আজি DC বনাম RR, দিল্লী মেচৰ পূৰ্বে ৰিয়ান পৰাগৰ অধিনায়কত্বকলৈ কি ক’লে নীতিশ ৰাণাই ?

৭ বছৰ ধৰি কেকেআৰৰ হৈ খেলাৰ পাছত এইবাৰ ৰাজস্থানৰ হৈ খেলিছে নীতিশ ৰাণাই । নাইট ৰাইডাৰ্ছত থকাৰ সময়ত শ্ৰেয়াছৰ অনুপস্থিতিত ৰাণাই দলটোক নেতৃত্বও দিছিল। তেওঁৰ দৰে খেলুৱৈ থকাৰ পাছতো ৰাজস্থানে ৰিয়ান পৰাগক ষ্টেণ্ড-ইন অধিনায়ক হিচাপে গঢ়ি তুলিছিল। কিন্তু প্ৰশ্ন হয় ৰাজস্থানৰ এই সিদ্ধান্তক কিমান সমৰ্থন কৰে নীতিশ ৰাণাই ?

আজি DC বনাম RR, দিল্লী মেচৰ পূৰ্বে ৰিয়ান পৰাগৰ অধিনায়কত্বকলৈ কি কলে নীতিশ ৰাণাই ?

ৰিয়ান পৰাগ

Published: 

16 Apr 2025 | 04:15 PM

ৰাজস্থান ৰয়েলছক আশা দেখুৱাইছে নীতিশ ৰাণাই ! দীঘলীয়া ৭ বছৰ ধৰি কেকেআৰৰ হৈ খেলাৰ পাছত এইবাৰ ৰাজস্থানৰ হৈ খেলিছে নীতিশ ৰাণাই । নাইট ৰাইডাৰ্ছত থকাৰ সময়ত শ্ৰেয়াছৰ অনুপস্থিতিত ৰাণাই দলটোক নেতৃত্বও দিছিল। তেওঁৰ দৰে খেলুৱৈ থকাৰ পাছতো ৰাজস্থানে ৰিয়ান পৰাগক ষ্টেণ্ড-ইন অধিনায়ক হিচাপে গঢ়ি তুলিছিল। কিন্তু প্ৰশ্ন হয় ৰাজস্থানৰ এই সিদ্ধান্তক কিমান সমৰ্থন কৰে নীতিশ ৰাণাই ?

লীগৰ প্ৰথম তিনিখন মেচত আঘাতৰ বাবে অধিনায়কৰ ভূমিকাত নাছিল সঞ্জু চেমছন। দায়িত্বত আছিল অসমৰ ৰিয়ান পৰাগ। যদিও ৰিয়ানৰ অধীনত দলটোৱে প্ৰথম দুখন মেচত পৰাস্ত হৈছিল, তথাপিও চেন্নাইৰ বিৰুদ্ধে ৰয়েলছ জয়ী হৈছিল। নীতিশ ৰাণাই ৰিয়ান পৰাগক ৰাজস্থানে অধিনায়ক হিচাপে লোৱা সিদ্ধান্তক সমৰ্থন কৰে নে ?

এই সন্দৰ্ভত নাইটৰ ৰাইডাৰ্ছৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, “কে কে আৰৰ সৈতে মোৰ ৬-৭ বছৰৰ সম্পৰ্ক আছিল। মই নাইটছৰ নেতৃত্বও দিছিলোঁ। তেতিয়া সেই দলটোৰ পৰা বহু সহায় পাইছিলোঁ। কাৰণ দলৰ পৰিৱেশ, ৰিজাৰ্ভ বেঞ্চ, ড্ৰেছিং ৰুমৰ বিষয়ে মোৰ বহুত ভাল ধাৰণা আছিল। কিন্তু মই ভাবো ৰিয়ানে এই ৰাজস্থান দলটোক মোতকৈ ভালকৈ চিনি পায়। মেচত তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সঠিক সিদ্ধান্ত লৈছিল মেনেজমেণ্টে।”

ৰাজস্থানে যদি তেওঁক নেতৃত্বৰ প্ৰস্তাৱ দিলেহেঁতেন তেন্তে সেইটোও তেওঁ মানি ল’লেহেঁতেন। নীতিশে সেই কথাও স্পষ্ট কৰি দিছে। তেওঁ কয়, “টিম মেনেজমেণ্টে যদি মোক সুধিলেহেঁতেন তেন্তে মই নিশ্চিতভাৱে অধিনায়কত্ব গ্ৰহণ কৰিলোঁহেঁতেন। কিন্তু মেনেজমেণ্টে দলৰ বাবে যি উচিত আছিল সেয়াই কৰিলে। আৰু মই ক’ম যে সেয়া একেবাৰে সঠিক সিদ্ধান্ত আছিল।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...