হাতত পেং লৈ খেলপথাৰত দ্ৰাবিড়ঃ ৰিয়ানকো দিলে পৰামৰ্শ, পিছে কেনেকৈ পালে আঘাত

দীৰ্ঘসময়ৰ পিছত এইবাৰ আই পি এলত দেখা যাব কিংবদন্তি তাৰকা ৰাহুল দ্ৰাবিড়ক। ৰাজস্থান ৰয়েলছে দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পিছত এতিয়া দলৰ অনুশীলনৰ সময়ত তেওঁক দেখিবলৈ পোৱা গৈছে। কিন্তু এই সময়ত হাতত পেং লৈ থকা দেখিবলৈ পোৱা গৈছে ৰাহুল দ্ৰাবিড়ক।

হাতত পেং লৈ খেলপথাৰত দ্ৰাবিড়ঃ ৰিয়ানকো দিলে পৰামৰ্শ, পিছে কেনেকৈ পালে আঘাত

হাতত পেং লৈ অনুশীলনস্থলীত দ্ৰাবিড়

Published: 

13 Mar 2025 | 07:09 PM

চেম্পিয়নছ ট্ৰফী সমাপ্ত হোৱাৰ পিছত এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত আইপিএলৰ চৰ্চা। বিশ্বৰ আটাইতকৈ ধনাঢ্য ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ ১৮ সংস্কৰণ অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। এই প্ৰতিযোগিতাৰ বাবে এতিয়া ক্ৰিকেটপ্ৰেমীয়ে যথেষ্ট উৎকণ্ঠাৰে অপেক্ষা কৰিছে। দীৰ্ঘসময়ৰ পিছত এইবাৰ আই পি এলত দেখা যাব কিংবদন্তি তাৰকা ৰাহুল দ্ৰাবিড়ক। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব সামৰাৰ পিছত এতিয়া পুনৰ আই পি এললৈ প্ৰত্যাৱৰ্তন ঘটাইছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল ৰাজস্থান ৰয়েলছে। ইতিপূৰ্বেও ফ্ৰেন্সাইজিটোৰ সৈতে কাম কৰা দ্ৰাবিড়ে আগন্তুক ছিজনতে পুনৰ এবাৰ এই গুৰু দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে। প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে ৰাজস্থান ৰয়েলছে আৰম্ভ কৰিছে প্ৰস্তুতি। দ্বিতীয়টো খিতাপৰ লক্ষ্যৰে দলটোৰ খেলুৱৈসকলে নিয়মীয়া অনুশীলন চলাই থকা পৰিলক্ষিত হৈছে।

দলৰ অনুশীলনৰ সময়ত এতিয়া দেখা গৈছে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কো। কিন্তু অনুশীলনস্থলীত দ্ৰাবিড়ক হাতত পেং লৈ থকা দৃশ্যই ক্ৰিকেটপ্ৰেমীৰ মনত শোকৰ সৃষ্টি কৰিছে। এনে অৱস্থাত দ্ৰাবিড়ক দেখি স্তম্ভিত হৈ পৰিছে অনুৰাগীসকলো। লগতে ফ্ৰেন্সাইজিটোৰ খেলুৱৈ তথা সদস্যসকলো দ্ৰাবিড়ক তেনেদৰে দেখি আচৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। পিছে দ্ৰাবিড়ে এইদৰে হাতত পেং ল’বলগা হ’ল কিয়?

ৰাজস্থান ৰয়েলছে শ্বেয়াৰ কৰিছে ৰাহুল দ্ৰাবিড়ে হাতত পেং লৈ অনুশীলনস্থলীত উপস্থিত হোৱা দৃশ্যৰ ভিডিঅ’। অনুশীলনস্থলীত উপস্থিত হোৱাৰ পিছত ৰাহুল দ্ৰাবিড়ে প্ৰথমে সকলো খেলুৱৈৰ সৈতে হাত মিলায়। ফ্ৰেন্সাজিটোৰ গুৰুত্বপূৰ্ণ সদস্য তথা অসম সন্তান ৰিয়ান পৰাগকো দ্ৰাবিড়ৰ সৈতে বাৰ্তালাপ কৰা দেখিবলৈ পোৱা যায়। ইতিপূৰ্বে দ্ৰাবিড়ৰ তত্বাৱধানতে ৰিয়ানে ভাৰতৰ হৈ ১৯ অনুৰ্ধ বিশ্বকাপ জয় কৰিছিল।

এতিয়া দ্ৰাবিড়ৰ প্ৰশিক্ষণত ৰিয়ান পৰাগে প্ৰথমবাৰৰ বাবে আই পি এল ট্ৰফীতো চুম্বন দিয়াৰ সুযোগ পাব বুলি ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে আশা কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ ৰাহুল দ্ৰাবিড়ে গৃ্হ চহৰ বাংগালুৰুত এক ক্ৰিকেট মেচত অংশ লৈছিল। এই খেলৰ সময়তে ভৰিত আঘাত পাইছিল দ্ৰাবিড়ে। তেওঁৰ আঘাত সন্দৰ্ভত ৰাজস্থন ৰয়েলছে এক আপডেট প্ৰকাশ কৰি লাহে লাহে তেওঁ আৰোগ্য লাভ কৰিছে বুলি সদৰী কৰিছিল।

দলটোৰ অনুশীলনস্থলীৰ শেহতীয়া দৃশ্যৰ পৰা এতিয়া দ্ৰাবিড়ে দলৰ সৈতে যোগদান কৰা বুলি স্পষ্ট হৈ পৰিছে। অহা ২৩ মাৰ্চত দলটোৱে এই ছিজনৰ অভিযান আৰম্ভ কৰিব। ছিজনত নিজৰ প্ৰথমখন মেচত ৰাজস্থান সন্মুখীন হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ। এই মেচখন হায়দৰাবাদত অনুষ্ঠিত হ’ব। এতিয়া দ্ৰাবিড়ৰ নেতৃত্বত প্ৰতিযোগিতাৰ উদ্বোধনী বৰ্ষৰে চেম্পিয়ন দলটোৱে পুনৰ এবাৰ খিতাপ জয় কৰিব পাৰেনে, সেয়া হ’ব লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...