ইতিহাস সৃষ্টিকাৰী নদীমলৈ পাকিস্তানৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান

পেৰিছ অলিম্পিকত ঐতিহাসিক স্বৰ্ণ জয়ৰ পিছত পাকিস্তানৰ তাৰকা আৰ্শদ নদীম স্বদেশত উপস্থিত হৈছে। নদীমে স্বদেশত অৱতৰণ কৰাৰ পূৰ্বেই পাকিস্তান চৰকাৰে তাৰকাগৰাকীক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘হিলাল-ই-পাকিস্তান’ - ৰে সন্মানিত কৰিছে। এই গুৰুত্বপূৰ্ণ সন্মানেৰে সন্মানিত হোৱা দেশৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে নদীম।

ইতিহাস সৃষ্টিকাৰী নদীমলৈ পাকিস্তানৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান

অলিম্পিক স্বৰ্ণজয়ী আৰ্ছাদ নদীম

Updated On: 

11 Aug 2024 15:30 PM

পেৰিছ অলিম্পিকত ঐতিহাসিক স্বৰ্ণ জয়েৰে স্বদেশলৈ উভতিছে আৰ্ছাদ নদীম। পাকিস্তানক প্ৰথমটো ব্যক্তিগত অলিম্পিক স্বৰ্ণ উপহাৰ দিয়া নদীমক আদৰণি জনাবলৈ লাহোৰ বিমানবন্দৰত সমবেত হৈছিল অলেখ অযুত অনুৰাগী। মাজনিশা আৰ্ছাদ নদীমে স্বদেশ অভিমুখে ৰাওনা হোৱা বিমানখন লাহোৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে বিপুল সংখ্যক অনুৰাগীয়ে উষ্ম আদৰণি জনায় দেশক গৌৰৱান্বিত কৰি তোলা তাৰকা খেলুৱৈগৰাকীক। কেৱল বিমানবন্দৰতে নহয়, দেশৰ সৰ্বপ্ৰান্তত অলিম্পিক স্বৰ্ণজয়ী নদীমৰ স্বদেশ আগমণক লৈ পাকিস্তানবাসীৰ মাজত পৰিলক্ষিত হয় অনন্য উন্মাদনা।

নদীমে স্বদেশত অৱতৰণ কৰাৰ পূৰ্বেই পাকিস্তান চৰকাৰে তাৰকাগৰাকীলৈ আগবঢ়াইছে দেশৰ অন্যতম গুৰুত্বপূৰ্ণ সন্মান। পাকিস্তানৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘হিলাল-ই-ইমতিয়াজ’ – ৰে সন্মানিত কৰা হৈছে আৰ্ছাদ নদীমক। এই গুৰুত্বপূৰ্ণ সন্মানেৰে সন্মানিত হোৱা দেশৰ পঞ্চমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে নদীম।

উল্লেখ্য যে পেৰিছত টকিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী ভাৰতৰ নীৰজ চোপ্ৰাক অতিক্ৰমি আৰ্ছদ নদীমে জেভলীনত জিনিছিল স্বৰ্ণ।  দিয়া হ’ব। ৯২.৯৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰি নদীমে নতুন অলিম্পিক অভিলেখ স্থাপন কৰি জয় কৰে স্বৰ্ণ পদক। এইদৰে অলিম্পিকৰ ইতিহাসত ব্যক্তিগত ইভেণ্টত স্বৰ্ণ জয় কৰা পাকিস্তানৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় নদীপ।

এনে অনন্য সাফল্যৰে দেশক গৌৰৱান্বিত কৰি তোলা আৰ্ছাদ নদীমক কেন্দ্ৰ কৰি পাকিস্তানত সৃষ্টি হৈছে আনন্দমুখৰ পৰিৱেশৰ। দেশৰ প্ৰতিটো প্ৰান্ততে উদযাপন কৰা হৈছে নদীমৰ এই ঐতিহাসিক সাফল্যক। প্ৰতিখন চহৰতে লগোৱা হৈছে নদীমৰ হৰ্ডিং। এনে ঐতিহাসিক ক্ষণ দেশক প্ৰদান কৰা নদীমৰ জন্মগাঁও মিয়ান চুন্নুৰ পথটোও পকী কৰি নিৰ্মাণ কৰা হৈছে।

সমান্তৰালকৈ আৰ্ছাদ নদীমক উপচাই তোলা হৈছে অগণন পুৰস্কাৰেৰে। মিয়ান চুন্নুৰ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান নদীমলৈ এই অনন্য ইতিহাস সৃষ্টিৰ বাবে আগবঢ়োৱা হৈছে এক বিলাসী ফ্লেট। এ আৰ ৱাই লগুনা নামৰ এক প্ৰতিষ্ঠানৰ অধ্যক্ষ ছলমান ইকবালে এই ফ্লেট আৰ্ছাদ নদীমলৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

আনহাতে নদীমলৈ ১০ কোটি পাকিস্তানী টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজে। পাকিস্তান পিপলছ পাৰ্টিৰ সিন্ধ চৰকাৰে ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। তদুপৰি চুক্কুৰ চহৰৰ মেয়ৰেও নদীমক এক সোণৰ মুকুট দিয়াৰ কথা ঘোষণা কৰে। ইফালে  কৰাচী আৰু সিন্ধৰ চুক্কুৰ চহৰৰ ক্ৰীড়া সুবিধাসমূহো আৰ্ছাদ নাদীমৰ নামেৰে নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰিছে প্ৰশাসনে।

নেমুৰ ৰসে আঁতৰাব মুখৰ ক’লা দাগ! কিন্তু কেনেকৈ?
আঁতৰি থাকক এনে বন্ধুৰ পৰা! কৰিব পাৰে বিশ্বাসঘাটকতা...
মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...