প্ৰথমে অন্ত পৰিল ৫১ বছৰীয়া খৰাং, তাৰ পিছতে বিশ্বৰ ‘১ নম্বৰ’ বলাৰৰ কৃতিত্ব অৰ্জন চিৰাজৰ

দিল্লীত চলি থকা দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত চিৰাজে দখল কৰে এটা উইকেট। আনহাতে দ্বিতীয় ইনিংছতো চিৰাজৰ হাতলৈ গৈছে দুটা উইকেট। এইদৰে ভাৰতীয় দলৰ তাৰকা পেচাৰগৰাকী হৈ পৰিছে বিশ্বৰ শীৰ্ষস্থানৰ বলাৰ।

প্ৰথমে অন্ত পৰিল ৫১ বছৰীয়া খৰাং, তাৰ পিছতে বিশ্বৰ ‘১ নম্বৰ’ বলাৰৰ কৃতিত্ব অৰ্জন চিৰাজৰ

মহম্মদ চিৰাজ

Published: 

13 Oct 2025 15:49 PM

স্পীন সহায়ক ভাৰতীয় পিটছত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে চমক দেখুৱাইছে ভাৰতীয় দলৰ তাৰকা পেচাৰ মহম্মদ চিৰাজে। কেৰিবিয়ান বাহিনীৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ৭টা উইকেট দখল কৰি চিৰাজে ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। দিল্লীত চলি থকা দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত চিৰাজে দখল কৰে এটা উইকেট। আনহাতে দ্বিতীয় ইনিংছতো চিৰাজৰ হাতলৈ গৈছে দুটা উইকেট। এইদৰে ভাৰতীয় দলৰ তাৰকা পেচাৰগৰাকী হৈ পৰিছে বিশ্বৰ শীৰ্ষস্থানৰ বলাৰ।

দিল্লী টেষ্টৰ প্ৰথম ইনিংছত ৱেষ্ট ইণ্ডিজে ফ’ল’ অন কৰিবলৈ বাধ্য হোৱাৰ পিছত দ্বিতীয় ইনিংছত কিছু যুঁজ দিবলৈ সক্ষম হৈছে। বিশেষকৈ অপেনাৰ জন কেম্পবেলে ১১৫ ৰান আৰু শ্বাই হোপে ১০৩ ৰানৰ যুঁজাৰু শতকীয় ইনিংছ খেলি দলক এক সন্মানজনক স্থিতি প্ৰদান কৰে।

এই দুই বেটাৰে দৰ্শনীয় বেটিঙেৰে এক অনন্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। সুদীৰ্ঘ ৫১ বছৰৰ পিছত এই দুই বেটাৰৰ জৰিয়তে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট সাক্ষী হৈছে এক বিশেষ সাফল্যৰ। ভাৰতত সুদীৰ্ঘ ৫১ বছৰৰ পিছত ৱেষ্ট ইণ্ডিজৰ দুগৰাকী বেটাৰে টেষ্টৰ এটা ইনিংছত শতক অৰ্জন কৰিবল্লৈ সক্ষম হৈছে।

অৱশ্যে শতক অৰ্জন কৰাৰ কিছু সময়ৰ পাছতে কেম্পবেলে আৰু হোপক পেভিলিয়নলৈ উভতাই পঠায় ভাৰতে। প্ৰথমে জাডেজাই কেম্পবেলক বিদায় দিয়াৰ পিছত শ্বাই হোপক চিৰাজে পেভিলিয়নৰ পথ দেখুৱায়। এই দুই উইকেট পতনৰ পিছত ৱেষ্ট ইণ্ডিজৰ ইনিংছত পুনৰ খহনীয়াৰ সৃষ্টি হয়।

ইফালে হোপক বিদায় দি চিৰাজে এক অনন্য কৃতিত্ব অৰ্জন কৰিছে। এই উইকেট দখলৰ লগে লগে চলিত বৰ্ষত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল চিৰাজ। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে জিম্বাবুৱেৰ পেচাৰ ব্লেছিং মুজাৰাবানীক।

শতক অৰ্জনকাৰী কেম্পবেল আৰু হোপৰ বিদায়ৰ পিছত ৩১১ ৰানত ৯টা উইকেট হেৰুৱায় ৱেষ্ট ইণ্ডিজে। অৱশ্যে অন্তিম উইকেটৰ জুটিত জাষ্টিন গ্ৰেৱচ আৰু জেইডেন চিলছে পুনৰ ক্ৰীজত দৃঢ়তাৰে যুঁজ দিয়ে। দুয়োৰে দৃঢ়তাৰে বেটিং কৰি ৱেষ্ট ইণ্ডিজৰ দলীয় স্ক’ৰ ৩৯০ ৰানলৈ নিয়ে।

এইদৰে ৱেষ্ট ইণ্ডিজে ১২০ ৰানৰ অগ্ৰগতি লাভ কৰিছে। হাতত সম্পূৰ্ণ এটা দিন বাকী থকা অৱস্থাত এতিয়া ভাৰতক শৃংখলাত ক্লীন ছুইপৰ বাবে ১২১ ৰানৰ প্ৰয়োজন হ’ব। শক্তিশালী বেটিং লাইন আপেৰে সমৃদ্ধ ভাৰতৰ বাবে নিশ্চিতভাৱে এয়া সহজ লক্ষ্য হ’ব।

ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! খাওক মাত্ৰ এই পানীয়...
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে? ইয়াৰ কাৰণ জানক
প্ৰটিনৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
মৰ্ণিং ৱাকৰ বাবে খালী পেটেৰেই যায় নেকি? সাৱধান, এই চাৰিটা ভুল কৰিলে পৰিব বিপদত