Sports Controversies 2025: বিদায় বেলাত ২০২৫ বৰ্ষঃ থোৰতে চকু ফুৰাওক বৰ্ষটোত সৃষ্টি হোৱা ক্ৰীড়া কেন্দ্ৰিক কিছু বিতৰ্কৰ ওপৰত

বিদায়ৰ সময়ত বছৰটোৰ ভিন্ন সময় তথা ঘটনাৱলীলৈ উভতি চোৱাটোও আমাৰ এক সহজাত প্ৰবৃত্তি। এই বৰ্ষটোত ক্ৰীড়া জগততো দেখা যায় নানা ৰোমাঞ্চকৰ ঘটনাৱলী। সফলতা উদযাপনৰ সমান্তৰালকৈ নানা বিতৰ্কই জোকাৰি যায়। জানো আহক এনে কিছু বিতৰ্কৰ বিষয়ে।

Sports Controversies 2025: বিদায় বেলাত ২০২৫ বৰ্ষঃ থোৰতে চকু ফুৰাওক বৰ্ষটোত সৃষ্টি হোৱা ক্ৰীড়া কেন্দ্ৰিক কিছু বিতৰ্কৰ ওপৰত

২০২৫ৰ ক্ৰীড়া কেন্দ্ৰিক বিতৰ্ক

Updated On: 

29 Dec 2025 16:42 PM

ক্ৰমাৎ বিদায়ৰ দিশে আগবাঢ়িছে চলিত ২০২৫ চন। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে বিশ্ববাসীয়ে বিদায় দিব এই বৰ্ষটোক। প্ৰতিজন ব্যক্তিয়ে স্বাভাৱিকতেই সুখ-দুখৰ মাজেৰে পাৰ কৰে এটা বছৰ। আৰু বিদায়ৰ সময়ত বছৰটোৰ ভিন্ন সময় তথা ঘটনাৱলীলৈ উভতি চোৱাটোও আমাৰ এক সহজাত প্ৰবৃত্তি। এই বৰ্ষটোত ক্ৰীড়া জগততো দেখা যায় নানা ৰোমাঞ্চকৰ ঘটনাৱলী। সফলতা উদযাপনৰ সমান্তৰালকৈ নানা বিতৰ্কই জোকাৰি যায়। ভাৰতীয় ক্ৰীড়া অনুৰাগীসকল এই বৰ্ষটোত বহু সাফল্যৰো সাক্ষী হয়।

বিশেষকৈ ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ চেম্পিয়নছ ট্ৰফী জয় আৰু মহিলা ক্ৰিকেট দলৰ বিশ্বকাপ জয়ে দেশৰ ক্ৰীড়া অনুৰাগীসকলক আনন্দিত কৰি তোলে। পিছে সফলতাৰ লগতে ক্ৰীড়া জগতৰ বহু বিতৰ্কও চৰ্চিত হৈ পৰে। জানো আহক এনে কিছু বিতৰ্কৰ বিষয়ে-

চেম্পিয়নছ ট্ৰফীক লৈ ভাৰত-পাক সংঘাত

চলিত ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফীক লৈ দীঘলীয়া বিতৰ্কৰ সৃষ্টি হয়। ভাৰতীয় দলে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰাত টুৰ্ণামেণ্টখন ‘হাইব্ৰিড মডেল’ত আয়োজনৰ দাবী উত্থাপন হয়। এই বিষয়টোক লৈ বি চি চি আই (BCCI) আৰু পি চি বি (PCB) ৰ মাজত হোৱা বাকযুদ্ধই ক্ৰিকেট বিশ্বত যথেষ্ট চৰ্চা লভ কৰে।

এছিয়া কাপত কৰমৰ্দন বিতৰ্ক

২০২৫ চনৰ এছিয়া কাপৰ মেচত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ বিৰুদ্ধে খেলাৰ অন্তত প্ৰতিপক্ষৰ সৈতে কৰমৰ্দন নকৰাক লৈ এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। পহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা শ্বহীদ পৰিয়ালসমূহৰ প্ৰতি একাত্মতা প্ৰকাশ কৰিবলৈ ভাৰতীয় দলে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

এছিয়া কাপৰ ট্ৰফী কেন্দ্ৰিক বিতৰ্ক

২০২৫ চনৰ এছিয়া কাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পাছত ট্ৰফীকেন্দ্ৰিক এক নজিৰবিহীন বিতৰ্কৰ সৃষ্টি হয়। ACCৰ অধ্যক্ষ পাকিস্তানৰ মহচিন নাকভিৰ পৰা ভাৰতীয় দলে ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত বিতৰ্কৰ সূচনা হয়। ইয়াৰ পৰিণতিত নাকভিয়ে ভাৰতীয় দলক ট্ৰফী-পদক প্ৰদান নকৰাকৈ ষ্টেডিয়াম ত্যাগ কৰে। ইয়াৰ ফলত বিজয়ী ভাৰতীয় দলে ট্ৰফী অবিহনেই খেলপথাৰত উদযাপন কৰিবলগীয়া হয়।

ভাৰতীয় ফুটবলৰ বিতৰ্ক

উত্থান পতনেৰে আগবঢ়া ভাৰতীয় ফুটবলক লৈ চলিত বৰ্ষত যথেষ্ট বিতৰ্কৰ সূচনা হয়। বিশেষকৈ ইণ্ডিয়ান ছুপাৰ লীগ (ISL) বন্ধ হোৱাৰ উপক্ৰম বা অনিশ্চিত ভৱিষ্যতক লৈ সৃষ্টি হোৱা পৰিস্থিতিয়ে ভাৰতীয় ফুটবলৰ মানদণ্ড আৰু পেছাদাৰীত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

ভাৰতীয় ক্ৰিকেটৰ বিতৰ্ক

এই বৰ্ষটোত সফলতাৰ সমানে বিতৰ্কয়ো জুৰুলা কৰে ভাৰতীয় ক্ৰিকেটাৰক। বিশেষকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অগাপিচাকৈ টেষ্টৰ পৰা অৱসৰ লোৱাৰ পিছত সমালোচনাৰ সন্মুখীন হয় ভাৰতীয় টীম মেনেজমেণ্ট। ইফালে ঘৰৰ মাটিতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ বাবে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ তথা ভাৰতীয় টীম মেনেজমেণ্ট সমালোচনাৰ লক্ষ্য হৈ পৰে।

লিংগ বিতৰ্ক

২০২৪ চনৰ পেৰিছ অলিম্পিকৰ সময়ত স্বৰ্ণ বিজয়ী বক্সাৰ ইমান খেলিফ কেন্দ্ৰিক লিংগ বিতৰ্কই সমগ্ৰ বিশ্বত চৰ্চা লাভ কৰিছিল। এই বৰ্ষতো দেখা পোৱা যায় এনে লিংগকেন্দ্ৰিক বিতৰ্ক। লিন ইউ টিং, কাষ্টাৰ চেমেনিয়া, ক্ৰীষ্টিন এমবোমাৰ দৰে মহিলা খেলুৱৈয়ে এই বিষয়ত দিয়া আইনী যুঁজে ক্ৰীড়া বিশ্বত বিশেষ চৰ্চা লাভ কৰে।

চীনা খেলুৱৈৰ ডপিং কেলেংকাৰী

এই বৰ্ষটোত চীনৰ কেইবাজনো সাঁতোৰবিদ আৰু ভাৰোত্তোলন খেলুৱৈৰ ডপিং টেষ্ট পজিটিভ ওলোৱাৰ ঘটনাই ক্ৰীড়া বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰে। বিশ্ব ডপিং বিৰোধী সংস্থা (WADA) ৰ ওপৰত পক্ষপাতিত্বৰ অভিযোগ উত্থাপনেৰে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে অলিম্পিক সমিতিৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...