গুৱাহাটীত এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী আৰম্ভঃ প্ৰথম দিনা অসমৰ খেলুৱৈৰ নিৰাশাজনক প্ৰদৰ্শন

আজিৰে পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈছে প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা৷ আজি পুৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰে অসম আৰ্চাৰী সন্থাৰ সভাপতি তথা ৰাজ্যৰ আৰক্ষী সঞ্চালক জি পি সিঙে৷

গুৱাহাটীত এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী আৰম্ভঃ প্ৰথম দিনা অসমৰ খেলুৱৈৰ নিৰাশাজনক প্ৰদৰ্শন

প্ৰতিযোগিতাখন উদ্বোধন কৰে জি পি সিঙে

Published: 

11 Aug 2024 23:07 PM

অসম আৰ্চাৰী সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈছে প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা৷ আজি পুৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰে অসম আৰ্চাৰী সন্থাৰ সভাপতি তথা ৰাজ্যৰ আৰক্ষী সঞ্চালক জি পি সিঙে৷ প্ৰতিযোগিতাত অসমৰ জয়ন্ত তালুকদাৰ, অতনু দাসসহ অলিম্পিয়ান আৰু অৰ্জন সন্মান লাভ কৰা তাৰকাৰ লগতে দেশৰ প্ৰায় পাঁচশ আৰ্চাৰে অংশগ্ৰহন কৰিছ৷

উদ্বোধনী অনুষ্ঠানত এন টি পি চিৰ মহা প্ৰবন্ধক ওংকাৰ নাথ, শীৰ্ষ আৰক্ষী বিষয়া প্ৰাৰ্থ সাৰথি মহন্ত, ছাইৰ সঞ্চালক বি কে মিট্টাল, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, জিলা পৰিবহন বিষয়া গৌতম দাসসহ ভাৰতীয় আৰ্চাৰী ফেডাৰেছন আৰু অসম আৰ্চাৰী সন্থাৰ বিষয়াসকল উপস্থিত থাকে৷

উল্লেখ্য যে প্ৰতিযোগিতাত ল’ৰা আৰু ছোৱালীৰ ৰিকাৰ্ভ তথা কম্পাউণ্ডৰ জুনিয়ৰ, ছাৱ-জুনিয়ৰ আৰু ছিনিয়ৰৰ একক শাখাৰ খেল অনুষ্ঠিত হ’ব৷ আজি প্ৰথমদিনা ছিনিয়ৰ ল’ৰা-ছোৱালীৰ ৰেংকিঙৰ খেল হয়। অৱশ্যে অসমৰ কোনো খেলুৱৈয়ে আজি শীৰ্ষ ১৬ লৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে৷ কাইলৈ ছিনিয়ৰৰ উভয় শাখাৰ প্ৰি-কোৱাৰ্টাৰৰ পৰা ফাইনেললৈ খেল অনুষ্ঠিত হ’ব৷

অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োই জানিবলৈ দিয়া মতে ১৩ আগষ্টত জিৰণি তথা ১৪-১৫ আগষ্টত জুনিয়ৰ আৰু ১৭-১৮ আগষ্টত ছাৱ-জুনিয়ৰৰ খেল হ’ব৷ আনহাতে ১৬ আগষ্টত কোনো খেল অনুষ্ঠিত নহয় বুলি আায়োজকসকলে সদৰী কৰিছে৷

আপোনাৰ চুলি পকিছে নেকি? এই সমস্যা ৰোধ কৰাৰ ঘৰুৱা উপায় জানক...
জীৱনত এই কেইটা ভুল কেতিয়াও নকৰিব, নহ’লে জীৱন সৰ্বনাশ!
বৃদ্ধি কৰিব শৰীৰৰ শক্তি, তালিকাত ৰাখক এইসমূহ খাদ্য
পাকিস্তানত কিমান মূল্যত বিক্ৰী কৰে তৰমুজ? জানি আচৰিত হ'ব!