আজি বহু প্ৰতীক্ষিত IPL ২০২৬ৰ নিলামঃ কোন হ’ব আটাইতকৈ দামী খেলুৱৈ? কপাল ফুলিবনে অসমৰ ছাদেকৰ
বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে পৰিগণিত আই পি এলৰ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়াৰ ওপৰত সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰে দৃষ্টি নিবদ্ধ হৈ থাকে। নিশ্চিতভাৱে আজিও তাৰ ব্যতিক্ৰম নহ’ব। এইবাৰ মিনি নিলামৰ পৰিপ্ৰেক্ষিতত কিছু হ্ৰাস পাব ধনৰ উজান। তথাপি কেইগৰাকীমান বিশেষ খেলুৱৈৰ বাবে ফ্ৰেন্সাইজিসমূহে ধন খৰচ কৰিবলৈ সাজু থাকিব।

আজি IPLৰ নিলাম
আজি অন্ত পৰিব ক্ৰিকেটপ্ৰেমীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ IPLৰ আগন্তুক ২০২৬ সংস্কৰণৰ বাবে খেলুৱৈৰ নিলাম। বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে পৰিগণিত আই পি এলৰ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়াৰ ওপৰত সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰে দৃষ্টি নিবদ্ধ হৈ থাকে। নিশ্চিতভাৱে আজিও তাৰ ব্যতিক্ৰম নহ’ব। নিলামত পছন্দৰ খেলুৱৈ ক্ৰয়ৰ বাবে প্ৰতিটো ফ্ৰেন্সাইজিয়ে ব্যয় কৰে প্ৰচুৰ ধন। অৱশ্যে এইবাৰ মিনি নিলামৰ পৰিপ্ৰেক্ষিতত কিছু হ্ৰাস পাব ধনৰ উজান।
তথাপি কেইগৰাকীমান বিশেষ খেলুৱৈৰ বাবে ফ্ৰেন্সাইজিসমূহে ধন খৰচ কৰিবলৈ সাজু থাকিব। বিশেষকৈ হাতত অধিক ধন লৈ নিলামত অৱতীৰ্ণ হোৱা কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত পছন্দৰ খেলুৱৈ ক্ৰয়ৰ বাবে প্ৰত্যাহ্বান দেখা পোৱাৰ সম্ভাৱনা আছে।
নিলামত ৩৬৯ জন খেলুৱৈৰ নাম
আজি বিয়লি ২.৩০ বজাৰ পৰা খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হ’ব। নিলামৰ বাবে মুঠ ৩৬৯ জন খেলুৱৈৰ নাম পঞ্জীয়ন কৰা হৈছে। অৱশ্যে ইয়াৰে ভিতৰত খালী স্থান পূৰণৰ বাবে সৰ্বাধিক ৭৭ জন খেলুৱৈ ক্ৰয় কৰিব পাৰিব ফ্ৰেন্সাইজিসমূহে। গতিকে নিজকে শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ প্ৰতিটো দলেই সাৱধানে খৰচ কৰিব বিচাৰিব নিলামত।
কোন হ’ব আটাইতকৈ দামী!
এইবাৰৰ মিনি নিলামত সৰ্বাধিক চৰ্চিত হৈছে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণৰ নাম। তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে বিগত ছিজনত আঘাতৰ সমস্যাৰ বাবে নিলামত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাছিল। কিন্তু এইবাৰ তেওঁৰ নাম সম্ভাৱ্য দামী খেলুৱৈ হিচাপে আলোচিত হৈছে।
গ্ৰীণৰ বাবে কলকাতা আৰু চেন্নাই দুয়োটা দলেই যে তীব্ৰ নিবিদা যুঁজত নামিব, তাৰ পূৰ্ণ সম্ভাৱনা আছে। একেদৰে জ’ছ ইংলিছ, ডেভিড মিলাৰ, জেমি স্মিথ, মেট হেনৰী, লিয়াম লিভিংষ্ট’ন, মথিছা পাথিৰানা, ভেংকটেছ আয়াৰৰ নামো দামী খেলুৱৈৰ তালিকাত আহিব পাৰে। নিলামত কোনো অখ্যাত খেলুৱৈও ক্ষণিকৰ ভিতৰতে হৈ পৰিব পাৰে কোটিপতি।
সুযোগ পাবনে ছাদেকে?
ইফালে অসমৰ ক্ৰিকেটপ্ৰেমীৰ নিলামত দৃষ্টি নিবদ্ধ থাকিব এগৰাকী বিশেষ খেলুৱৈৰ ওপৰত। তেওঁ হৈছে অসম সন্তান শিৱসাৰৰ ছাদেক হুছেইন। যুৱ পেচাৰগৰাকীয়ে ৩০ লাখ টকাৰ শিতানত নাম পঞ্জীয়ন কৰিছে। নিজৰ দ্ৰুত গতিৰ বাবে পৰিচয় লাভ কৰা ছাদেকে শেহতীয়াকৈ ছৈয়দ মুস্তাক আলী ট্ৰফীত সুযোগ পোৱা মেচত শক্তিশালী প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল।
যদি আজি নিলামত কোনো ফ্ৰেন্সাইজিয়ে ছাদেকৰ প্ৰতি আগ্ৰহ দেখুৱায়, ৰাজ্যৰ তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে আই পি এলত অংশ লোৱাৰ গৌৰৱ অৰ্জন কৰিব। ইতিপূৰ্বে অসমৰ আবু নেচিম আহমেদ আৰু ৰিয়ান পৰাগে আই পি এলত অংশ লৈছে। আবুৱে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুক প্ৰতিনিধিত্ব কৰা বিপৰীতে ৰিয়ানে ৰাজস্থান ৰয়েলছৰ হৈ খেলি আহিছে।