সলনি কৰা হ’ব মনু ভাকৰৰ অলিম্পিক পদক, কিন্তু কিয় ?

অলিম্পিকত দুটাকৈ পদক জয় কৰি দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল শ্বুটাৰ মনু ভাকেৰে। ভাৰতৰ তাৰকা শ্বুটাৰ গৰাকীয়ে ইতিহাস ৰচনা কৰি পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰিছিল । কিন্তু এতিয়া এইগৰাকী কিংবদন্তি শ্বুটাৰৰ দুয়োটা পদক ঘূৰাই লোৱা হ’ব আৰু এয়া মনু ভাকেৰৰ বাবেও অতি সুখৰ বিষয়।

সলনি কৰা হব মনু ভাকৰৰ অলিম্পিক পদক, কিন্তু কিয় ?

মনু ভাকৰ

Published: 

15 Jan 2025 | 07:27 AM

যোৱা বছৰৰ পেৰিছ অলিম্পিকত দুটাকৈ পদক জয় কৰি দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল শ্বুটাৰ মনু ভাকেৰে। ভাৰতৰ তাৰকা শ্বুটাৰ গৰাকীয়ে ইতিহাস ৰচনা কৰি পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰিছিল । কিন্তু এতিয়া এইগৰাকী কিংবদন্তি শ্বুটাৰৰ দুয়োটা পদক ঘূৰাই লোৱা হ’ব আৰু এয়া মনু ভাকেৰৰ বাবেও অতি সুখৰ বিষয়।

প্ৰকাশিত খবৰ অনুসৰি, এই তাৰকা ভাৰতীয় শ্বুটাৰ গৰাকীৰ দুয়োটা ব্ৰঞ্জৰ পদকৰ অৱস্থা অতি বেয়া হৈ পৰিছিল আৰু এতিয়া এই পদকসমূহ নিৰ্মাণ কৰা ফ্ৰান্সৰ কোম্পানী মনাই ডি পেৰিছে মনুক নতুন ব্ৰেণ্ডৰ পদক দিব। জানিব পৰা মতে, মনু ভাকেৰৰ পদকবোৰৰ ৰং হেৰাই গৈছে আৰু পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ মাত্ৰ কেইদিনমান পিছতে এই পদকবোৰৰ অৱস্থা বেয়া হৈ পৰিছিল।

কেৱল মনু ভাকেৰে নহয়, পেৰিছ অলিম্পিকত জয়ী হোৱা পদকক লৈ সমগ্ৰ বিশ্বৰ বহু খেলুৱৈয়ে অভিযোগ কৰিছিল। খেলুৱৈসকলে পেৰিছ অলিম্পিকৰ পদকসমূহৰ নিম্নমানৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। এই অভিযোগৰ পিছত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে জনাইছে যে, ক্ষতিগ্ৰস্ত অলিম্পিক পদকসমূহ পুনৰবাৰ মনাই ডি পেৰিছে মেৰামতি কৰিব আৰু সেইবোৰ একেবাৰে নতুন কৰি খেলুৱৈসকলক ঘূৰাই দিয়া হ’ব।

পেৰিছ অলিম্পিক আয়োজক সমিতিয়ে এই পদকবোৰ মনাই ডি পেৰিছক নিৰ্মাণৰ ঠিকা দিছিল। ই এটা চৰকাৰী কোম্পানী যিয়ে ফ্ৰান্সৰ বাবে মুদ্ৰা নিৰ্মাণ কৰে। প্ৰতিবেদন অনুসৰি, আগন্তুক সপ্তাহত খেলুৱৈসকলৰ ক্ষতিগ্ৰস্ত সকলো পদক কোম্পানীয়ে সলনি কৰিব। ফৰাচী কোম্পানী মনাই ডি পেৰিছে প্ৰতিটো পদকত আইফেল টাৱাৰৰ লোহাৰ টুকুৰা ব্যৱহাৰ কৰিছিল। এই কোম্পানীটোৱে অলিম্পিক গেমছৰ বাবে ৫০৮৪ টা সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক তৈয়াৰ কৰিছিল ।

মনু ভাকেৰে প্ৰথমে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে, ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ পৰা যিকোনো অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছতে সৰবজোৎ সিঙৰ সৈতে মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টল দলীয় ইভেণ্টত আন এক ব্ৰঞ্জৰ পদক লাভ কৰে মনুয়ে। ইয়াৰ লগে লগে মনু ভাকৰ দেশৰ স্বাধীনতাৰ পাছত এখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...