আই পি এল ২০২৬ৰ নিলামক লৈ ডাঙৰ খবৰঃ এই দিনটোত হ’ব খেলুৱৈৰ নিলাম…
উল্লেখ্য যে আই পি এল ২০২৫ৰ বাবে খেলুৱৈৰ নিলাম চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হৈছিল। ২০২৪ চনৰ ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই মেগা নিলাম। এতিয়া পৰৱৰ্তী আই পি এলৰ নিলাম ক’ত অনুষ্ঠিত হ’ব, সেই লৈ ক্ৰিকেটপ্ৰেমীৰ মনত প্ৰশ্নৰ উদয় হ’ব পাৰে।

IPL নিলাম সন্দৰ্ভত ডাঙৰ আপডেট
ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল ২০২৫ৰ মেগা নিলামত খেলুৱৈৰ দৰে সৃষ্টি কৰিছিল ইতিহাস। এতিয়া পোহৰলৈ আহিছে আই পি এল ২০২৬ৰ খেলুৱৈ নিলাম সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট। প্ৰকাশ পাইছে প্ৰতিযোগিতাৰ আগন্তুক সংস্কৰণৰ খেলুৱৈ নিলামৰ তাৰিখ। লগতে খেলুৱৈৰ ৰিটেনশ্যন সন্দৰ্ভতো আহিছে এক ডাঙৰ আপডেট।
ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম। ডিচেম্বৰৰ দ্বিতীয় বা তৃতীয় সপ্তাহত খেলুৱৈৰ নিলাম হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। সেই অনুসৰি ১৩ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত নিলাম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আনহাতে ফ্ৰেঞ্চাইজিসমূহে ১৫ নৱেম্বৰলৈকে খেলুৱৈ নিলাম সন্দৰ্ভত তালিকা প্ৰকাশৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। সকলো ফ্ৰেঞ্চাইজিয়ে এই তাৰিখৰ ভিতৰত নিজৰ ৰিটেইনড খেলুৱৈৰ নামৰ তালিকা প্ৰকাশ কৰিব লাগিব। আই পি এল ২০২৫ৰ বাবে মেগা নিলাম অনুষ্ঠিত হৈছিল। গতিকে এইবাৰ খেলুৱৈৰ মিনি নিলাম সম্পন্ন হ’ব।
ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?
উল্লেখ্য যে আই পি এল ২০২৫ৰ বাবে খেলুৱৈৰ নিলাম চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হৈছিল। ২০২৪ চনৰ ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই মেগা নিলাম। এতিয়া পৰৱৰ্তী আই পি এলৰ নিলাম ক’ত অনুষ্ঠিত হ’ব, সেই লৈ ক্ৰিকেটপ্ৰেমীৰ মনত প্ৰশ্নৰ উদয় হ’ব পাৰে।
ক্ৰিকবাজৰ মতে, এই নিলাম বিগত ভাৰতত হ’ব নে বিদেশত অনুষ্ঠিত হ’ব, সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই। আগন্তুক সময়তহে এই তথ্য পোহৰলৈ আহিব। এই নিলামৰ বাবে বহুকেইজন তাৰকা খেলুৱৈ নিলাম তালিকাত থকাৰ সম্ভাৱনা আছে।