অভিলেখ! আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত হ’ল পণ্ট

প্ৰত্যাশিতভাৱেই আই পি এলৰ চলিত মেগা নিলামত ধনৰ উজান উঠিল ভাৰতীয় দলৰ তাৰকা উইকেটৰক্ষক ঋষভ পণ্টৰ বাবে। এই নিলামত আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে পণ্ট। তাৰকা খেলুৱৈগৰাকীক অভিলেখ ২৭ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে।

অভিলেখ! আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত হ’ল পণ্ট

ঋষভ পণ্ট

Published: 

24 Nov 2024 | 05:11 PM

প্ৰত্যাশিতভাৱেই আই পি এলৰ চলিত মেগা নিলামত ধনৰ উজান উঠিল ভাৰতীয় দলৰ তাৰকা উইকেটৰক্ষক ঋষভ পণ্টৰ বাবে। এই নিলামত আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে পণ্ট। তাৰকা খেলুৱৈগৰাকীক অভিলেখ ২৭ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। পণ্টৰ পূৰ্বে শ্ৰেয়স আয়াৰে এই নিলামত আটাইতকৈ অধিক ধন লাভ কৰিছিল যদিও কিছু সময় পিছতে পণ্টৰ নামত এই অভিলেখ সন্নিৱিষ্ট হয়।

শ্ৰেয়স আয়াৰক বহু সময়জোৰা প্ৰতিদ্বন্দিতাৰ অন্তত অভিলেখ ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছিছিল পঞ্জাৱ কিংছে। ইফালে এই পণ্টৰ বাবে দিল্লী কেপিটেলছে আৰ টি এম কাৰ্ড প্ৰয়োগ কৰিছিল যদিও লক্ষৌৱে ২৭ কোটি টকাৰ নিবিদা আগবঢ়োৱাত আঁতৰি আহে দিল্লী। ইয়াৰ লগে লগে লক্ষৌৱে ইতিহাস সৃষ্টি কৰি বৃ্হৎ মূল্যৰ বিনিময়ত পণ্টক দলত অন্তৰ্ভুক্ত কৰে। আগন্তুক ছিজনত পণ্টক দলটোৰ অধিনায়কৰ ভূমিকাত দেখা যাব পাৰে।

চাওক এতিয়ালৈকে নিলামত বিক্ৰী হোৱা আনকেইগৰাকী খেলুৱৈ-

নিলামত প্ৰথমে ভাৰতীয় দলৰ তাৰকা পেচাৰ অৰ্শদীপৰ নাম আহে। আৰটিএম কাৰ্ড প্ৰয়োগেৰে ১৮ কোটি টকাত পঞ্জাৱ কিংছে ৰিটেইন কৰে অৰ্শদীপ সিঙক। অৰ্শদীপৰ বাবে হায়দৰাবাদে যথেষ্ট আগ্ৰহ দেখুৱাইছিল যদিও পঞ্জাৱে তাৰকা পেচাৰগৰাকীক ৰিটেইন কৰে।

ইফালে দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰ কেগিছো ৰাবাডাক ক্ৰয় কৰিছে গুজৰাট টাইটানছে। তাৰকা পেচাৰগৰাকীক ১০.৭৫ কোটি টকাত ক্ৰয় কৰে ফ্ৰেন্সাইজিটোৱে। উল্লেখ্য যে বিগত সংস্কৰণত ৰাবাডাক পঞ্জাৱ কিংছে ক্ৰয় কৰিছিল।

গুজৰাট টাইটানছে ইংলেণ্ডৰ তাৰকা উইকেটৰক্ষক জ’ছ বাটলাৰকো ১৫.৭৫ কোটি টকাত ক্ৰয় কৰিছে। বিগত সময়ছোৱাত জ’ছ বাটলাৰ ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ সদস্য আছিল। অংশ আছিল।

বিগত সংস্কৰণত আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱা মিচেল ষ্টাৰ্কক এইবাৰ ১১.৭৫ কোটি টকা লাভ কৰে। অষ্ট্ৰেলিয়ান পেচাৰগৰাকীক দিল্লী কেপিটেলছে আগন্তুক ছিজনৰ বাবে দলত অন্তৰ্ভুক্ত কৰে।

ইফালে ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামিক ৱানৰাইজাৰ্ছ হায়দৰাবাদে ১০ কোটি টকাৰ দৰত ক্ৰয় কৰিছে। আনহাতে টি-২০ ক্ৰিকেটৰ বিশেষজ্ঞ তাৰকা দক্ষিণ আফ্ৰিকান তাৰকা ডেভিড মিলাৰক লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ৭.৫০ কোটি টকাত ক্ৰয় কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...