয়া ৭:১০ বজাৰ বেডমিণ্টনত পুৰুষৰ একক শাখাত আন এগৰাকী পদক জয়ৰ সম্ভাৱ্য তাৰকা লক্ষ্য সেনে গুয়াটেমালাৰ কেভিন কৰ্ডনৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

সন্ধিয়া ৭:১৫ বজাৰ পৰা টেবিল টেনিছত পুৰুষৰ একক শাখাৰ প্ৰাৰম্ভিক ৰাউণ্ড হৰমীত দেশায়ে জৰ্ডানৰ জাইদ আবো ইয়ামানৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

নিশা ৮ বজাত বেডমিণ্টনত পুৰুষৰ ডাবলছ শাখাত চিৰাগ সাইৰাজ আৰু চিৰাগ চেট্টী যুটিয়ে ফ্ৰান্সৰ লুকাছ কৰ্ভি আৰু ৰ’নান লাবাৰৰ বিপক্ষে অভিযান আৰম্ভ কৰিব। এইবাৰ এই যুটিৰ ওপৰত ভাৰতে পদক জয়ৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰিছে।

আনহাতে নিশা ৮.২০ বজাত বেডমিণ্টনত মহিলা ডাবলছত টানিশা আৰু অস্বীনিৰ যুটিয়ে কোৰিয়াৰ প্ৰতিদ্বন্দীৰ বিপক্ষে অভিযান আৰম্ভ কৰিব।

নিশা ১১:৫০ বজাত মহিলা ডাবলছত অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টোৱেও কোৰিয়ান প্ৰতিদ্বন্দীৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

নিশা ৯ বজাত হকীত অভিযান আৰম্ভ কৰিব ভাৰতে। নিউজিলেণ্ডৰ বিপক্ষে গ্ৰুপ পৰ্যায়ৰ মেচত অৱতীৰ্ণ হ’ব যোৱাবাৰৰ ব্ৰঞ্জ বিজয়ী ভাৰতীয় পুৰুষ দলে। এইবাৰো ভাৰতীয় দলটোৰ পৰা পদকৰ আশা কৰা হৈছে।

নিশা ১২:০৫ বজাত বক্সিঙৰ মহিলাৰ ৫৪ কেজি ওজনৰ প্ৰথম ৰাউণ্ডৰ মেচত প্ৰীতি পাৱাৰে ভিয়েটনামৰ থি কিম আন ভোৰ বিপক্ষে ৰিঙত নামিব।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?