মহিলা এদিনীয়া বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে পাকিস্তান, PCBৰ অধ্যক্ষই ক’লে…

ICC Women’s World Cup 2025: নাকভিয়ে স্পষ্ট কৰি দিয়ে যে যিহেতু ভাৰতে প্ৰতিযোগিতাখন আয়োজন কৰিছে, গতিকে পাকিস্তানৰ মেচৰ নিৰপেক্ষ স্থান ভাৰতে নিৰ্ধাৰণ কৰিব । আইচিচি মহিলা বিশ্বকাপ কোৱালিফায়াৰত বাংলাদেশৰ-পাকিস্তানৰ মেচৰ পিছত নাকভিয়ে সাংবাদিকৰ আগত কয় যে, "চুক্তি অনুসৰি সকলো হ’ব।ভাৰতেই সিদ্ধান্ত ল’ব যে মেচখন ক’ত হ’ব কাৰণ তেওঁলোক আয়োজক।"

মহিলা এদিনীয়া বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে পাকিস্তান, PCBৰ অধ্যক্ষই কলে...

বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে পাকিস্তান

Published: 

20 Apr 2025 | 11:55 AM

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে পাকিস্তান মহিলা ক্ৰিকেট দল। বৰঞ্চ চলিত বৰ্ষৰ আৰম্ভণিতে গ্ৰহণ কৰা হাইব্ৰিড মডেল চুক্তি অনুসৰি দলটোৱে নিজৰ মেচসমূহ নিৰপেক্ষ স্থানত খেলিব।

নাকভিয়ে স্পষ্ট কৰি দিয়ে যে যিহেতু ভাৰতে প্ৰতিযোগিতাখন আয়োজন কৰিছে, গতিকে পাকিস্তানৰ মেচৰ নিৰপেক্ষ স্থান ভাৰতে নিৰ্ধাৰণ কৰিব । আইচিচি মহিলা বিশ্বকাপ কোৱালিফায়াৰত বাংলাদেশৰ-পাকিস্তানৰ মেচৰ পিছত নাকভিয়ে সাংবাদিকৰ আগত কয় যে, “চুক্তি অনুসৰি সকলো হ’ব।ভাৰতেই সিদ্ধান্ত ল’ব যে মেচখন ক’ত হ’ব কাৰণ তেওঁলোক আয়োজক।”

দীৰ্ঘদিনীয়া ৰাজনৈতিক উত্তেজনাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট সম্পৰ্ক আইচিচি প্ৰতিযোগিতা আৰু এছিয়া কাপত সীমাবদ্ধ হৈ আছে। ভাৰতে শেষবাৰৰ বাবে ২০০৮ চনত এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল, আনহাতে তেওঁলোকৰ শেষৰখন দ্বিপাক্ষিক শৃংখলা ২০১২-১৩ চনত ভাৰতত আছিল। তাৰ পিছৰ পৰা দুয়োটা দলে কেৱল বহুজাতিক ইভেণ্টতহে মুখামুখি হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে পাকিস্তানে আয়োজন কৰা চেম্পিয়নছ ট্ৰফীৰ সময়তো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ভাৰতে পাকিস্তানৰ মাটিত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত আইচিচিয়ে নিৰপেক্ষ স্থানতো প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে হাইব্ৰিড মডেলৰ অনুমোদন দিবলৈ বাধ্য হয়।

ইফালে, পাকিস্তানত অনুষ্ঠিত হোৱা আইচিচি মহিলা এদিনীয়া বিশ্বকাপ কোৱালিফায়াৰত অপৰাজিত অভিযানৰ অন্তত পাকিস্তানৰ মহিলা দলটোৱে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। দলটোৱে পাঁচখন মেচতে জয়লাভ কৰি বাংলাদেশৰ সৈতে স্থান দখল কৰিবলৈ সক্ষম হয়, যিয়ে দ্বিতীয় যোগ্যতা অৰ্জনৰ স্থান দখল কৰিছিল। উল্লেখ্য যে, ২৬ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫। য’ত ভাৰত, ইংলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, পাকিস্তান, আৰু বাংলাদেশৰ দলসমূহে অংশগ্ৰহণ কৰিব।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে