এছিয়া কাপৰ বাবে দল ঘোষণা পাকিস্তানৰ, স্থান নহ’ল বাবৰ-ৰিজৱানৰঃ নেতৃত্বত এইগৰাকী খেলুৱৈ

বিগত সময়ছোৱাত পাকিস্তান ক্ৰিকেট দলৰ দুই প্ৰধান খেলুৱৈ হিচাপে পৰিগণিত হৈছিল বাবৰ আৰু ৰিজৱান। আটাইকেইটা ফৰ্মেটতে দুয়োগৰাকী তাৰকাই দলৰ বেটিং বিভাগত শক্তি প্ৰদান কৰিছিল। অৱশ্যে টি-২০ ফৰ্মেটত দুয়োগৰাকী তাৰকাৰ বেটিং ষ্ট্ৰাইক ৰেটক লৈ প্ৰায়ে প্ৰশ্ন উত্থাপন হৈছিল।

এছিয়া কাপৰ বাবে দল ঘোষণা পাকিস্তানৰ, স্থান নহ’ল বাবৰ-ৰিজৱানৰঃ নেতৃত্বত এইগৰাকী খেলুৱৈ

বাহিৰ হ’ল বাবৰ-ৰিজৱান

Published: 

17 Aug 2025 | 04:19 PM

অহা ছেপ্টেম্বৰৰ পৰা আৰম্ভ এছিয়া কাপ ২০২৫ ইউ ইত অনুষ্ঠিত বলগীয়া এই প্ৰতিযোগিতাৰ বাবে আজি দল ঘোষণা কৰিছে পাকিস্তানে এছিয়া কাপৰ সমান্তৰালকৈ আগন্তুক ত্ৰিদেশীয় শৃংখলাৰ বাবেও পাকিস্তানে আজি দল ঘোষণা কৰিছে লক্ষণীয়ভাৱে ঘোষিত এই দলটোৰ পৰা বাদ পৰিছে পাকিস্তানৰ দুগৰাকী প্ৰধান খেলুৱৈ বাবৰ আজম আৰু মহম্মদ ৰিজৱান ঘোষিত ১৭ জনীয়া দলটোত দুয়োগৰাকী জ্যেষ্ঠ খেলুৱৈকে স্থান দিয়া হোৱা নাই। আনহাতে দললৈ ঘূৰিছে অভিজ্ঞ ফখৰ জামানক এই দলত অন্তৰ্ভুক্ত কৰা হৈছে।

বিগত সময়ছোৱাত পাকিস্তান ক্ৰিকেট দলৰ দুই প্ৰধান খেলুৱৈ হিচাপে পৰিগণিত হৈছিল বাবৰ আৰু ৰিজৱান আটাইকেইটা ফৰ্মেটতে দুয়োগৰাকী তাৰকাই দলৰ বেটিং বিভাগত শক্তি প্ৰদান কৰিছিল। অৱশ্যে টি২০ ফৰ্মেটত দুয়োগৰাকী তাৰকাৰ বেটিং ষ্ট্ৰাইক ৰেটক লৈ প্ৰায়ে প্ৰশ্ন উত্থাপন হৈছিল

ষ্ট্ৰাইক ৰেটৰ এই প্ৰসঙ্গৰ বাবেই যোৱা কিছুদিনত পাকিস্তানৰ টি২০ দলৰ পৰা বাদ পৰিছিল বাবৰ আৰু ৰিজৱান উল্লেখ্য যে আগন্তুক এছিয়া কাপ প্ৰতিযোগিতাও টি২০ ফৰ্মেটত অনুষ্ঠিত এনে পৰিপ্ৰেক্ষিততে দুয়োগৰাকীকে দলত স্থান দিয়া হোৱা নাই লক্ষণীয়ভাৱে যোৱা ৮ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাবৰ আজম অবিহনে এছিয়া কাপ খেলিব পাকিস্তানে

এই প্ৰতিযোগিতাৰ পূৰ্বে পাকিস্তানে আফগানিস্তান আৰু ইউ এ ইৰ সৈতে এক ত্ৰিদেশীয় শৃংখলা খেলিব। এই শৃংখলাৰ বাবে পাকিস্তানে ২২ আগষ্টৰ পৰা আইচিচি একাডেমীত অনুশীলন শিবিৰ স্থাপন কৰিব। এছিয়া কাপৰ আগে আগে পাকিস্তানে ত্ৰিদেশীয় শৃংখলাত প্ৰস্তুতিৰ সুযোগ পাব সেয়ে এছিয়া কাপ আৰু এই শৃংখলাৰ বাবে একেটা দলকে ঘোষণা কৰা হৈছে

ঘোষিত এই দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে অলৰাউণ্ডাৰ ছলমান আলী আঘাক। এছিয়া কাপত পাকিস্তানে ভাৰত, ওমান, ইউ এ ইৰ সৈতে গ্ৰুপ এত স্থান লাভ কৰিছে। ১২ ছেপ্টেম্বৰত পাকিস্তানে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ ওমানৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে আৰু ১৭ ছেপ্টেম্বৰত ইউ এ ইৰ বিৰুদ্ধে খেলিব।

ত্ৰিদেশীয় শৃংখলা আৰু এছিয়া কাপৰ বাবে পাকিস্তানৰ দলঃ ছলমান আলী আঘা (অধিনায়ক), আব্ৰাৰ আহমেদ, ফাহিম আশ্ৰফ, ফখৰ জামান, হেৰিছ ৰফ, হাছান আলী, হাছান নৱাজ, হুছেইন তালাত, খুছদিল শ্বাহ, মহম্মদ হেৰিছ (উইকেটকীপাৰ), মহম্মদ নৱাজ, মহম্মদ ৱাছিম জুনিয়ৰ, চাহিবজাদা ফাৰহান, ছেইম আয়ুব, ছালমান মিৰ্জা, শ্বাহীন শ্বাহ আফ্ৰিদি আৰু চুফিয়ান মুকিম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব