অলিম্পিকৰ পৰা বাহিৰঃ নখ কাটিছিল, দেহৰ পৰা তেজ উলিয়াইছিল! বিনেশ ফ’গাটে আৰু কি কি কৰিছিল

মল্লযুঁজত যুঁজাৰুয়ে মাত্ৰ ১০০ গ্ৰাম বেছি থাকিলেহে ৰেহাই পায় । উদাহৰণ স্বৰূপে বিনেশৰ ওজন যদি ৫০ কিলোগ্ৰাম বা ১০০ গ্ৰাম বেছি হ’লহেঁতেন তেন্তে তেওঁ স্বৰ্ণ জয়ৰ খেল খেলিব পাৰিলহেতেন।

অলিম্পিকৰ পৰা বাহিৰঃ নখ কাটিছিল, দেহৰ পৰা তেজ উলিয়াইছিল! বিনেশ ফগাটে আৰু কি কি কৰিছিল

বিনেশ

Updated On: 

07 Aug 2024 | 01:27 PM

আনন্দৰ মাজতে বুধবাৰে পেৰিছ অলিম্পিকৰ পৰা  দেশলৈ আহিল এক বেয়া খবৰ। পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ’ল ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাট। ৫০ কেজিৰ শাখাৰ পৰা অযোগ্য ঘোষণা কৰা হয় বিনেশ ফ’গাটক ।৫০ কেজিতকৈ ১০০ গ্ৰাম বেছি হোৱা বাবে সপোন পূৰণ কৰাৰ পৰা বঞ্চিত হয় বিনেশ ফ’গাট। ইয়াৰ লগে লগে সমগ্ৰ দেশবাসীৰ মাজত এক অনাকাংক্ষিত দুখে বিৰাজ কৰিছে।

তথ্য অনুসৰি মঙলবাৰে নিশা বিনেশ ফ’গাটৰ ওজন ২ কেজি বেছি আছিল। জানিব পৰা মতে এই ওজন কমাবলৈ তেওঁ যথেষ্ঠ কষ্ট কৰিছিল। ছেমি ফাইনেল মেচত জয়ী হোৱাৰ সময়ত তেওঁৰ ওজন আছিল প্ৰায় ৫২ কেজি আৰু তাৰ পিছত সেই ওজন কমাবলৈ বিনেশে সকলো ধৰণৰ প্ৰয়াস কৰিছিল আনকি শৰীৰৰ পৰা তেজো উলিয়াইছিল।

তেজ উলিয়াইছিল

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছেমি ফাইনেলত জয়লাভ কৰি বিনেশ ফ’গাটে ওজন হ্ৰাস কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল। তেওঁ গোটেই নিশা উজাগৰে থাকি ওজন হ্ৰাস কৰাৰ চেষ্টা কৰে। স্প’ৰ্টছ ষ্টাৰৰ প্ৰতিবেদন অনুসৰি বিনেশ ফ’গাটে ওজন কমোৱাৰ বাবে চাইকেল চলাইিল আৰু  স্কিপিং কৰিছিল। কেৱল এয়াই নহয় চুলি আৰু নখো কাটিছিল।  তাতকৈ ডাঙৰ কথা বিনেশ ফ’গাটে ওজন হ্ৰাস কৰাৰ পাৰে শৰীৰৰ পৰা তেজ উলিয়াইছিল। তাৰ পাছত তেওঁৰ ওজন হয় ৫০ কেজি ১৫০ গ্ৰাম।

নিয়ম

মল্লযুঁজত যুঁজাৰুয়ে মাত্ৰ ১০০ গ্ৰাম বেছি থাকিলেহে ৰেহাই পায় । উদাহৰণ স্বৰূপে বিনেশৰ ওজন যদি ৫০ কিলোগ্ৰাম বা ১০০ গ্ৰাম বেছি হ’লহেঁতেন তেন্তে তেওঁ স্বৰ্ণ জয়ৰ খেল খেলিব পাৰিলহেতেন। কিন্তু তেওঁৰ ওজন ১৫০ গ্ৰাম বেছি আছিল যাৰ বাবে অলিম্পিকৰ খেলৰ পৰা বাহিৰ হবলগীয়া হয়। মল্লযুঁজ কৰাৰ আগত খেলুৱৈৰ ওজন জোখা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...