পিছ পৰিল পণ্টিং-দ্ৰাবিড় সকলো, সমুখত কেৱল শচীনঃ মানচেষ্টাৰত অভিলেখৰ জোৱাৰ তুলিলে ৰুটে
মানচেষ্টাৰত শতকীয় ইনিংছৰ সময়তে ৰুটে আজি অৰ্জন কৰে কেইবাটাও অভিলেখ। এই অভিলেখৰ তালিকাত আটাইতকৈ ঈৰ্ষণীয় কৃতিত্ব হিচাপে জ’ ৰুট এতিয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছে।

ৰুটৰ অভিলেখৰ জোৱাৰ
আধুনিক টেষ্ট ক্ৰিকেটৰ ৰান মেচিন জ’ ৰুট সঁচা অৰ্থত এতিয়া অপ্ৰতিৰোধ্য। বেটৰ সৈতে দেখুওৱা অসামান্য ধাৰাবাহিকতাৰ সুবাদত এতিয়া জ’ ৰুট হৈ পৰিছে টেষ্ট ক্ৰিকেটৰ সৰ্বকালৰ এগৰাকী অন্যতম মহান তাৰকা। আজি মানচেষ্টাৰতো এই মহানতাৰ আভাস দিলে জ’ ৰুটে। চলিত মানচেষ্টাৰ টেষ্টৰ আজি তৃতীয় দিনা এক সবল স্থিতিত উপনীত হৈছে ইংলেণ্ড। দলক এই শক্তিশালী স্থিতিৰ অন্যতম কৰ্ণধাৰ হৈ পৰে ৰুট। ভাৰতীয় বলিং আক্ৰমণক সম্পূৰ্ণ দিশহাৰা কৰি ৰুটে আজি মানচেষ্টাৰত সম্পূৰ্ণ কৰে নিজ টেষ্ট কেৰিয়াৰৰ ৩৮তম শতক।
এই শতকীয় ইনিংছৰ সময়তে ৰুটে আজি অৰ্জন কৰে কেইবাটাও অভিলেখ। এই অভিলেখৰ তালিকাত আটাইতকৈ ঈৰ্ষণীয় কৃতিত্ব হিচাপে জ’ ৰুট এতিয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হৈছে। আজি নিজ ইনিংছত ১২০ ৰান সংগ্ৰহ কৰাৰ লগে লগে এই কৃতিত্বৰ অধিকাৰী হয় ইংৰাজ তাৰকাগৰাকী।
মানচেষ্টাৰ টেষ্টৰ পূৰ্বলৈকে ৰুট এই তালিকাত আছিল পঞ্চম স্থানত। কিন্তু ১২০ ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে ক্ৰমে ৰাহুল দ্ৰাবিড় (১৩,২৮৮), জেক কালিছ (১৩,২৮৯) আৰু ৰিকী পণ্টিঙক (১৩,৩৭৮)। এইক্ষেত্ৰত এতিয়া ৰুটতকৈ আগত আছে কেৱল ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ।
নিজ কেৰিয়াৰত শচীনে ২০০ খন টেষ্টত ১৫,৯২১ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ৰুটে এইপৰ্যন্ত ১৫৭ খন টেষ্টত ১৩,৩৮০ ৰান সংগ্ৰহ কৰিছে। অৰ্থাৎ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰিবলৈ ৰুটক এতিয়া প্ৰয়োজন মাত্ৰ ২,৫৪১ ৰান। এনে পৰিস্থিতিত ৰুটৰ বএই ধাৰাবাহিকতা অব্যাহত থাকিলে শচীনৰ ৰেকৰ্ড ভংগ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে।
ইয়াৰ লগতে ৰুটে আন কেইবাটাও অভিলেখ ৰচনা কৰিছে। এই ৰেকৰ্ডসমূহ হৈছে-
ইংলেণ্ডৰ মাটিত ভাৰতৰ বিৰুদ্ধে ৰুটৰ এয়া নৱম শতিক। এইদৰে এখন দেশৰ বিৰুদ্ধে ঘৰুৱা টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ এতিয়া ৰুটৰ নামত। এইক্ষেত্ৰত তেওঁ মহান বেটছমেন ডন ব্ৰেডমেন (৮)ৰ অভিলেখ ভংগ কৰে।
ৰুটে আজিৰ এই শতকৰ সহায়ত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৰুটৰ নামত এতিয়া ভাৰতৰ বিৰুদ্ধে আছে ১২টা টেষ্ট শতক। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে ষ্টিভ’ স্মিথক (১১)।
টেষ্ট ক্ৰিকেটত ৰুটে আজি ৩৮তম শতক অৰ্জন কৰিছে। এইদৰে তেওঁ শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা কুমাৰ ছাংগাকাৰাক স্পৰ্শ কৰে। ৰুটে ১৫৭ সংখ্যক টেষ্টত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে ছাংগাকাৰাই ১৩৪খন টেষ্টত ৩৮টা শতক অৰ্জন কৰিছিল।
একেটা দলৰ বিৰুদ্ধে সৰ্বাধিক শতকৰ ক্ষেত্ৰত ৰুটে জেক হবছ আৰু স্মিথক স্পৰ্শ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে স্মিথে আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হবছে টেষ্টত ১২টাকৈ শতক অৰ্জন কৰিছিল।