ইংৰাজ ভূমিত ভাৰতীয় মালিক! মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে ইংলেণ্ডৰ ক্ৰিকেট দল, নাম সলনিৰ প্ৰস্তুতি

এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল। কেৱল সিমানেই নহয়, দলটোৰ এতিয়া নাম সলনিৰ দিশেও আগবাঢ়িছে ভাৰতীয় স্বত্বাধিকাৰগৰাকী। ইংলেণ্ডৰ এই দলটো ক্ৰয় কৰিছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে।

ইংৰাজ ভূমিত ভাৰতীয় মালিক! মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে ইংলেণ্ডৰ ক্ৰিকেট দল, নাম সলনিৰ প্ৰস্তুতি

আম্বানীয়ে ক্ৰয় কৰিছে ইংলেণ্ডৰ ক্ৰিকেট দল

Updated On: 

25 Aug 2025 | 03:56 PM

সমগ্ৰ ক্ৰিকেট বিশ্বত সাম্প্ৰতিক সময়ত বাণিজ্যিক দিশত আন দেশতকৈ বহুগুণে আগবাঢ়ি আছে ভাৰত বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে পৰিগণিত হৈ আহিছে ভাৰতৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল ক্ৰিকেটৰ বাণিজ্যিক দিশত ভাৰতৰ এই উত্থান ইংৰাজ ভূমিতো পৰিলক্ষিত হৈছে এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল কেৱল সিমানেই নহয়, দলটোৰ এতিয়া নাম সলনিৰ দিশেও আগবাঢ়িছে ভাৰতীয় স্বত্বাধিকাৰগৰাকী

ইংলেণ্ডৰ এই দলটো ক্ৰয় কৰিছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সমগ্ৰ বিশ্বতে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে এতিয়া ক্ৰিকেট ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। ২০০৮ চনত আই পি এলত মুম্বাই ইণ্ডিয়ানছ দলৰ জৰিয়তে ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ জগতখনত প্ৰৱেশ কৰিছিল আম্বানীয়ে। এতিয়া আম্বানীৰ ৰিলায়েঞ্চ গ্ৰুপে ক্ৰয় কৰিছে এক ইংৰাজ ক্ৰিকেট দল।

অৱশ্যে কেৱল মুকেশ আম্বানীয়েই নহয়, ভাৰতৰ আন কেইবাটাও কোম্পানীয়ে ক্ৰয় কৰিছে ইংৰাজ দল ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ইংলেণ্ডৰ ‘দ্য হাণ্ড্ৰেড’ প্ৰতিযোগতাৰ ফ্ৰেঞ্চাইজি বিক্ৰী কৰিছে। এই প্ৰতিযোগিতাৰে অভেল দলটোৰ অংশীদাৰিত্ব ক্ৰয় কৰিছে ৰিলায়েঞ্চে। প্ৰকাশিত খবৰ অনুসৰি, তেওঁলোকে সেই দলটোৰ নাম সলনি কৰাৰ বাবেও সাজু হৈছে।

তথ্য অনুসৰি ৰিলায়েঞ্চে এই ইংৰাজ দলটোৰ ৪৯ শতাংশ অংশীদাৰিত্ব ৬ কোটি পাউণ্ড (প্ৰায় ৭০৮ কোটি টকা)ত ক্ৰয় কৰিছে। আৰু এতিয়া তেওঁলোকে Oval Invincibles’ নাম সলনি কৰি MI London কৰিব বিচাৰিছে ৰিলায়েঞ্চে দিয়া এই প্ৰস্তাৱ এতিয়াও অৱশ্যে চূড়ান্ত হোৱা নাই, এই বিষয়ত ৰিলায়েঞ্চ আৰু ছাৰেৰ মাজত আলোচনা চলি আছে বুলি প্ৰকাশ পাইছে।

এই ক্ৰিকেট দলটো ৰিলায়েঞ্চে ক্ৰয় কৰা ষষ্ঠটো দল ইতিমধ্যে ৰিলাঞ্চে মুম্বাই ইণ্ডিয়ানছ (পুৰুষ আৰু মহিলা দল), এম আই কেপ টাউন, এম আই নিউয়ৰ্ক, আৰু এম আই এমিৰেটছ ফ্ৰেন্সাইজি ক্ৰয় কৰিছে ষষ্ঠটো দল। লক্ষণীয়ভাৱে দ্য হাণ্ড্ৰেড’ প্ৰতিযোগতাত কলকাতাৰ আৰ পি এছ জি গ্ৰুপ মানচেষ্টাৰ দলৰ ৭০ শতাংশ স্বত্ব ক্ৰয় কৰিছে। আনহাতে নর্দান ছুপাৰচাৰ্জাৰৰ সম্পূৰ্ণ মালিকীস্বত্ব ছান টিভি নেটৱৰ্কৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব