Padma Awards 2026: হৰমন-ৰোহিতসহ ৮ খেলুৱৈলৈ পদ্মশ্ৰী, পদ্ম ভূষণেৰে সন্মানিত হ’ল এইগৰাকী কিংবদন্তি খেলুৱৈ
ভাৰত চৰকাৰে ২০২৬ বৰ্ষৰ বাবে দেশৰ সন্মানীয় অসামৰিক বঁটা পদ্ম বঁটা ঘোষণা কৰিছে। চৰকাৰে ঘোষণা কৰা ১৩১ গৰাকী বিশিষ্ট ব্যক্তিৰ তালিকাত ক্ৰীড়া ক্ষেত্ৰৰ পৰা এজনলৈ 'পদ্মভূষণ' আৰু ৮ গৰাকীলৈ 'পদ্মশ্ৰী' বঁটা আগবঢ়োৱা হৈছে।

ক্ৰীড়া জগতৰ কেইবাগৰাকীলৈ পদ্ম সন্মান
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ ক্ৰীড়া জগতলৈ আহিছে সুখবৰ। ভাৰত চৰকাৰে ২০২৬ বৰ্ষৰ বাবে দেশৰ সন্মানীয় অসামৰিক বঁটা পদ্ম বঁটা ঘোষণা কৰিছে। ঘোষিত এই সন্মানীয় বঁটাৰ তালিকাত ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ কেইবাজনো মহাতাৰকাক সন্মানিত কৰা হৈছে। এই তালিকাত আটাইতকৈ চৰ্চিত নামটো হৈছে ভাৰতীয় ক্ৰিকেটৰ ‘হিটমেন’খ্যাত প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু মহিলা ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ। এই দুই তাৰকাক দেশৰ চতুৰ্থ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
ক্ৰীড়া জগতৰ গৌৰৱময় স্বীকৃতি
চৰকাৰে ঘোষণা কৰা ১৩১ গৰাকী বিশিষ্ট ব্যক্তিৰ তালিকাত ক্ৰীড়া ক্ষেত্ৰৰ পৰা এজনলৈ ‘পদ্মভূষণ’ আৰু ৮ গৰাকীলৈ ‘পদ্মশ্ৰী’ বঁটা আগবঢ়োৱা হৈছে। ভাৰতীয় টেনিছ ইতিহাসৰ অন্যতম সফল খেলুৱৈ বিজয় অমৃতৰাজক দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’- ৰে বিভূষিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
পদ্ম সন্মান লাভ কৰা খেলুৱৈসকলৰ তালিকাঃ
বিজয় অমৃতৰাজ (টেনিছ) – পদ্মভূষণ
ৰোহিত শৰ্মা (ক্ৰিকটে) – পদ্মশ্ৰী
হৰমনপ্ৰীত কৌৰ (ক্ৰিকটে) – পদ্মশ্ৰী
প্ৰবীণ কুমাৰ (পেৰা-এথলেটিক্স) – পদ্মশ্ৰী
বলদেৱ সিং (হকী) – পদ্মশ্ৰী
ভগৱানদাস ৰৈকৱাৰ (পৰম্পৰাগত সমৰ কলা) – পদ্মশ্ৰী
কে. পজনীভেল (চিলমবম) – পদ্মশ্ৰী
সবিতা পুনীয়া (হকী) – পদ্মশ্ৰী
ভ্লাদিমিৰ মেষ্টভিৰিশ্বিলী (মৰণোত্তৰভাৱে, মল্লযুঁজৰ প্ৰশিক্ষক) – পদ্মশ্ৰী
স্বাভাৱিকতেই এই স্বীকৃতি কেৱল এজন খেলুৱৈৰ বাবে ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ দেশৰ ক্ৰীড়া সংস্কৃতিৰ বাবে এক ডাঙৰ প্ৰেৰণা। ভাৰতীয় ক্ৰিকেটৰ খিতাপৰ খৰাং দূৰ কৰি ৰোহিত শৰ্মাৰ নেতৃত্বতে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে জয় কৰিছিল দুটাকৈ আইচিচি খিতাপ। একেদৰে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মহিলা দলে জয় কৰিছিল প্ৰথমটো বিশ্বকাপ খিতাপ।
আনহাতে টেনিছ কিংবদন্তি বিজয় অমৃতৰাজক ‘পদ্মভূষণ’ প্ৰদান কৰি চৰকাৰে তেওঁৰ দীৰ্ঘদিনীয়া সেৱাক উচিত মৰ্যাদা দিছে। ইয়াৰ সমান্তৰালকৈ চিলমবম আৰু পৰম্পৰাগত সমৰ কলাৰ দৰে দেশীয় খেলৰ সৈতে জড়িত ব্যক্তিকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ই ভাৰতৰ বৈচিত্ৰ্যময় ক্ৰীড়া পৰম্পৰাক বিশ্বৰ দৰবাৰত আৰু অধিক শক্তিশালী কৰি তুলিব।