মহম্মদ ছামীৰ ‘Voter ID’ ৰ তথ্য অমিল ! নিৰ্বাচন আয়োগৰ জাননী, প্ৰকৃতে কি সমস্যা হৈছে ?

জাননী অনুসৰি মহম্মদ ছামী নিৰ্ধাৰিত তাৰিখত হাজিৰ হ’ব নোৱাৰিলে। বৰ্তমান তেওঁ বিজয় হাজাৰে ট্ৰফীত বংগ দলক প্ৰতিনিধিত্ব কৰি ৰাজকোটত আছে।

মহম্মদ ছামীৰ Voter ID ৰ তথ্য অমিল ! নিৰ্বাচন আয়োগৰ জাননী, প্ৰকৃতে কি সমস্যা হৈছে ?
Published: 

06 Jan 2026 | 07:47 PM

নিৰ্বাচন আয়োগে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ মহম্মদ কাইফলৈ জাননী জাৰি কৰিছে। SIR ৰ শুনানিৰ বাবে দুয়োজন ভাতৃক জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। বাতৰি অনুসৰি, ছামী আৰু কাইফৰ এছ আই আৰ ফৰ্মত তথ্য অমিল পোৱা গৈছে, যাৰ বাবে তেওঁলোকলৈ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। অৱশ্যে এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই ছামী বা নিৰ্বাচন আয়োগে।

সোমবাৰে দক্ষিণ কলকাতাৰ যাদৱপুৰ অঞ্চলৰ কৰ্তাজু নগৰ বিদ্যালয়লৈ জাননী জাৰি কৰি দুয়োকে সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া (AERO)ৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয়। অৱশ্যে জাননী অনুসৰি মহম্মদ ছামী নিৰ্ধাৰিত তাৰিখত হাজিৰ হ’ব নোৱাৰিলে। বৰ্তমান তেওঁ বিজয় হাজাৰে ট্ৰফীত বংগ দলক প্ৰতিনিধিত্ব কৰি ৰাজকোটত আছে।

খবৰ অনুসৰি মহম্মদ ছামী ৰাসবিহাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত কলকাতা পৌৰ নিগমৰ ৯৩ নং ৱাৰ্ডত ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ছামীয়ে উত্তৰ প্ৰদেশৰ আমৰোহাত থকা নিজৰ পূৰ্বপুৰুষৰ গাঁৱত ভোটদান কৰিছিল। উত্তৰ প্ৰদেশৰ আমৰোহাত জন্মগ্ৰহণ কৰা ছামী বহু বছৰ ধৰি কলকাতাৰ স্থায়ী বাসিন্দা।

পশ্চিম বংগত SIR ৰ পিছত ১৬ ডিচেম্বৰত বংগৰ বাবে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পায়, য’ত ৫৮.২১ লাখ লোকৰ নাম বাদ পৰিল। ইয়াৰ পিছত দাবী, আপত্তি, শুনানিৰ প্ৰক্ৰিয়া চলি আছে। খবৰ অনুসৰি শুনানিত উপস্থিত থাকিব নোৱাৰিলে ছামী। বৰ্তমান তেওঁ ৰাজকোটত বিজয় হাজাৰে ট্ৰফীত বংগক প্ৰতিনিধিত্ব কৰি আছে। ৯ৰ পৰা ১১ জানুৱাৰীৰ ভিতৰত ছামীৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

ঘৰুৱা ক্ৰিকেটত বংগৰ হৈ খেলে মহম্মদ ছামীয়ে। তেওঁ মূলতঃ উত্তৰ প্ৰদেশৰ যদিও দীৰ্ঘদিন ধৰি কলকাতাত বসবাস কৰি আহিছে। ৫ জানুৱাৰীত সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ ছামী আৰু তেওঁৰ ভাতৃক নিৰ্দেশ দিয়া হৈছিল যদিও বিজয় হাজাৰে ট্ৰফীৰ সময়সূচীৰ বাবে ৫ জানুৱাৰীত এছ আই আৰ সম্পৰ্কীয় শুনানিত উপস্থিত থাকিব পৰা নাছিল।

ছামীয়ে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিছিল, তাৰ পিছত তেওঁৰ শুনানিৰ তাৰিখ ৯-১১ জানুৱাৰীত পুনৰ নিৰ্ধাৰণ কৰা হৈছে। সম্প্ৰতি ক্ৰিকেটত ব্যস্ত মহম্মদ ছামী নতুন তাৰিখত নিৰ্বাচন আয়োগৰ সন্মুখত উপস্থিত হৈ প্ৰয়োজনীয় নথি-পত্ৰ আৰু তথ্য প্ৰদান কৰি নিজৰ নাগৰিকত্ব আৰু ভোটাৰৰ অভিলেখ স্পষ্ট কৰিব।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?