বাংলাদেশৰ পাছত টি-২০ বিশ্বকাপৰ পৰা বাদ পৰিব নেকি পাকিস্তান? মহছিন নাকভিৰ চাঞ্চল্যকৰ বক্তব্য…

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে স্পষ্ট কৰি দিছে যে পাকিস্তান দলটোৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত সিদ্ধান্ত পাকিস্তান চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। বাংলাদেশক প্ৰতিযোগিতাখনৰ পৰা বাদ পৰাৰ পিছত বিতৰ্ক গভীৰ হৈ পৰাৰ সময়তে এই মন্তব্য প্ৰকাশ কৰিছে।

বাংলাদেশৰ পাছত টি-২০ বিশ্বকাপৰ পৰা বাদ পৰিব নেকি পাকিস্তান? মহছিন নাকভিৰ চাঞ্চল্যকৰ বক্তব্য...

টি-২০ বিশ্বকাপৰ পৰা বাদ পৰিব নেকি পাকিস্তান?

Updated On: 

24 Jan 2026 | 10:13 PM

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ত পাকিস্তানৰ অংশগ্ৰহণক লৈ নিশ্চয়তাৰ সৃষ্টি হৈছে। ইতিমধ্যে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে বাংলাদেশ আৰু এতিয়া পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়েও নিজৰ দল সন্দৰ্ভত আগবঢ়াইছে এক আচৰিত বক্তব্য। মহছিন নাকভিৰ মতে, পাকিস্তানী দলটোৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখ্য যে, অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাই অনুষ্ঠিত কৰিব এই প্ৰতিযোগিতা।

পাকিস্তানো টি-২০ বিশ্বকাপৰ পৰা বাদ পৰিব নেকি?

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে স্পষ্ট কৰি দিছে যে পাকিস্তান দলটোৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত সিদ্ধান্ত পাকিস্তান চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। বাংলাদেশক প্ৰতিযোগিতাখনৰ পৰা বাদ পৰাৰ পিছত বিতৰ্ক গভীৰ হৈ পৰাৰ সময়তে এই মন্তব্য প্ৰকাশ কৰিছে।

নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত মেচ খেলিব নোৱাৰাৰ সিদ্ধান্ত লৈছিল। বিচিবিয়ে আইচিচিক নিজৰ মেচসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনায় যদিও ২১ জানুৱাৰীত আইচিচি ব’ৰ্ডৰ বৈঠকত এই প্ৰস্তাৱ নাকচ কৰা হয়। ইয়াৰ পিছত আইচিচিয়ে বাংলাদেশৰ ঠাইত স্কটলেণ্ডক অন্তৰ্ভুক্ত কৰে।

মহছিন নাকভিয়ে কয়, “টি-২০ বিশ্বকাপত পাকিস্তানৰ দলৰ অংশগ্ৰহণৰ সিদ্ধান্ত পাকিস্তান চৰকাৰে ল’ব। আমি প্ৰধানমন্ত্ৰী দেশলৈ ঘূৰি অহালৈ অপেক্ষা কৰি আছো। বাংলাদেশৰ সৈতে অন্যায় হৈছে। যদি পাকিস্তান চৰকাৰে আমাক প্ৰতিযোগিতা বৰ্জন কৰিবলৈ কয় তেন্তে আইচিচিয়ে ২২ নং দল এটা অন্তৰ্ভুক্ত কৰিব পাৰে। আমাৰ এইবোৰৰ প্ৰতি কোনো গুৰুত্ব নাই। আইচিচিৰ ব’ৰ্ডৰ বৈঠকত মই একেই কথা কৈছিলো: এখন দেশৰ বাবে আৰু এটা নিয়ম আৰু আন এখনৰ বাবে বেলেগ হ’ব নোৱাৰে।” বাংলাদেশক অন্যায়ৰ বলি কৰা উচিত নহয়। তেওঁলোকো এজন মূল সদস্য।”

বাংলাদেশৰ ঠাইত স্কটলেণ্ড

ইতিমধ্যে আইচিচিয়ে প্ৰতিযোগিতাখনত এটা পৰিৱৰ্তন কৰিছে। বাংলাদেশৰ ঠাইত আনুষ্ঠানিকভাৱে স্কটলেণ্ডে স্থান লাভ কৰিছে। স্কটলেণ্ড গ্ৰুপ চিত আছে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নেপাল, ইটালী, আৰু স্কটলেণ্ডৰ সৈতে, য’ত পূৰ্বে বাংলাদেশৰ স্থান আছিল। যদি পাকিস্তানো বাহিৰ হয় তেন্তে আইচিচিয়ে প্ৰতিযোগিতাখনত আন এটা নতুন দল সংযোজন কৰিব লাগিব।

লগতে পঢ়ক: ICCৰ চূড়ান্ত সিদ্ধান্ত: টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ, এই ২০টা দলৰ মাজত হ’ব খেল…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...