অৱশেষত ৯০ৰ পাৰঃ দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই ‘ঐতিহাসিক উত্তৰণ’ ঘটালে নীৰজে

বহুদিন পূৰ্বেই নিজৰ দক্ষতা সন্দৰ্ভত কৰা মন্তব্যক বাস্তৱায়িত কৰি অৱশেষত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি ইতিহাস ৰচনা কৰিলে ভাৰতৰ অলিম্পিক তথা বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। প্ৰথমগৰাকী ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ হিচাপে এই অনন্য ইতিহাসৰ অধিকাৰী হৈছে নীৰজ।

অৱশেষত ৯০ৰ পাৰঃ দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই ‘ঐতিহাসিক উত্তৰণ’ ঘটালে নীৰজে

ইতিহাস ৰচিলে নীৰজে

Updated On: 

17 May 2025 00:37 AM

দীৰ্ঘদিনজোৰা অপেক্ষাৰ অন্তত অৱশেষত বহু প্ৰতীক্ষিত মাইলষ্ট’ন স্পৰ্শ কৰিছে ভাৰতীয় ক্ৰীড়াৰ উজ্জীৱিত ৰত্ন তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। বহুদিন পূৰ্বেই নিজৰ দক্ষতা সন্দৰ্ভত কৰা মন্তব্যক বাস্তৱায়িত কৰি অৱশেষত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি ইতিহাস ৰচনা কৰিলে ভাৰতৰ অলিম্পিক তথা বিশ্ব চেম্পিয়ন তাৰকাগৰাকীয়ে। প্ৰথমগৰাকী ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ হিচাপে এই অনন্য ইতিহাসৰ অধিকাৰী হৈছে নীৰজ। ডোহা ডাইমণ্ড লীগ মিটত ৯০.২৩ মিটাৰৰ থ্ৰ’ৰে নীৰজে এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে।

শুকুৰবাৰে নিশা কাটাৰৰ ৰাজধানী ডোহাত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগ মিটত নীৰজে পূৰ্ণ কৰে নিজৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ। যোৱা বছৰ ডাইমণ্ড লীগৰ ফাইনেলত খিতাপ অৰ্জন কৰাৰ পিছত নীৰজৰ এয়া আছিল প্ৰথম প্ৰতিযোগিতা। কেৱল এয়াই নহয়, জেভেলিন থ্ৰ’ৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ আৰু চেক গণৰাজ্যৰ প্ৰাক্তন অলিম্পিক চেম্পিয়ন জান জেলেজনীৰ প্ৰশিক্ষণত এয়াই আছিল নীৰজৰ প্ৰথম ইভেণ্ট।

অৱশেষত কিংবদন্তি খেলুৱৈগৰাকীৰ সঠিক দিকদৰ্শনত ফল পালে নীৰজ চোপ্ৰাই আৰু নিজৰ তৃতীয়টো থ্ৰ’ত প্ৰথমবাৰৰ বাবে ৯০ মিটাৰৰ কঠিন বাধা অতিক্ৰম কৰিলে। ইয়াৰ পূৰ্বে নীৰজৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৯.৯৪ মিটাৰ। ২০২২ চনৰ ষ্টকহ’ম ডাইমণ্ড লীগত এই প্ৰদৰ্শন আগবঢ়াইছিল নীৰজে। উল্লেখ্য যে বিগত ছিজনৰ সামৰণিৰ পিছতে নীৰজে নিজৰ প্ৰশিক্ষক সলনি কৰাৰ সিদ্ধান্ত লৈছিল।

 

ইয়াৰ পূৰ্বে তেওঁ জাৰ্মান প্ৰশিক্ষক ক্লাউছ বাৰ্টনিটজৰ তত্বাৱধানত কাম কৰিছিল। তেওঁৰ প্ৰশিক্ষণ কালতে নীৰজে অলিম্পিকৰ স্বৰ্ণ আৰু ৰূপৰ পদকৰ লগতে বিশ্ব চেম্পিয়ন আৰু ডাইমণ্ড লীগ চেম্পিয়নৰ স্বৰ্ণিল সফলতা অৰ্জন কৰিছিল। ছিজনৰ অন্ত পৰাৰ পিছতে তেওঁ ৯৮.৪৮ মিটাৰ থ্ৰ’ৰে জেভলিনৰ বিশ্ব অভিলেখৰ অধিকাৰী হৈ থকা জেলেজনীৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণৰ সিদ্ধান্ত লয়।

তিনিবাৰৰ অলিম্পিক আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন জেলেজনীৰ প্ৰভাৱ নীৰজৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে পৰিলক্ষিত হ’ল আৰু বহুদিনৰ পৰা পৰম আকাংক্ষাৰে অপেক্ষা কৰি থকা ৯০ মিটাৰৰ সীমা ভংগ কৰিলে। প্ৰথম প্ৰচেষ্টাটো নীৰজে উন্নত প্ৰদৰ্শনেই আগবঢ়াইছিল আৰু ৮৮.৪৪ মিটাৰ দূৰত্বলৈ নিক্ষেপ কৰিছিল। তৃতীয় প্ৰচেষ্টাৰ পিছত নীৰজ প্ৰথম স্থানত আছে। বিগত বাৰৰ ডাইমণ্ড লীগ চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ৮৫.৬৪ থ্ৰ’ৰে দ্বিতীয় স্থানত আছে।

সপোনত সূৰ্যাস্তৰ দৃশ্য দেখিছে নেকি? জানেনে এনে সপোনে কিহৰ ইঙ্গিত দিয়ে?
জীৱনত সমস্যাই লগ নেৰে নেকি? কেতিয়াও আনক শ্বেয়াৰ নকৰিব এই ৫টা কথা...
সঘনাই গেছৰ সমস্যা হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ এটা ভুলৰ বাবেই দুৰ্বল হৈ পৰিব পাৰে আপোনাৰ দাঁত!