পেৰিছত কিশোৰীৰ চমকঃ মাত্ৰ ১৪ বছৰতে স্বৰ্ণ জয়েৰে জাপানী কিশোৰীৰ চাঞ্চল্য

জাপানৰ কোকো য়ুছিজাৱাই মাত্ৰ ১৩ বছৰ ৩৪১ দিন বয়সত চলিত পেৰিছ অলিম্পিকৰ মহিলাৰ স্কেটবৰ্ডত জয় কৰিছে স্বৰ্ণ পদক। লক্ষণীয়ভাৱে য়ুছিজাৱাৰ লগতে এই শাখাত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলৰ বয়সো মাত্ৰ ১৫ আৰু ১৬ বছৰ।

পেৰিছত কিশোৰীৰ চমকঃ মাত্ৰ ১৪ বছৰতে স্বৰ্ণ জয়েৰে জাপানী কিশোৰীৰ চাঞ্চল্য

স্কেটবৰ্ডত পদক জয়ী খেলুৱৈকেইগৰাকী

Published: 

29 Jul 2024 | 01:56 PM

অসমীয়াত এষাৰ কথা আছে, ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন।’ এই কথাষাৰিকে যে কাৰ্যতঃ প্ৰমাণিত কৰি তুলিলে জাপানৰ এগৰাকী কিশোৰীয়ে। এক সোণালী ভৱিষ্যতৰ পূৰ্ণ ইঙ্গিত বহন কৰি পেৰিছত স্বৰ্ণ জয়েৰে উজলি উঠিছে এই জাপানী কিশোৰীগৰাকী। অহা ২২ ছেপ্টেম্বৰত এই কিশোৰীগৰাকীয়ে উদযাপন কৰিব নিজৰ ১৪ সংখ্যক জন্মদিন আৰু তাৰ আগে আগে কিশোৰীগৰাকীয়ে পেৰিছ অলিম্পিকত চুম্বন আঁকিছে স্বৰ্ণ পদকত।

এই কিশোৰীগৰাকীৰ নাম জাপানৰ কোকো য়ুছিজাৱা। কিশোৰী য়ুছিজাৱাই স্কেটবৰ্ডত জয় কৰিছে অলিম্পিক স্বৰ্ণ। লক্ষণীয়ভাৱে য়ুছিজাৱাৰ লগতে এই শাখাত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলৰ বয়সো মাত্ৰ ১৫ আৰু ১৬ বছৰ।

অৱশ্যে কিছুদিনৰ ব্যৱধানৰ বাবে কোকো য়ুছিজাৱা অলিম্পিক ইতিহাসত স্বৰ্ণ জয় কৰা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ পৰা ব্যৰ্থ হ’বলগীয়া হয়। অলিম্পিক ইতিহাসত এইক্ষেত্ৰত এতিয়াও অক্ষত আছে ৮৮ বৰ্ষীয় পুৰণি অভিলেখ।

১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকত আমেৰিকান খেলুৱৈ মাৰ্জাৰী গেষ্ট্ৰিঙে স্প্ৰিংবৰ্ড ডাইভিঙত স্বৰ্ণ জয় কৰি এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰি ৰাখিছে। গেষ্টিঙে মাত্ৰ ১৩ বছৰ, ২৬৮ দিনতে এই অনন্য কৃতিত্বৰ অধিকাৰী হৈ ইতিহাস সৃষ্টি কৰিছিল।

আনহাতে জাপানী খেলুৱৈ কোকো য়ুছিজাৱাই পেৰিছত ১৩ বছৰ ৩৪১ দিন বয়সত জয় কৰিছে স্বৰ্ণ পদক। উল্লেখ্য যে পেৰিছ অলিম্পিকৰ মহিলা স্কেটবৰ্ড ইভেণ্টত য়ুছিজাৱাই স্বৰ্ণ লাভ কৰাৰ বিপৰীতে জাপানৰেই ১৫ বৰ্ষীয় লিজ আকামাৰে লাভ কৰে ৰূপৰ পদক। আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰিছে ব্ৰাজিলৰ ১৬ বৰ্ষীয় ৰাইছা লিলে।

কোকো য়ুছিজাৱাই ২৭২.৭৫ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে আকামাই ২৬৫.৯৫ পইণ্ট আৰু লিলে ২৫৩.৩৭ পইণ্ট সংগ্ৰহ কৰে। ব্ৰাজিলৰ স্কেট বৰ্ডাৰ ৰাইছা লিলে ২০২০ চনৰ টকিঅ’ অলিম্পিকত এই শাখাত ৰূপৰ পদক লাভ কৰিছিল। কিন্তু এইবাৰ পেৰিছত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় তাৰকাগৰাকী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...