ক্ৰিকেট বিশ্বত পুনৰ মেচ ফিক্সিঙৰ জোকাৰণি! দক্ষিণ আফ্ৰিকাৰ তিনি খেলুৱৈক গ্ৰেপ্তাৰ

২০০০ চনত দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ সৈতে জড়িত মেচ ফিক্সিঙৰ ঘটনাই ক্ৰিকেট বিশ্বত খলকনি তুলিছিল। শাস্তিৰ সন্মুখীন হৈছিল দলটোৰ তেতিয়াৰ অধিনায়ক হান্সি ক্ৰ’নিয়াৰ লগতে হাৰ্ছেল গিবছৰ দৰে তাৰকা। ফিক্সিং কাণ্ডৰ সৈতে পুনৰ এবাৰ সাঙোৰ খাইছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট। গ্ৰেপ্তাৰ সৈছে দেশখনৰ তিনিগৰাকী ক্ৰিকেটাৰ।

ক্ৰিকেট বিশ্বত পুনৰ মেচ ফিক্সিঙৰ জোকাৰণি! দক্ষিণ আফ্ৰিকাৰ তিনি খেলুৱৈক গ্ৰেপ্তাৰ

দক্ষিণ আফ্ৰিকা ক্ৰিকেটত পুনৰ মেচ ফিক্সিং

Published: 

30 Nov 2024 12:29 PM

পুনৰ এবাৰ মেচ ফিক্সিঙৰ ঘটনাই জোকাৰিছে ক্ৰিকেট বিশ্ব। ফিক্সিং কাণ্ডৰ সৈতে পুনৰ এবাৰ সাঙোৰ খাইছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট। ২০০০ চনত দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ সৈতে জড়িত মেচ ফিক্সিঙৰ ঘটনাই ক্ৰিকেট বিশ্বত খলকনি তুলিছিল। শাস্তিৰ সন্মুখীন হৈছিল দলটোৰ তেতিয়াৰ অধিনায়ক হান্সি ক্ৰ’নিয়াৰ লগতে হাৰ্ছেল গিবছৰ দৰে তাৰকা। এনে কুখ্যাতি পাহৰি দক্ষিণ আফ্ৰিকা ক্ৰিকেট ক্ৰমাৎ সাফল্যৰ দিশত আগবাঢ়িছিল যদিও এতিয়া পুনৰ এবাৰ ফিক্সিঙৰ সৈতে জড়িত হৈছে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ।

মেচ ফিক্সিঙৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দক্ষিণ আফ্ৰিকাৰ তিনিগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। ধৃত এই তিনিগৰাকী খেলুৱৈৰ ভিতৰত আছে দক্ষিণ আফ্ৰিকাৰ এসময়ৰ পেচ আক্ৰমণৰ অন্যতম প্ৰধান তাৰকা লনৱাহো ছ’টছ’বেও। দক্ষিণ আফ্ৰিকাৰ অপৰাধ অনুসন্ধান বিভাগে শুকুৰবাৰে ছ’টছ’বেৰ লগতে এই গোচৰত অভিযুক্ত আন দুজন প্ৰাক্তন খেলুৱৈকো গ্ৰেপ্তাৰ কৰে। ৯ বছৰীয়া মেচ ফিক্সিং গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে এই তিনিগৰাকী খেলুৱৈক।

লনৱাহো ছ’টছ’বেৰ লগতে এই গোচৰত গ্ৰেপ্তাৰ হোৱা আন দুগৰাকী খেলুৱৈ হৈছে ক্ৰমে টামছাংকা ছ’লেকিলে আৰু আথি এম্বালাটি। জাতীয় দলক আন্তঃৰাষ্ট্ৰীয় পৰায়ত শতাধিক মেচত প্ৰতিনিধিত্ব কৰা ছ’টছ’বেৰ গ্ৰেপ্তাৰে ক্ৰিকেটপ্ৰেমীসকলক স্বাভাৱিকতেই হতভম্ব কৰি তুলিছে। ইফালে ধৃত আন দুই খেলুৱৈৰে ছ’লেকিলে দক্ষিণ আফ্ৰিকাৰ হৈ ৩খন টেষ্ট মেচ খেলিছিল।

আনহাতে এম্বালাটিয়ে জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা নাছিল যদিও দক্ষিণ আফ্ৰিকাৰ ঘৰুৱা ক্ৰিকেটত দীৰ্ঘদিনীয়া কেৰিয়াৰ গঢ়ি তুলিছিল খেলুৱৈগৰাকীয়ে। দক্ষিণ আফ্ৰিকাৰ পুৰণি টি-২০ প্ৰতিযোগিতা ‘ৰেম শ্লেম’ত মেচ ফিক্সিঙৰ সৈতে জড়িত থকাৰ অভিযোগত এই খেলুৱৈকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। এই প্ৰতিযোগিতাত তিনিওগৰাকী খেলুৱৈয়ে মেচ ফিক্স কৰাৰ অভিযোগ উত্থাপন হৈছিল।

এনে অভিযোগৰ পিছতে ক্ৰিকেট দক্ষিণ আফ্ৰিকাই তিনিওগৰাকীকে নিলম্বন কৰিছিল। যোৱা ১৮ নৱেম্বৰত এম্বালাটিক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছিল। আনহাতে ২৮ নৱেম্বৰত ছ’লেকিলে আৰু ২৯ নৱেম্বৰত ছ’টছ’বেক গ্ৰেপ্তাৰ কৰা হয়। দীৰ্ঘদিন ধৰি তিনিও অভিযুক্তৰ বিৰুদ্ধে এই গোচৰত তদন্ত চলাই থকা হৈছিল। ২০১৬ চনত এই প্ৰতিযোগিতাখনত মেচ ফিক্সিঙৰ কথা পোহৰলৈ অহাৰ পিছতে এই বিষয়ত তদন্ত আৰম্ভ হৈছিল।

উল্লেখ্য যে ধৃত আন দুই খেলুৱৈ ক্ৰিকেট বিশ্বত অধিক জনপ্ৰিয় নহ’লেও লনৱাবো ছ’টছ’বে আছিল প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰে এক চিনাকি মুখ। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে দক্ষিণ আফ্ৰিকাক প্ৰতিনিধিত্ব কৰা ছ’টছ’বেই এসময়ত ডালে ষ্টেইনৰ সৈতে এক শক্তিশালী পেচ আক্ৰমণ গঢ়ি তুলিছিল। বাওঁহতীয়া পেচাৰগৰাকীয়ে কেৰিয়াৰত ৬১খন এদিনীয়া মেচত ৯৪টা উইকেট দখল কৰিছিল। তদুপৰি ৫ খন টেষ্টত ৯ টা আৰু ২৩ খন টি-২০ মেচত ১৮ টা উইকেট দখল কৰিছিল ছ’টছ’বেই।

মাজনিশা হঠাৎ দাঁতৰ বিষ উঠিলে কি কৰিব? জানক ঘৰুৱা উপায়
কিয় খাদ্য লাহে লাহে চোবাই খাব লাগে ? ইয়াৰ ৫ টা বিশেষ উপকাৰিতা জানক
সাৱধান, এইসমূহ অভ্যাসে মানুহক কৰে দৰিদ্ৰ! জানক...
ডায়েবেটিছৰ ভৰিত দেখা দিয়ে লক্ষণসমূহ কি কি? জানক...
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে
ডি-ভোটাৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য