“মোৰ বাবে দেশ প্ৰথম”, পহলগাম আক্ৰমণৰ মাজতে আৰ্ছাদ নাদীমক নিমন্ত্ৰণৰ প্ৰসংগত মৌনতা ভংগ নীৰজৰ

নীৰজ চোপ্ৰাই পহলগাম আক্ৰমণৰ মাজতে পাকিস্তানী অলিম্পিক চেম্পিয়ন আৰ্ছাদ নাদীমৰ আমন্ত্ৰণক লৈ নিজৰ মৌনতা ভংগ কৰিছে। ২৫ এপ্ৰিলত তেওঁ এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰ্ছাদ নাদীমক ফোন কৰাৰ বাবে টাৰ্গেট কৰা হৈছে তেওঁৰ পৰিয়ালক। তেওঁৰ বিৰুদ্ধে গালি-গালাজ আৰু ঘৃণা বিয়পি পৰিছে, যিটো তেওঁ কেতিয়াও সহ্য নকৰে।

মোৰ বাবে দেশ প্ৰথম, পহলগাম আক্ৰমণৰ মাজতে আৰ্ছাদ নাদীমক নিমন্ত্ৰণৰ প্ৰসংগত মৌনতা ভংগ নীৰজৰ

নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম

Published: 

25 Apr 2025 | 11:09 AM

ভাৰতৰ জেভেলিন তাৰকা নীৰজ চোপ্ৰাই পহলগাম আক্ৰমণৰ মাজতে পাকিস্তানী অলিম্পিক চেম্পিয়ন আৰ্ছাদ নাদীমৰ আমন্ত্ৰণক লৈ নিজৰ মৌনতা ভংগ কৰিছে। ২৫ এপ্ৰিলত তেওঁ এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰ্ছাদ নাদীমক ফোন কৰাৰ বাবে টাৰ্গেট কৰা হৈছে তেওঁৰ পৰিয়ালক। তেওঁৰ বিৰুদ্ধে গালি-গালাজ আৰু ঘৃণা বিয়পি পৰিছে, যিটো তেওঁ কেতিয়াও সহ্য নকৰে। নীৰজে স্পষ্ট কৰি দিয়ে যে, পহলগাম আক্ৰমণৰ পূৰ্বে আৰ্ছাদক নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁৰ বাবে দেশ আৰু ইয়াৰ স্বাৰ্থ সদায় আগত ।

স্পষ্টীকৰণত কি ক’লে নীৰজ চোপ্ৰাই?

নীৰজ চোপ্ৰাই এক বিবৃতি প্ৰকাশ কৰি কয় যে, “মই সাধাৰণতে কম শব্দৰ মানুহ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে দেশৰ প্ৰতি মোৰ প্ৰেম আৰু মোৰ পৰিয়ালৰ সন্মানৰ ওপৰত প্ৰশ্ন উত্থাপন হ’লে মই মনে মনে থাকিম ।আৰ্ছাদ নাদীমক নীৰজ চোপ্ৰা ক্লাছিকত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তক লৈ বহু চৰ্চা চলিছে। বেছিভাগেই গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে । এইলৈ ঘৃণা বিয়পি পৰিছে । মোৰ পৰিয়ালকো ৰেহাই দিয়া নাই । এন চি ক্লাছিকৰ উদ্দেশ্য আছিল শ্ৰেষ্ঠ খেলুৱৈসকলক ভাৰতলৈ অনা । সেই অনুসৰি পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ দুদিন পূৰ্বে আৰ্ছাদক নিমন্ত্ৰণ জনোৱা হৈছিল।”

“মোৰ সততাক লৈ প্ৰশ্ন উত্থাপন কৰিলে বেয়া লাগে”

নীৰজ চোপ্ৰাই আৰু কয়, “মই ইমান বছৰে গৌৰৱেৰে নিজৰ দেশৰ সেৱা কৰি আহিছো। আজি মোৰ সততাক লৈ প্ৰশ্ন উত্থাপন হৈছে, যিটো বৰ দুখজনক । মই দুখ অনুভৱ কৰিছো যে, যিসকলে মোৰ পৰিয়ালক লক্ষ্য কৰি লৈছে তেওঁলোকক বুজাব লগা হৈছে। আমি সাধাৰণ মানুহ, অনুগ্ৰহ কৰি আমাক আন একো বুজাব নালাগে। সংবাদ মাধ্যমৰ কিছু অংশই মোৰ চৌপাশে বহুতো ভুৱা কাহিনী ৰচনা কৰিছে। কিন্তু যদি মই ইয়াৰ বিৰুদ্ধে কথা নকওঁ তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে ই সঁচা।”

মাতৃৰ বক্তব্যৰ ওপৰত কি ক’লে ?

আৰ্ছাদ নাদীমক লৈ দিয়া বক্তব্যক লৈ মাতৃৰ টাৰ্গেট হোৱাত নীৰজ চোপ্ৰাই দুখ প্ৰকাশ কৰিছে। তেওঁ মাতৃয়ে পেৰিছ অলিম্পিকৰ সময়ত আৰ্ছাদক পুত্ৰৰ দৰেই বৰ্ণনা কৰিছিল। নীৰজে কয়, “মানুহে নিজৰ মতামত কেনেকৈ সলনি কৰে সেয়া মোৰ বাবে বুজাটো কঠিন। এবছৰৰ আগতে মোৰ মায়ে এটা বক্তব্য দিছিল, তাৰ পিছত তেওঁৰ মতামতক বহুত প্ৰশংসা কৰা হৈছিল। আজি একেখিনি মানুহেই তেওঁক একেটা বক্তব্যৰ বাবে টাৰ্গেট কৰিবলৈ লাজ কৰা নাই। কিন্তু মই আৰু অধিক কষ্ট কৰিম যাতে বিশ্বই ভাৰতক সঠিক কথাৰ বাবে মনত ৰাখে আৰু ইয়াক সন্মানেৰে চায়।”

আৰ্ছাদ নাদীমে নিমন্ত্ৰণ নাকচ কৰিলে

নীৰজ চোপ্ৰাৰ নেতৃত্বত অহা ২৪ মে’ৰ পৰা ভাৰতত আৰম্ভ হ’ব এন চি ক্লাছিক জেভেলিন টুৰ্ণামেণ্ট। ইয়াত নীৰজ চোপ্ৰাকে ধৰি বিশ্বৰ বহু তাৰকা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। পাকিস্তানৰ জেভেলিন তাৰকা আৰ্ছাদ নাদীমকো এই প্ৰতিযোগিতাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল । কিন্তু তেওঁ নীৰজৰ প্ৰস্তাৱ নাকচ কৰি ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰিছে। আৰ্ছাদৰ মতে, এই সময়ছোৱাত তেওঁ আন আন প্ৰতিযোগিতাত ব্যস্ত থাকিব। গতিকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে আৰ্ছাদ নাদীমে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...