চেম্পিয়নছ ট্ৰফীত নিশ্চিত ছামিৰ স্থান! এনে প্ৰদৰ্শনেৰে নিৰ্বাচকলৈ দিলে সাজু হোৱাৰ ইংগিত

গত ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰে পৰা ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি খেলপথাৰত প্ৰৱেশ কৰা নাই ছামিয়ে। শেহতীয়া কিছুসময় ধৰি ছামিৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত যথেষ্ট চৰ্চা চলি আহিছে। জাতীয় দললৈ ঘূৰি নাহিলেও ছামিয়ে অৱশ্যে ঘৰুৱা ক্ৰিকেটলৈ সফল প্ৰত্যাৱৰ্তন ঘটাইছে।

চেম্পিয়নছ ট্ৰফীত নিশ্চিত ছামিৰ স্থান! এনে প্ৰদৰ্শনেৰে নিৰ্বাচকলৈ দিলে সাজু হোৱাৰ ইংগিত

প্ৰত্যাৱৰ্তনৰ বাবে সাজু ছামি

Published: 

09 Jan 2025 15:54 PM

চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু মাথো প্ৰায় এটা মাহ। এই সময়ছোৱাতে ভাৰতীয় পেচ বলিং এটেকৰ কাণ্ডাৰী স্বৰূপ যশপ্ৰীত বুমৰাহৰ আঘাতে চিন্তিত কৰিছে ভাৰতীয় দল তথা অনুৰাগীক। আঘাতৰ বাবে বুমৰাহে এতিয়া চেম্পিয়নছ ট্ৰফীত অংশ ল’ব পাৰিব নে নোৱাৰে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইফালে দলৰ আন এগৰাকী অভিজ্ঞ তাৰকা পেচাৰ মহম্মদ ছামিও দীৰ্ঘদিন ধৰি জাতীয় দলৰ পৰা বাহিৰত আছে। গত ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰে পৰা ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি খেলপথাৰত প্ৰৱেশ কৰা নাই ছামিয়ে।

শেহতীয়া কিছুসময় ধৰি ছামিৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত যথেষ্ট চৰ্চা চলি আহিছে। বিশেষকৈ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতে ছামিৰ প্ৰত্যাৱৰ্তন ঘটিব বুলি আশা কৰা হৈছিল যদিও মূৰকত সেয়া হৈ উঠা নাছিল। জাতীয় দললৈ ঘূৰি নাহিলেও ছামিয়ে অৱশ্যে ঘৰুৱা ক্ৰিকেটলৈ সফল প্ৰত্যাৱৰ্তন ঘটাইছে। ৰঞ্জীৰ জৰিয়তে পুনৰ খেলপথাৰলৈ ঘূৰি অহা ছামিয়ে ৰঞ্জীৰ লগতে ছৈয়দ মুস্তাক আলী ট্ৰফী আৰু এতিয়া বিজয় হাজাৰে ট্ৰফীত অংশ লৈছে।

এই ঘৰুৱা প্ৰতিযোগিতাসমূহত ছামিয়ে নিজকে প্ৰমাণিত কৰি উইকেট দখলৰ সমান্তৰালকৈ ফিটনেছৰো প্ৰমাণ দিছে। চলিত বিজয় হাজাৰে ট্ৰফীত ছামিয়ে নিজৰ প্ৰদৰ্শনেৰে পুনৰ এবাৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু বুলি ঘোষণা কৰিছে। বিজয় হাজাৰে ট্ৰফীত ছামিয়ে এইবাৰ হাৰিয়ানাৰ বিৰুদ্ধে দেখুৱালে চমক। আজি চলি থকা এই মেচখনত ছামিয়ে নিজৰ স্পেলত ৬১ ৰান খৰচ কৰি দখল কৰে প্ৰতিপক্ষৰ ৩টাকৈ উইকেট।

লক্ষণীয়ভাৱে ফিটনেছৰ সমস্যাৰ বাবে ছামিয়ে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত সুযোগ লাভ কৰা নাছিল বুলিও কোৱা হৈছিল যদিও ছামিয়ে আজি নিজৰ ফিটনেছৰ প্ৰমাণ দিয়ে ১০ অভাৰ সম্পূৰ্ণ কৰে। ইনিংছৰ আৰম্ভণিতে হাৰিয়ানাৰ অ’পেনাৰ হিমাংশু ৰানাৰ উইকেট দখল কৰাৰ পিছত ছামিয়ে পিছত দীনেশ বানা আৰু অংশুল কম্বোজৰ উইকেটো দখল কৰে। এনে প্ৰদৰ্শনৰ পিছত ছামিয়ে চেম্পিয়নছ ট্ৰফীত স্থান লাভৰ পূৰ্ণ সম্ভাৱনা জাগি উঠিছে।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ইংলেণ্ডৰ বিপক্ষে আগন্তুক সীমিত অভাৰৰ শৃংখলাতে ছামিৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিব বুলি আশা কৰা হৈছে। এই শৃংখলাৰ লগতে চেম্পিয়নছ ট্ৰফীৰ বাবেও অহা ১১ জানুৱাৰীত ভাৰতীয় দলৰ বাছনি কৰা হ’ব। যদি বুমৰাহ আঘাতৰ বাবে দলৰ পৰা বাদ পৰে, তেতিয়া ছামিয়েই ভাৰতীয় দলৰ বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰিব লাগিব।

শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...
শিৱৰ প্ৰিয় ৩ ৰাশি! শাওণ মাহত লাভ কৰিব বিশেষ কৃপা...
ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই