বিচিচিআইৰ অধ্যক্ষ হ’ল এইগৰাকী ‘অখ্যাত’ খেলুৱৈ, পদত অব্যাহত দেৱজিৎ শইকীয়া

নিজ কেৰিয়াৰত তেওঁ ১৫৭ খন প্ৰথম শ্ৰেণীৰ মেচ, ১৩০ খন লিষ্ট এ মেচ, আৰু ৯১ খন টি-২০ মেচ খেলিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৯,৭১৪টা ৰান সংগ্ৰহ কৰিছিল। ঘৰুৱা ক্ৰিকেটত সফল হ’লেও অৱশ্যে তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাপালে।

বিচিচিআইৰ অধ্যক্ষ হ’ল এইগৰাকী ‘অখ্যাত’ খেলুৱৈ, পদত অব্যাহত দেৱজিৎ শইকীয়া

বিচিচিআইৰ অধ্যক্ষ পদত এইগৰাকী প্ৰাক্তন খেলুৱৈ

Updated On: 

28 Sep 2025 14:35 PM

বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ৰিকেট ৰ্ড বিচিচিআইয়ে লাভ কৰিছে এগৰাকী নতুন অধ্যক্ষ আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা বিচিচিআইৰ অনানুষ্ঠানিক বৈঠকৰ পিছতে নতুন অধ্যক্ষগৰাকী নিশ্চিত হয় বিচিচিআইৰ পূৰ্বৰ অধ্যক্ষ জাৰ বিন্নীৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা নতুন অধ্যক্ষ সন্দৰ্ভত চৰ্চা চলি আছিল এই সকলো চৰ্চাৰ অৱসান ঘটাই আজি প্ৰাক্তন ক্ৰিকেটাৰ মিথুন মানহাছক নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে টুইটযোগে মানহাছক অভিনন্দন জ্ঞাপন কৰে।

জিতেন্দ্ৰ সিঙে লিখিছে, “মিথুন মানহাছক আনুষ্ঠানিকভাৱে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নতুন সভাপতি হিচাপে ঘোষণা কৰা হৈছে। জম্মু-কাশ্মীৰৰ অন্যতম দুৰ্গম জিলা ডোডাৰ বাবে এই দিনটো কেনে এক বৃহৎ সাফল্য, সেয়া শব্দৰে বৰ্ণনা কৰাটো টান। এই জিলাখন মোৰ নিজৰো জন্মস্থান।” বিচিচিআইৰ অধ্যক্ষ পদত নিৰ্বাচিত হোৱা মানহাছেই হৈছে জম্মু-কাশ্মীৰৰ প্ৰথমজন লোক

 

সম্প্ৰতি ৪৫ বৰ্ষীয় মিথুন মানহাছ ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এক পৰিচিত নাম কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানহাছ অখ্যাত বুলিব পাৰি প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ঘৰুৱা ক্ৰিকেটত দিল্লীৰ হৈ খেলিছিল। আইপিএলতো তেওঁ কেইবাটাও দলক প্ৰতিনিধিত্ব কৰিছিল ঘৰুৱা ক্ৰিকেটক মানহাছ প্ৰদৰ্শনৰ দিশৰ পৰা সফল আছিল বুলিয়েই প্ৰমাণিত হয়

নিজ কেৰিয়াৰত তেওঁ ১৫৭ খন প্ৰথম শ্ৰেণীৰ মেচ, ১৩০ খন লিষ্ট এ মেচ, আৰু ৯১ খন টি-২০ মেচ খেলিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ,৭১৪টা ৰান সংগ্ৰহ কৰিছিল। ঘৰুৱা ক্ৰিকেটত সফল লেও অৱশ্যে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাপালে মানহাছে আনহাতে আই পি এলত তেওঁ দিল্লী ডেয়াৰডেভিলছ, পুনে ৱাৰিয়ৰ্ছ, আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ খেলাৰ সুযোগ পাইছিল।

শেহতীয়াকৈ তেওঁ জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ইয়াৰ পূৰ্বে তেওঁ দুলীপ ট্ৰফীৰ উত্তৰ মণ্ডলৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আই পি এল ফ্ৰেন্সাইজি গুজৰাট টাইটানছৰ সহায়ক কৰ্মচাৰীৰ হিচাপেও কাম কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। এতিয়া তেওঁ বিচিচিআইৰ অধ্যক্ষ হিচাপে নতুন ভূমিকা পালন কৰিব

উল্লেখ্য যে বিগত মাহত বিন্নীয়ে বিচিচিআইৰ অধ্যক্ষ হিচাপে দায়িত্বৰ অন্ত পেলাইছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিয়ম অনুসৰি যিকোনো বিষয়ববীয়াৰ বয়সৰ সৰ্বোচ্চ সীমা ৭০ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসাৰে দায়িত্বৰ পৰা আঁতৰিছিল জাৰ বিন্নী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰ্ডৰ নতুন অধ্যক্ষৰ পদৰ দৌৰত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিং আৰু ৰঘুৰাম ভট্টও আছিল।

ইফালে ৰ্ডৰ সচিব পদত দায়িত্ব অব্যাহত থাকিব অসমৰ দেৱজিৎ শইকীয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কৰ্ণাটকৰ ৰঘুৰাম ভট্টক কোষাধ্যক্ষ নিৰ্বাচিত কৰাৰ বিপৰীতে ছত্তীশগড় ক্ৰিকেট সন্থাৰ প্ৰভতেজ সিং ভাটিয়াক যুটীয়া সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বৰ দৰেই উপ-সভাপতি পদত বাহাল থাকিব ৰাজীৱ শুক্লা।

ধনবান হোৱাৰ সহজ উপায়! চাণক্যৰ নীতিৰ পৰা জানক...
দেৱী দুৰ্গাৰ প্ৰিয় ৩ ৰাশি, সদায় লগত থাকে!
পেটৰ আলচাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? কেইটামান সাধাৰণ টিপছ জানক
ডেংগুৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব? অনুসৰণ কৰক এই কৌশল