‘ৰোকো’ যুটি ভংগৰ অপচেষ্টা! ৰোহিত সন্দৰ্ভত কোহলীক লৈ কোনে চলাইছে এনে অপপ্ৰচাৰ?

মাজে সময়ে এই দুয়োগৰাকী তাৰকাৰ মাজৰ সম্পৰ্কত বিজুতি থকা বুলি উৰাবাতৰি প্ৰচাৰ নোহোৱাকৈ থকা নাই। কিন্তু এতিয়া ৰোহিত আৰু বিৰাটৰ সম্পৰ্কৰ অৱনতি ঘটা বুলি দেখুৱাবলৈ অপপ্ৰচাৰ কৰাতো নামি পৰিল একাংশ।

‘ৰোকো’ যুটি ভংগৰ অপচেষ্টা! ৰোহিত সন্দৰ্ভত কোহলীক লৈ কোনে চলাইছে এনে অপপ্ৰচাৰ?

ৰোহিত শৰ্মা আৰু বিৰাট কোহলী

Published: 

05 Oct 2025 | 04:57 PM

ভাৰতীয় ক্ৰিকেটত বিগত প্ৰায় ডেৰ দশকজুৰি এক সুকীয়া স্থান দখল কৰি আহিছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এই দুয়োগৰাকী তাৰকাই ভাৰতীয় ক্ৰিকেটক প্ৰদান কৰিছে বহু সুখকৰ অভিজ্ঞতা ক্ৰীজত দুয়োৰে উপস্থিতি মানেই এফালে যিদৰে অনুৰাগীৰ বাবে মাদকতা, আনফালে আকৌ প্ৰতিপক্ষৰ বাবে হৈ পৰে শংকাৰ কাৰণ খেলপথাৰৰ লগতে ব্যক্তিগত জীৱনতো বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে দুয়োগৰাকী তাৰকাকে একেলগেৰোকোনামেৰে নামাংকৃত কৰিছে অনুৰাগীসকলে

অৱশ্যে মাজে সময়ে এই দুয়োগৰাকী তাৰকাৰ মাজৰ সম্পৰ্কত বিজুতি থকা বুলি উৰাবাতৰি প্ৰচাৰ নোহোৱাকৈ থকা নাই কিন্তু এতিয়া ৰোহিত আৰু বিৰাটৰ সম্পৰ্কৰ অৱনতি ঘটা বুলি দেখুৱাবলৈ অপপ্ৰচাৰ কৰাতো নামি পৰিল একাংশ সামাজিক মাধ্যমত সম্প্ৰতি ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এনে অপপ্ৰচাৰ

শনিবাৰে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰে ঘোষিত এদিনীয়া দলত নিৰ্বাচক সমিতিয়ে ৰোহিত শৰ্মাৰ পৰিৱৰ্তে শুভমন গিলক নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে এই দলটোত অৱশ্যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়োকে স্থান দিয়া হৈছে

ইয়াৰ পিছতে সামাজিক মাধ্যমত বিৰাট কোহলীৰ নামত এটা পোষ্ট ভাইৰেল হৈ পৰে এই পোষ্টটোত কোহলীয়ে অধিনায়ক পদ কৰ্তনৰ বাবে ৰোহিতক ঠাট্টা কৰা দেখা গৈছে। দাবী অনুসৰি বিৰাটে ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰিছিল, য’ত তেওঁ লিখিছিল “জীৱনটো এক বুমেৰাং, আপুনি যি দিয়ে সেয়াই পায়

পোষ্টটোত লগতেকৰ্মা শব্দটোও লিখা হৈছে। উল্লেখ্য যে ২০২১ চনত বিৰাট কোহলীৰ স্থানত ৰোহিত শৰ্মাক পূৰ্ণকালীন এদিনীয়া অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। অৰ্থাৎ এই ভাইৰেল পোষ্টটোৰ জৰিয়তে কোহলীয়ে ৰোহিতে এতিয়া কৰ্মফল ভুগিছে বুলি বিচৰাৰ দৰে দেখুৱাব বিচৰা হৈছে

অৱশ্যে কোহলীৰ নামত দিয়া এই পোষ্ট সম্পূৰ্ণ মিছা। ভুল তথ্য প্ৰচাৰৰ বাবে কৃত্তিম বুদ্ধিমত্বা অৰ্থাৎ AI ব্যৱহাৰ কৰি এই পোষ্টটো সৃষ্টি কৰা হৈছে। এনে কোনো লেখা বিৰাট কোহলীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম প্ৰফাইলত পোষ্ট কৰা নাছিল। এনে অপপ্ৰচাৰে এতিয়া কোহলী আৰু ৰোহিতৰ অনুৰাগীসকলক যথেষ্ট ক্ষুব্ধ কৰিছে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...