বলীউডৰ এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত হাবু-ডুবু খাইছিল ‘দাদা’, সুখৰ সংসাৰ ভাঙিবলৈও হৈছিল সাজু!

আজি জীৱনৰ ৫২টা বৰ্ষত ভৰি দিলে দাদা খ্যাত সৌৰভ গাংগুলীয়ে। আজি গাংগুলীৰ জন্মদিনত অনুৰাগীৰ মাজত তেওঁৰ জীৱনৰ নানা দিশক লৈ আলোচনা হৈছে। বাদ পৰা নাই তেওঁৰ প্ৰেম জীৱনো। ভাৰতীয় দলৰ হৈ খেলপথাৰত চমক সৃষ্টি কৰি থকাৰ সময়তে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে গাংগুলীৰ প্ৰেমৰ সম্পৰ্কই সংবাদ শিৰোনাম দখল কৰিছিল।

বলীউডৰ এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত হাবু-ডুবু খাইছিল ‘দাদা’, সুখৰ সংসাৰ ভাঙিবলৈও হৈছিল সাজু!

কাৰ প্ৰেমত পৰিছিল দাদা!

Published: 

08 Jul 2025 11:52 AM

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক, প্ৰাক্তন তাৰকা সৌৰভ গাংগুলীৰ আজি জন্মদিন। জীৱনৰ ৫২টা বৰ্ষত ভৰি দিলে দাদা খ্যাত প্ৰাক্তন তাৰকাগৰাকীয়ে। ক্ৰিকেট জগতত গাংগুলীয়ে অৰ্জন কৰিছিল বহু ঈৰ্ষনীয় কৃতিত্ব। অনন্য সফল কেৰিয়াৰেৰে দাদা ভাৰতীয় ক্ৰিকেটৰ এগৰাকী কিংবদন্তিত পৰিণত হৈছিল। খেলুৱৈ জীৱনৰ সামৰণিৰ পিছত গাংগুলীয়ে বিচিচিআইৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আজি গাংগুলীৰ জন্মদিনত অনুৰাগীৰ মাজত তেওঁৰ জীৱনৰ নানা দিশক লৈ আলোচনা হৈছে। বাদ পৰা নাই তেওঁৰ প্ৰেম জীৱনো।

ভাৰতীয় দলৰ হৈ খেলপথাৰত চমক সৃষ্টি কৰি থকাৰ সময়তে জনপ্ৰিয় অভিনেত্ৰী নাগমাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কই সংবাদ শিৰোনাম দখল কৰিছিল। বলীউডৰ লগতে নাগমাই দক্ষিণৰ চিনেমা জগত আৰু ভোজপুৰী ছবিতো অভিনয় কৰিছিল। অৱশ্যে সম্প্ৰতি ছবিজগতৰ পৰা আঁতৰি আছে নাগমা। অভিনয়ৰ পৰিৱৰ্তে নাগমা এতিয়া সামাজিক কামত জড়িত হৈ পৰিছে।

এইগৰাকী নাগমাৰ পাণি গ্ৰহণৰ বাবেই এসময়ত সৌৰভ গাংগুলী ব্যাকুল হৈ পৰিছিল। আনকি নিজৰ সুখৰ সংসাৰ ভাঙিবলৈও সাজু হৈছিল দাদা। পিছে এইক্ষেত্ৰত সফল হ’ব পৰা নাছিল প্ৰেমিক যুগল। গাংগুলী আৰু নাগমাৰ প্ৰেম কাহিনী কিদৰে আৰম্ভ হৈছিল, কিদৰে তেওঁলোকৰ সম্পৰ্কত যতি পৰিছিল সেই বিষয়ে জানো আহক।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সৌৰভ আৰু নাগমাৰ প্ৰথম সাক্ষাৎ হৈছিল মুম্বাইত অনুষ্ঠিত এখন সন্মিলনত। ইয়াৰ পিছৰ পৰাই তেওঁলোকৰ মাজত বন্ধুত্ব আৰম্ভ হৈছিল আৰু পিছলৈ এই বন্ধুত্বই ক্ৰমাৎ প্ৰেমৰ ৰূপ লৈছিল। দুয়োজনে প্ৰায় ২ বছৰ ডেটিং কৰিছিল আৰু নাগমাই সৌৰভক বিয়া কৰাব বিচাৰিছিল বুলিও খবৰ প্ৰকাশ পাইছিল।

এটা সাক্ষাৎকাৰত নাগমাই উল্লেখ কৰিছিল যে তেওঁলোকৰ সম্পৰ্কৰ বাবে সৌৰভে আনকি পত্নীৰ সৈতে বিবাহ ভাঙিব বিচাৰিছিল, কিন্তু পত্নীয়ে বিবাহ বিচ্ছেদত সন্মতি নিদিয়াৰ বাবে তেওঁ এইক্ষেত্ৰত আগবাঢ়িব পৰা নাছিল। দুয়োৰে মাজত এই সম্পৰ্কৰ খবৰে সংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল। এনে খবৰে সৌৰভৰ ক্ৰিকেট কেৰিয়াৰতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে।

ক্ৰমাৎ বৃদ্ধি পোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত সৌৰভ গাংগুলীয়ে অৱশেষত নাগমাৰ পৰা নিজকে আঁতৰাই আনে। কোৱা হয় যে ২০০১ চনত নাগমা আৰু গাংগুলীৰ সম্পৰ্কত যতি পৰে। উল্লেখ্য যে ১৯৯৭ চনত সৌৰভ গাংগুলীয়ে ডোনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এই বৈবাহিক সম্পৰ্কৰ চিন স্বৰূপে ছানা গাংগুলী নামৰ এটি কন্যা সন্তানৰ পিতৃত্ব-মাতৃত্ব অৰ্জন কৰিছে সৌৰভ আৰু ডোনাই।

হঠাতে চুলি বেছিকৈ সৰিবলৈ আৰম্ভ কৰিছে নেকি? জানি লওক ই কি ৰোগৰ লক্ষণ
গ্ৰীষ্মকালত খালী পেটত কেতিয়াও নাখাব এইসমূহ খাদ্য...
মানুহৰ লগত অন্যায় কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক’লে...
কিমান ধনী ক্ৰিকেটাৰ আকাশদীপ? BCCIৰ পৰা কিমান টকা লাভ কৰে?