Mary Kom Divorce Drama: ‘পত্নীৰ টকাৰে খোৱা ব্যক্তি!’, প্ৰাক্তন স্বামীৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ মেৰী কমৰ
Indian Boxer Mary Kom: মেৰীৰ প্ৰাক্তন স্বামীৰ বক্তব্য ২০১৩ চনৰ পৰা তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলিছে। সেই বছৰত মেৰী কমৰ জুনিয়ৰ বক্সাৰৰ সৈতে সম্পৰ্কক লৈ দুয়োটা পৰিয়ালৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। পিছত ২০১৭ চনৰ পিছত তেওঁৰ প্ৰাক্তন স্বামীয়েও দাবী কৰে যে বক্সিং একাডেমীৰ সৈতে জড়িত এজন ব্যক্তিৰ সৈতে মেৰী কমৰ সম্পৰ্ক আছিল।

অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় বক্সাৰ মেৰী কমৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ। অৱশ্যে তেওঁৰ প্ৰাক্তন স্বামী কাৰুং আনখোলাই এই অভিযোগ তীব্ৰভাৱে অস্বীকাৰ কৰিছে। তেওঁ কয় যে মেৰীয়ে কৰা আত্মসাৎ বা মাটি দখলৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। ইয়াৰ বিপৰীতে মেৰী নিজেই একাধিক বিবাহ বহিৰ্ভূত প্ৰেমৰ সৈতে জড়িত আছিল।
মেৰীৰ প্ৰাক্তন স্বামীৰ বক্তব্য ২০১৩ চনৰ পৰা তেওঁলোকৰ বৈবাহিক জীৱনত ফাঁট মেলিছিল। সেই বছৰ মেৰী কমৰ জুনিয়ৰ বক্সাৰৰ সৈতে সম্পৰ্কক লৈ দুয়োটা পৰিয়ালৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। পিছত ২০১৭ চনৰ পিছত তেওঁৰ প্ৰাক্তন স্বামীয়েও দাবী কৰে যে বক্সিং একাডেমীৰ সৈতে জড়িত এজন ব্যক্তিৰ সৈতে মেৰী কমৰ সম্পৰ্ক আছিল। আনকি তেওঁ দাবী কৰিছিল যে তেওঁৰ হাতত হোৱাটছএপ মেছেজকে ধৰি একাধিক প্ৰমাণ আছে।
আনহাতে এটা ৰাষ্ট্ৰীয় চেনেলৰ সাক্ষাতকাৰত মেৰী কমে এই সময়ছোৱাক নিজৰ জীৱনৰ আটাইতকৈ ক’লা অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয়, ‘পদূলিয়ে পদূলিয়ে খেলা খেলি ফুৰা লোকজনে নিজকে ডাঙৰ খেলুৱৈ বুলি ভাবি ল’লে। পত্নীৰ টকাৰে খোৱা ব্যক্তি। তেওঁৰ কোনো কেৰিয়াৰ ধ্বংস হোৱা নাই। তেওঁ মই গম নোপোৱাকৈ মোৰ বেংক একাউণ্টৰ পৰা বহু ধন সৰকাইছে।’
স্বামীৰ বাবে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ লগতে নিজৰ উপাৰ্জনেৰে কিনা মাটিও হেৰুৱাই পেলোৱাৰ অভিযোগ উত্থাপন কৰে মেৰীয়ে। মন কৰিবলগীয়া যে ২০০৫ চনত বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতীৰ ৪টা সন্তান। ২০২৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হয়।