ক্ৰিকেটত 69 নম্বৰৰ জাৰ্চী নিষিদ্ধ নেকি? এই সংখ্য়াটোক লৈ বিতৰ্ক কিয়, কোনজন ভাৰতীয় খেলুৱৈৰ জাৰ্চী নম্বৰ 69?

ক্ৰিকেটাৰসকলে নিজৰ ইচ্ছানুসৰি জাৰ্চী নম্বৰ বাচনি কৰে যদিও কিছুমান নম্বৰ ইচ্ছা কৰিলেও ব্যৱহাৰ কৰিব নোৱাৰে। যিবোৰ কোনো খেলুৱৈৰ প্ৰতি সন্মান জনাই পুনৰ ব্যৱহাৰৰ বাবে দিয়া নহয়। আমি আলোচনা কৰিব খোজা সংখ্যাটোৰ ক্ষেত্ৰত অৱশ্যে কোনো আনুষ্ঠানিক নিষেধাজ্ঞা নাই। তথাপিও বহুদেশৰ ক্ৰিকেট ব'ৰ্ডে এই সংখ্যাটো ব্যৱহাৰ কৰিবলৈ নিদিয়ে।

ক্ৰিকেটত 69 নম্বৰৰ জাৰ্চী নিষিদ্ধ নেকি? এই সংখ্য়াটোক লৈ বিতৰ্ক কিয়, কোনজন ভাৰতীয় খেলুৱৈৰ জাৰ্চী নম্বৰ 69?

নিউজীলেণ্ড ক্ৰিকেট টীম

Published: 

24 Jan 2026 | 04:57 PM

ক্ৰিকেট নিশ্চয় আপোনাৰো প্ৰিয়। তেনেদৰে প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰ প্ৰিয় ক্ৰিকেটাৰো থাকে। ক্ৰিকেট অনুৰাগীসকলে যেনেকৈ খেলুৱৈৰ নাম মনত ৰাখে, তেনেকৈ মনত ৰাখে তেওঁলোকৰ জাৰ্চী নম্বৰ। যেনে ধৰক- শচীন তেণ্ডুলকাৰৰ জাৰ্চী নং ১০, মহেন্দ্ৰ সিং ধোনীৰ ৭, বিৰাট কোহলীৰ ১৮, ৰোহিত শৰ্মাৰ ৪৫, ৰাহুল দ্ৰাৱিড়ৰৰ ১৯। বিদেশী বিভিন্নজন খেলুৱৈৰো জাৰ্চী নম্বৰ মনত ৰাখে। কিন্তু আজি আমি আলোচনা কৰিবলৈ ওলাইছো এটা বিশেষ সংখ্যাক লৈ।

ক্ৰিকেটাৰসকলে নিজৰ ইচ্ছানুসৰি জাৰ্চী নম্বৰ বাচনি কৰে যদিও কিছুমান নম্বৰ ইচ্ছা কৰিলেও ব্যৱহাৰ কৰিব নোৱাৰে। ভাৰতত যেনেকৈ শচীন তেণ্ডুলকাৰৰ পাছত কোনেও ১০ সংখ্যাটো ব্যৱহাৰ নকৰে। একেদৰে ধোনীৰ ৭ নংটোও ব্যৱহাৰত নিষেধাজ্ঞা আছে। আমি আলোচনা কৰিব খোজা সংখ্যাটোৰ ক্ষেত্ৰত অৱশ্যে কোনো আনুষ্ঠানিক নিষেধাজ্ঞা নাই। তথাপিও বহুদেশৰ ক্ৰিকেট ব’ৰ্ডে এই সংখ্যাটো ব্যৱহাৰ কৰিবলৈ নিদিয়ে।

এই সংখ্যাটো হৈছে ৬৯, ইংৰাজীত 69। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে 69 সংখ্যাটো ব্যৱহাৰৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক নিষেধাজ্ঞা আৰোপ কৰা নাই। তথাপিও কিছুমান ৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ডে এই নম্বৰ ব্যৱহাৰৰ ক্ষেত্ৰত অঘোষিত নিষেধাজ্ঞা আৰোপ কৰা দেখা যায়। ইয়াৰ কাৰণ হৈছে যৌনতাৰ সৈতে 69 সংখ্য়াৰ সংযোগ আৰু ইয়াক দ্বি-অৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়।

খেলুৱৈসকলে সাধাৰণতে ১ ৰ পৰা ৯৯ ৰ ভিতৰত যিকোনো সংখ্যা বাচনি কৰিব পাৰে নিজৰ বাবে। যদিহে সেই সংখ্যাটো কোনোও গ্ৰহণ কৰা নাই। কিন্তু কিছুমান ক্ৰিকেট ব’ৰ্ডে 69 সংখ্যাটোক জাৰ্চীত ব্যৱহাৰৰ বাবে অযোগ্য বুলি গণ্য কৰে। সেইবাবেই ইয়াৰ ব্যৱহাৰ বন্ধ কৰি ৰাখিছে।

ক্ৰিকেটত 69 জাৰ্চী নম্বৰটো বিতৰ্কিত কিয়?

যদিও এইক্ষেত্ৰত কোনো আনুষ্ঠানিক নিষেধাজ্ঞা নাই, তথাপিও 69 সংখ্যাটোৰ যৌনতাৰ সৈতে সম্পৰ্কিত এক বিতৰ্ক আছে। যাৰ বাবে কিছুমান ৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ডে ইয়াক নিষিদ্ধ কৰিছে। তাৰ বাহিৰে ক্ৰিকেটাৰসকলে ইচ্ছা মতে সংখ্যা বাচনি কৰিব পাৰে।

নিউজীলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ এই সন্দৰ্ভত সিদ্ধান্ত কি?

বৰ্তমান ভাৰত ভ্ৰমণত আছে নিউজীলেণ্ড ক্ৰিকেট দল। তিনিখনীয়া এদিনীয়া শৃংখলাত ২-১ ত জয়লাভ কৰিছে আলহী দলটোৱে। তাৰ পাছতেই এতিয়া টি-২০ শৃংখলা চলিলে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত। পাঁচখনীয়া শৃংখলাৰ প্ৰথম দুখন মেচত জয়লাভ কৰিছে ভাৰতে।

নিউজীলেণ্ড ক্ৰিকেট ব’ৰ্ড সেইসমূহ ক্ৰিকেট ব’ৰ্ডৰ মাজত অন্যতম, যিয়ে 69 জাৰ্চী নম্বৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। দ্ৰুতবেগী বলাৰ লোকী ফাৰ্গুচনে দেশীয় ক্ৰিকেটৰ সময়ত 69 নম্বৰৰ জাৰ্চী পৰিধান কৰিছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেকৰ পাছতেই তেওঁ সেই জাৰ্চী নম্বৰ প্ৰত্যাহাৰ কৰে। নিউজীলেণ্ড ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিয়ে য়ে ১ ৰ পৰা ৯৯ লৈ কেৱল 69 য়েই একমাত্ৰ সংখ্য়া যিটো ব্যৱহাৰত নিষেধাজ্ঞা আছে। কাৰণ ই যৌনতাৰ এক বিশেষ অৰ্থ বহন কৰে।

আন ক্ৰিকেট ব’ৰ্ডে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে?

নিউজীলেণ্ডৰ বাহিৰে অৱশ্যে আন কোনো ক্ৰিকেট ব’ৰ্ডে আনুষ্ঠানিকভাৱে 69 নম্বৰৰ জাৰ্চী নিষিদ্ধ কৰা নাই। অৱশ্যে বহু খেলুৱৈয়ে অনাৱশ্যক বিতৰ্ক এৰাই চলিবলৈ এই সংখ্যাটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। অৱশ্যে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ দৰে দেশত এই সংখ্য়াৰ জাৰ্চীৰ ব্যৱহাৰ চেগাচোৰোকাকৈ দেখা যায়। কিন্তু ভাৰতত, এইক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই। বৰ্তমান ভাৰতীয় বেটছমেন কৰুণ নায়াৰে 69 নম্বৰৰ জাৰ্চী পৰিধান কৰে। অৱশ্যে এইক্ষেত্ৰত কোনো বিতৰ্কৰো অৱকাশ নাই।

জীৱনলৈ বেয়া সময় অহাৰ পূৰ্বে মানুহে লাভ কৰে এইবোৰ সংকেত! জানক...
বাঢ়িব পাৰে এই স্বাস্থ্যজনিত সমস্যা, কোনসকল লোকে ইলাচী খাব নালাগে ?
এই খাদ্যই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে, জানক কি কি নাখাব ?
আপোনাৰ ক্ষতি কৰিব নেকি কেঁচা অমিতাই! এনে সমস্যা আছে যদি নোখোৱাই ভাল
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...