পেৰিছ ডাইমণ্ড লীগ ২০২৫ ত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ, দুটাকৈ পৰাজয়ৰ পোতক তুলিলে গ’ল্ডেন বয়ে
শুকুৰবাৰে চোপ্ৰাই প্ৰথম ৰাউণ্ডত ৮৮.১৬ মিটাৰ থ্ৰ’ কৰি খিতাপ দখল কৰে। যোৱা সময়ছোৱাত দুবাৰকৈ ৱেবাৰৰ হাতত পৰাস্ত হৈছিল নীৰজ। কিন্তু এই মেচত জয়েৰে তেওঁ যেন পুৰণি পৰাজয়ৰ সকলো হিচাপ-নিকাজ কৰি পেলালে।

নীৰজ চোপ্ৰা
ভাৰতীয় জেভেলিন থ্ৰ’ খেলুৱৈ তথা গ’ল্ডেন বয় নীৰজ চোপ্ৰাই পেৰিছ ডাইমণ্ড লীগ ২০২৫ৰ পুৰুষৰ জেভেলিন থ্ৰ’ত প্ৰথম স্থান দখল কৰিছে। জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰি নীৰজে। শুকুৰবাৰে চোপ্ৰাই প্ৰথম ৰাউণ্ডত ৮৮.১৬ মিটাৰ থ্ৰ’ কৰি খিতাপ দখল কৰে। যোৱা সময়ছোৱাত দুবাৰকৈ ৱেবাৰৰ হাতত পৰাস্ত হৈছিল নীৰজ। কিন্তু এই মেচত জয়েৰে তেওঁ যেন পুৰণি পৰাজয়ৰ হিচাপ-নিকাজ কৰি পেলালে।
৮ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত পেৰিছ ডাইমণ্ড লীগলৈ উভতি আহিছে নীৰজ চোপ্ৰা। ২৭ বছৰীয়া নীৰজ চোপ্ৰাই যোৱা দুখন প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। এই লীগত তেওঁ শেষবাৰৰ বাবে ২০১৭ চনত অংশগ্ৰহণ কৰিছিল। সেই সময়ত তেওঁ ৮৪.৬৭ মিটাৰ থ্ৰ’ কৰি পঞ্চম স্থান দখল কৰিছিল।
এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাই (ভাৰত) ৮৮.১৬ মিটাৰ থ্ৰ’ কৰে। জুলিয়ান ৱেবাৰে ৮৭.৮৮ মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰে। ইফালে ব্ৰাজিলৰ লুইজ দা ছিলভাই ৮৬.৬২ মিটাৰ থ্ৰ’ কৰি তৃতীয় স্থান দখল কৰে।
প্ৰথম থ্ৰ’তে অগ্ৰগতি লাভ কৰে নীৰজে
পেৰিছ ডাইমণ্ড লীগত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাত ৮৮.১৬ মিটাৰ থ্ৰ’ কৰে। প্ৰথম প্ৰচেষ্টাত আটাইতকৈ দীঘলীয়া থ্ৰ’ৰ বাবে তেওঁ শেষলৈকে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। দ্বিতীয় ৰাউণ্ডত নীৰজে ৮৫.১০ মিটাৰ নিক্ষেপ কৰে। অৱশ্যে গ’ল্ডেন বয়ৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম প্ৰচেষ্টাত ফাউল হৈছিল। ষষ্ঠ থ্ৰ’ৰ কথা ক’বলৈ গ’লে তেওঁ ৮২.৮৯ মিটাৰ নিক্ষেপ কৰে।
পৰাজয়ৰ পোতক তুলিলে নীৰজে
জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ বিৰুদ্ধে পুৰণি পৰাজয়ৰ পোতক তুলিলে নীৰজ চোপ্ৰাই। ডোহাত ৱেবাৰে চোপ্ৰাক পৰাস্ত কৰিছিল, সেই সময়ত জুলিয়ান ৱেবাৰে ৯১.০৬ মিটাৰৰ থ্ৰ’ কৰি প্ৰথম স্থান নিশ্চিত কৰিছিল। ৯০.২৩ মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থানত আছিল নীৰজ। ইয়াৰ পিছত ৱেবাৰে পুনৰবাৰ পোলেণ্ডত নীৰজ চোপ্ৰাক পৰাস্ত কৰে। আজি পেৰিছ ডাইমণ্ড লীগত এই ২ টা পৰাজয়ৰ প্ৰতিশোধ ল’লে নীৰজে।