এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা, জুনিয়ৰৰ ৰিকাৰ্ভ শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিশাল-আনিশা

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ১৪ আগষ্টত অনুষ্ঠিত জুনিয়ৰৰ ৰিকাৰ্ভ একক শাখাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ অন্তত অসমৰ দুই খেলুৱৈ বিশাল চাংমাই আৰু আনিশা দাসে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা, জুনিয়ৰৰ ৰিকাৰ্ভ শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিশাল-আনিশা

এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

Published: 

15 Aug 2024 00:18 AM

আঠদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰথম দুটা দিনত ছিনিয়ৰ শাখাৰ খেলৰ সফল সমাপ্তিৰ পাছত ১৪ আগষ্টৰ পৰা দুদিনীয়াকৈ জুনিয়ৰ ল’ৰা-ছোৱালী উভয়ৰে ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ খেল অনুষ্ঠিত হৈছে৷ কম্পাউণ্ড শাখাৰ অন্তিম ১৬ নকআউট পৰ্যায়লৈ অসমৰ কোনো খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে যদিও ৰিকাৰ্ভত বিশাল আৰু আনিশাই পদক জয়ৰ আশা সজীৱ ৰাখিছে৷

বিশালে মুঠ ৬৫৩ পইণ্ট অৰ্জন কৰি একাদশ স্থান লাভ কৰে৷ আনহাতে, আনিশাই ৬২৬ পইণ্ট লাভ কৰি সপ্তম স্থানত থাকে৷ অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োই জনোৱা অনুসৰি কাইলৈ জুনিয়ৰৰ ল’ৰা-ছোৱালী উভয়ৰে ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ পদকৰ খেল অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ছিনিয়ৰ, জুনিয়ৰ আৰু ছাৱ-জুনিয়ৰ শাখাত ল’ৰা-ছোৱালী উভয়ৰে ৰিকাৰ্ভ আৰু কম্পাউণ্ডৰ একক শাখাৰ খেল অনুষ্ঠিত হৈছে৷ অহা ১৭-১৮ আগষ্টত ছাৱ-জুনিয়ৰৰ খেল হ’ব৷ ইয়াৰপূৰ্বে হোৱা ছিনিয়ৰৰ খেলত অসমৰ কোনো ল’ৰা-ছোৱালীয়ে অন্তিম ১৬ লৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে৷

কেতিয়াৰ পৰা আৰম্ভ হৈছে?

১১ আগষ্টৰ পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈছে প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা৷ আজি পুৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰে অসম আৰ্চাৰী সন্থাৰ সভাপতি তথা ৰাজ্যৰ আৰক্ষী সঞ্চালক জি পি সিঙে৷ প্ৰতিযোগিতাত অসমৰ জয়ন্ত তালুকদাৰ, অতনু দাসসহ অলিম্পিয়ান আৰু অৰ্জন সন্মান লাভ কৰা তাৰকাৰ লগতে দেশৰ প্ৰায় পাঁচশ আৰ্চাৰে অংশগ্ৰহন কৰিছিল৷ উদ্বোধনী অনুষ্ঠানত এন টি পি চিৰ মহা প্ৰবন্ধক ওংকাৰ নাথ, শীৰ্ষ আৰক্ষী বিষয়া প্ৰাৰ্থ সাৰথি মহন্ত, ছাইৰ সঞ্চালক বি কে মিট্টাল, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, জিলা পৰিবহন বিষয়া গৌতম দাসসহ ভাৰতীয় আৰ্চাৰী ফেডাৰেছন আৰু অসম আৰ্চাৰী সন্থাৰ বিষয়াসকল উপস্থিত থাকে৷

খেলৰ মহত্ব

বিভিন্ন সময়ত ৰাজ্যত বহুতো খেল ধেমালি অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলৰ বিকাশৰ বাবে আন্তঃবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা প্ৰত্যেক জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত হয়। খেলত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ’ল খেল-ধেমালি জৰুৰী। ই হ’ল শিশুৰ নিজৰ কাৰণেই উপভোগ্য আৰু নিজৰ দ্বাৰাই পুৰস্কৃতৰ থলী। সেয়েহে খেলা-ধূলাই শিশুক সন্তোষ প্ৰদান কৰে। খেলা-ধূলাত শিশুৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হয়।

খেল কিয় গুৰুত্বপূৰ্ণ?

যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে সিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে।
খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। শিশুৱে তেওঁৰ চৌপাশৰ পৰিৱেশৰ সম্বন্ধে জ্ঞান আহৰণ কৰাৰ বেলিকা পাঁচ ইন্দ্ৰিয়ৰ ভূমিকাই উৎস স্থল। এই ক্ষেত্ৰত সংবোধন ইন্দ্ৰিয়ৰ ক্ৰিয়া অতিকৈ গুৰুত্বপূৰ্ণ।

মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...
যকৃতৰ এনজাইম বৃদ্ধি পালে কোনবোৰ লক্ষণ দেখা যায়? জানক
দৈনিক খালী পেটত খাওক ডালচেনিৰ পানী, পাব আচৰিত উপকাৰিতা...