অধিক বোজা জাপি দিছে গিলক! ৰোহিত শৰ্মাক অধিনায়কৰ পৰা অপসাৰণ সন্দৰ্ভত মঃ কাইফৰ মন্তব্য
নিবাৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলীক স্থান দিলেও ৰোহিতক অধিনায়কৰ দায়িত্ব দিয়া নাই। ২০২৭ চনৰ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি কোৱা হৈছে।

ৰোহিত শৰ্মা আৰু শুভমন গিল
ভাৰতীয় ক্ৰিকেটত পুনৰ এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰোহিত শৰ্মাক এদিনীয়া ফৰ্মেটৰ অধিনায়কৰ পদৰ পৰা আঁতৰাই শুভমন গিলক এই দায়িত্ব অৰ্পণ কৰিছে। আশ্চৰ্যজনক কথাটো হ’ল, মাত্ৰ কেইমাহমানৰ আগতে ৰোহিতে ভাৰতক চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ সোৱাদ দিছিল। কিন্তু শনিবাৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলীক স্থান দিলেও ৰোহিতক অধিনায়কৰ দায়িত্ব দিয়া নাই।
২০২৭ চনৰ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি কোৱা হৈছে। অৱশ্যে মহম্মদ কাইফকে ধৰি কেইবাগৰাকীও প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মহম্মদ কাইফৰ মতে গিলক একেলগে ইমানবোৰ দায়িত্ব অৰ্পণ কৰিলে হিতে বিপৰীতহে হ’ব পাৰে। তেওঁ লগতে কয় যে গিলক অধিনায়কত্ব কৰিবলৈ বাধ্য কৰা হৈছে।
মহম্মদ কাইফে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰে
কিছুমাহ পূৰ্বে টেষ্টৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰা শুভমন গিল এতিয়া এদিনীয়া দলৰো নেতৃত্ব দিব। তদুপৰি তাৰকা খেলুৱৈগৰাকীয়ে টি-২০ দলৰ সহ অধিনায়কৰ দায়িত্বও গ্ৰহণ কৰে। মহম্মদ কাইফে যুক্তি আগবঢ়ায় যে গিলক অধিনায়কত্বৰ বাবে হেঁচা দিয়া হৈছে। তেওঁক একেলগে সকলো দায়িত্ব দিয়া উচিত নাছিল। ২০২৭ চনৰ বিশ্বকাপলৈকে ৰোহিতেই অধিনায়ক হৈ থাকিব লাগিছিল।
ৰোহিতক অধিনায়ক পদৰ পৰা অপসাৰণ সন্দৰ্ভত নিজৰ অফিচিয়েল ইউটিউব চেনেলত কাইফে কয়, “এয়া আশা কৰা হৈছিল, কিন্তু মই ভাবিছিলো যে ২০২৭ চনৰ বিশ্বকাপৰ পিছত এনেকুৱা হ’ব। ৰোহিতৰ সামৰ্থ্য আছে আৰু তেওঁ নিজৰ ফিটনেছৰ ওপৰত কাম কৰিছে। এতিয়া সমগ্ৰ বোজাটো গিলৰ ওপৰত পৰিছে। গিলে ইমান সোনকালে এই সকলোবোৰ পাইছে। ইয়াৰ ফল ক্ষতিকাৰক হ’ব পাৰে। যেতিয়া ইমান কম সময়ত ইমানখিনি পায়, তেতিয়া ইয়াৰ বেকফায়াৰ হ’ব পাৰে।”
গিলে অধিনায়কৰ দায়িত্ব ল’বলৈ বাধ্য হৈছিল নেকি?
মহম্মদ কাইফে আৰু কয়, “মই ক’ম যে গিলক অতিৰিক্ত বোজা নিদিব। তেওঁ টেষ্টত অধিনায়ক আৰু চাৰি নম্বৰত বেটিং কৰে। সূৰ্যকুমাৰ যাদৱ যোৱাৰ পিছত তেওঁ টি-২০তো এই দায়িত্ব ল’ব। এতিয়া আপোনালোকে তেওঁক এদিনীয়াৰ অধিনায়ক হিচাপে গঢ়ি তুলিছে। মই ভাবো সকলো খৰখেদাকৈ কৰা হৈছে।”
তেওঁ লগতে কয়, “কোনো খেলুৱৈয়ে কেতিয়াও অধিনায়কত্ব বিচৰা নাই। সকলোৱে জানে যে তেওঁ অধিনায়কত্ব বিচৰা নাছিল। কিন্তু মই ভাবো সকলোৱে তেওঁক বহুত ভাল পায় আৰু তেওঁক ভৱিষ্যতৰ অধিনায়ক বুলি গণ্য কৰে। নিৰ্বাচকসকলে তেওঁৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে।”